ঘূনাসুঁতিৰ এৰা সোৱণশিৰী নদীত নাও দুৰ্ঘটনা...

২৫ শিক্ষাৰ্থীৰ কোনোমতে প্ৰাণৰক্ষা
ঘূনাসুঁতিৰ এৰা সোৱণশিৰী নদীত নাও দুৰ্ঘটনা...
ঘূনাসুঁতিৰ এৰা সোৱণশিৰী নদীত নাও দুৰ্ঘটনা...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: লখিমপুৰ জিলাৰ ঘূনাসুঁতিত ভয়ংকৰ নৌকা দুৰ্ঘটনা । এখন শিক্ষাৰ্থী ভৰ্তি মাৰ নাও মৰা সোৱণশিৰী নদীৰ বুকুত ডুব যোৱাৰ ফলত প্ৰায় ২৫ ৰো অধিক শিক্ষাৰ্থী ডুব যায় ।

সোমবাৰে বিয়লি প্ৰায় ১-৩০ বজাত সংঘটিত হৈছে এই শিহৰণকাৰী নৌকা দুৰ্ঘটনা । ঘটনাৰ বিবৰণী অনুসৰি লখিমপুৰ সদৰ থানাৰ পানী গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ঘূণাসুঁতি পঞ্চায়তৰ মৰা সোৱণশিৰী নদীৰ চলি চুক মাহৰা ঘাট পাৰ হৈ মিৰিজীয়ৰী মহাবিদ্যালয় আৰু ঘূনাসুঁতি বালিকা বিদ্যালয়ৰ প্ৰায় ২৫ গৰাকী শিক্ষাৰ্থী ঘৰলৈ উভতিছিল ।

নদীৰ বুকুত নৌকা যাতায়তৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত লেচীৰ মাৰ নাওখনেৰে নদী পাৰ হোৱাৰ সময়তে অকস্মাত নদীৰ বুকুত ডুব যায় নাওখন। ভৰুণ নদীৰ বুকুত সকলো শিক্ষাৰ্থী অকস্মাত ডুব যোৱাত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

নাওখনৰ চালকো ডুব যোৱাৰ পাছত ওচৰতে নদীৰ বুকুত বাঁহৰ দলং নিৰ্মাণ কৰি থকা মিচিং জাতীয় সংগঠনৰ কৰ্মীসকলে দেখি সাঁতুৰী গৈ জীৱন্তে সকলো ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজেও নদীৰ বুকুত নামি ডুব যোৱা শিক্ষাৰ্থীসকলক নিৰাপদে উদ্ধাৰ কৰি পাৰলৈ আনে।

কিন্তু ছাত্ৰ-ছাত্ৰী সকলৰ কিতাপৰ সৈতে বেগ,চাইকেল সহ সকলো সামগ্ৰী নদীত ডুব যায়। পাছত স্থানীয় ৰাইজে গুৰুতৰ ভাবে আহত আৰু পানী খোৱা ছাত্ৰ-ছাত্ৰী সকলক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

চিকিৎসালয়ত প্ৰায় ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসা প্ৰদান কৰা হয় ক্ষীপ্ৰতাৰে । সম্প্রতি অসুস্থ ছাত্ৰ-ছাত্ৰীসকল প্ৰায় সুস্থ হৈ উঠিছে । নাওবৈছা সমষ্টিৰ চলিচুক মাহহৰাৰ এই পাৰ ঘাটটোৰ নৌকা পৰিবহনৰ বাবে যিগৰাকী লেচী মেনে পাংগিংক দায়িত্ব প্ৰদান কৰা হৈছিল তেওঁৰ ওপৰত ক্ষোভ উজাৰিছে অঞ্চলবাসী ৰাইজে।

অত্যাধিক সুৰা পান কৰি এজন দায়িত্বহীন নৌকা চালকে নাওখন চলোৱাৰ বাবেই এই ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। সৌভাগ্য ক্ৰমে স্থানীয় ৰাইজৰ তৎপৰতাত কোনো শিক্ষাৰ্থীৰ প্ৰাণ হানি নহ'ল যদিও এনে মাতাল ব্যক্তিক কিয় ইমান দায়িত্বপূৰ্ণ কৰ্তব্যত নিয়োজিত কৰিলে লেচী পাংগিংয়ে তাৰ ওপৰত এক নিৰপেক্ষ তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে।

ইপিনে বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণী ভিত্তিক পাঠ্যপুঁথি শিক্ষা বিভাগে প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজ, সংগঠনে । স্মৰ্তব্য যে উক্ত নদীৰ ওপৰত চৰকাৰে ইতিমধ্যে দুখন কাঠৰ দলং নিৰ্মাণ কৰিছিল।কিন্তু অতি কম সময়ৰ ভিতৰতে দুয়োখন দলং ভাগি নিঃশেষ হোৱাত এনে বিপর্যয়ৰ সূত্ৰপাত ঘটিল। চৰকাৰী পক্ষৰ ঘূণাসুঁতিবাসীৰ প্ৰতি এনে উদাসীন ভূমিকাত ৰাইজ অতিষ্ঠ আৰু সোচ্চাৰ হৈ পৰিছে।

ঘূনাসুঁতিৰ এৰা সোৱণশিৰী নদীত নাও দুৰ্ঘটনা...
প্ৰতিবাদৰ নামত সামাজিক মাধ্যমত কিয় এই নিৰ্যাতন?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in