চিমেন নদীত উদ্ধাৰ নিৰুদ্দিষ্ট ডিব্ৰুগড়ৰ যুৱকৰ মৃতদেহ...

চিমেন নদীত  উদ্ধাৰ নিৰুদ্দিষ্ট ডিব্ৰুগড়ৰ  যুৱকৰ মৃতদেহ...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ডিব্ৰুগড়ৰ পৰা গ্ৰীষ্মবন্ধত ফুৰিবলৈ আহি সন্ধানহীন হোৱা ডিব্ৰুগড়ৰ এজন যুৱকৰ অৱশেষত সন্ধান ওলাল। শুকুৰবাৰে পুৱা ৰে'ল যোগে  আহি ধেমাজি জিলাৰ চিমেন চাপৰিত উপস্থিত হৈছিল ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ আজিতেশ( তুনা) হাজৰিকা(১৬) সহ ৭জনীয়া  সহপাঠী সতীৰ্থৰ দলটো। বিয়লি উভতি যোৱাৰ পৰিকল্পনা কৰি যুৱকৰ দলটো চিমেন নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ নদীৰ পাৰত উপস্থিত হৈ চেল্ফি মাৰোতেই অসাৱধানবশতঃ নদীত পিছলি পৰিছিল। 

চিমেন চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চিমেন নদীৰ কোৱাল সোঁতত উটি যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ সোমবাৰে উদ্ধাৰ কৰা হৈছে । চিমেন চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত মাজগাঁও দলঙৰ ওচৰত উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ। এছ ডি আৰ এফ বাহিনীয়ে সন্ধান চলাই সোমবাৰে দুপৰীয়া প্ৰায় ১২বজাত মৃতদেহ উদ্ধাৰ কৰে। পৰিয়ালৰ তৰফৰ পৰা যুৱকজনৰ মৃতদেহ চিনাক্ত কৰা হৈছে । এই সন্দৰ্ভত এক গোচৰো পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে যুৱকজন ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান কনিষ্ঠ মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ প্ৰথম বর্ষৰ ছাত্র আছিল।

চিমেন নদীত  উদ্ধাৰ নিৰুদ্দিষ্ট ডিব্ৰুগড়ৰ  যুৱকৰ মৃতদেহ...
কিমানৰ প্ৰাণ গ'লে বান সমস্যা নিৰ্মূল হ'ব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in