ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন
Published on
Updated on

ডিজিটেল সংবাদ, ঘিলামৰাঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ৩১ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন আৰু মুকলি সভাখন দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে আৰু শনিবাৰে ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অধিৱেশনৰ প্ৰথম দিনা পুৱা বৃক্ষৰোপন কৰে শিক্ষাবিদ গঙ্গেশ্বৰ বৰুৱাই, পতাকা উত্তোলন কৰে জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াই আৰু শ্বহীদ তৰ্পন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি টুনিৰাম মেদকে।

পুৱা ১০বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি আৰু বিষয় বাচনি সভাখন উদ্বোধন কৰে শিক্ষাবিদ চেনীৰাম বৰুৱাই আৰু সভাপতিত্ব কৰে জিলা সভাপতি অতুল চুতীয়াই। প্ৰতিনিধি সভাত পুনৰ অতুল চুতীয়াক সভাপতি আৰু সুনীল কুমাৰ দত্তক সম্পাদক, প্ৰফুনাথ মেদকক ৰাজ্যিক সদস্য, হেমেন কলিতা আৰু দ্বীপেন দাসক উপ সভাপতি, মহেন্দ্ৰ নাথ চিন্তে আৰু থানেশ্বৰ বৰুৱাক সহকাৰী সম্পাদক হিচাপে লৈ ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিয়দৰ নতুন কমিটি গঠন কৰা হয়।

শনিবাৰে পুৱা ৮বজাত কুইজ প্ৰতিযোগিতা, পুৱা ৯বজাত অনুষ্ঠিত হোৱা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু কীৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানটো উদ্বোধন কৰে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা ললিত দাসে। দুপৰীয়া ১২বজাৰ পৰা জিলা সভাপতি অতুল চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাখন উদ্বোধন কৰে ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্তিক কলিতাই।

মুকলি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান দিলীপ কলিতা, মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতা, সভাপতি দ্বীপেন শৰ্মা, সাংগঠনিক সম্পাদক জীৱন গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হীৰা দত্ত, লখিমপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি দিগন্ত নেওঁগ, সাধাৰণ সম্পাদক প্ৰশান্ত শইকীয়া ,মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ত্ৰিদিপ হাজৰিকা, ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি দিব্য দত্ত, সাধাৰণ সম্পাদক হেমচন্দ্ৰ ফুকনকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in