লখিমপুৰত ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সাংগঠনিক সভা

আম আদমি পাৰ্টীৰ ছাত্র সংগঠন 'ছাত্র যুব সংগ্রাম সমিতি'ৰ সাংগঠনিক সভা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ সাংগঠনিক সভা

ডিজিটেল সংবাদ, লখিমপুৰঃ আম আদমি পাৰ্টীৰ ছাত্র সংগঠন 'ছাত্র যুব সংগ্রাম সমিতি'ৰ এখন সাংগঠনিক সভা শুকুৰবাৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। ছাত্ৰ সংগঠটোৰ ৰাজ্যিক সম্পাদক মিল্টন বুঢ়াগোঁহাই আৰু কলেজ গোটৰ সভাপতি বেণী মাধৱ বুঢ়াগোঁহাইৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত লখিমপুৰ মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অৰবিন্দ কেজৰিৱাল মূল্যবোধ, আদর্শ, সততা আৰু কামৰ ৰাজিনীতিৰ প্ৰতি আকৃষ্ট হৈ সংগঠটোত যোগদান কৰে।

আদৰণি ভাষণত সম্পাদক মিলন্ট বুঢ়াগোঁহায়ে নতুনকৈ যোগদান কৰা সকলোকে উষ্ম আদৰণি জনাই শেহতীয়াকৈ বিজেপিৰ ছাত্ৰ সংগঠন হিচাপে পৰিচিত এবিভিপিত কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপকে যোগদান কৰাৰ কথাটোৱে সকলোকে যথেষ্ট উদ্বিগ্ন কৰি তুলিছে বুলি উল্লেখ কৰে। লগতে কয় যে বিজেপিৰ লগত জড়িত হ'লে কোনো শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নহয়, কিন্তু সমাজৰ স্বাৰ্থত এক প্ৰতিবাদত অংশ লোৱাৰ বাবে শিক্ষকক শাস্তি দিয়া হয়। সংগঠটোৱে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডক অধ্যাপকসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বৰ্তমান সময়ত অসমত ছাত্র- ছাত্ৰীয়ে সন্মুখীন হৈ থকা প্ৰতিটো সমস্যাৰ শীঘ্ৰে সমাধানৰ বাবে দাবী জনায়।

Also Read: প্ৰসংগ- চুপাৰি মাফিয়াক ধন দাবীঃ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক তলব CIDৰ

aam admi party aam aadmi party assam