ডিজিটেল সংবাদ, ঢকুৱাখনা: গেৰুৱা দলৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আছিল শাসনলৈ আহিলে ১০০ দিনৰ ভিতৰত অসমৰ খিলঞ্জীয়া ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ। কিন্তু বাস্তৱত সেয়া নহ'ল।
ভূমিপুত্ৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক নিৰ্বাচনী ইছ্যু কৰি শাসনৰ বাবে ক্ষমতা কুক্ষিগত কৰা গেৰুৱা বাহিনীৰ নায়ক নৰেন্দ্ৰ মোডীয়ে প্ৰকৃতাৰ্থত থলুৱা ৬ জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণা কৰিলে। মিছা আৰু প্ৰবঞ্চনাত সিদ্ধহস্ত বিজেপি দল চৰকাৰে এটা দশক ধৰি কৰি অহা এনে প্ৰতাৰণা প্ৰবঞ্চনাৰ বিৰুদ্ধে অচিৰেই ৰাজনৈতিক সিদ্ধান্ত ল'ব খিলঞ্জীয়া প্ৰাপ্য বঞ্চিত ৬ জনগোষ্ঠীয়ে।
বুধবাৰে এই সকীয়নী দিলে চুতীয়া যুৱ সন্মিলন অসমে। ঢকুৱাখনা প্ৰেছ গীল্ডৰ কাৰ্যালয়ত দুপৰীয়া অনুষ্ঠিত এখন সংবাদমেলত যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াই কয় একালৰ ছাত্ৰ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কথাকৈ ডিঙি ফুলাই ভাষণ দি ক্ষমতা আহৰণ কৰিও ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মৌনহৈ বহি আছে।
ক্ষমতাৰ লালসাত, মন্ত্ৰীত্ব সুৰক্ষিত কৰিবলৈ মৌনব্ৰত পালন কৰি অহা সৰ্বানন্দ সোণোৱালক চুতীয়াই প্ৰত্যাহ্বান জনাই ভূমিপুত্ৰসকলৰ প্ৰাপ্য জনজাতিকৰণৰ স্বীকৃতি অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভিতৰত নকৰিলে এনে প্ৰতাৰক ৰাজনৈতিক দলৰ বিৰুদ্ধে সুকীয়া ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে।
তাৰোপৰি অহা ১৯ অক্টোবৰত সন্মিলনৰ উদ্যোগত প্ৰতাৰক গেৰুৱা দল আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি ঘোষণা কৰে। উক্ত দিনা ৰাজধানী দিছপুৰৰ জনতা ভৱন ঘেৰাও কৰি ভূমিপুত্ৰসকলৰ ন্যাৰ্য দাবী প্ৰদানলৈ পিঠি দিয়া প্ৰতাৰক চৰকাৰক উচিত গণতান্ত্ৰিক শিক্ষা প্ৰদান কৰা হ'ব বুলি কৈ সংগ্ৰামী কাৰ্যসূচী ঘোষণা কৰে।
তাৰোপৰি এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বেপৰোৱা স্থিতিৰ প্ৰতিবাদত মন্ত্ৰীগৰাকী যেতিয়াই অসমলৈ আহিব তেতিয়াই প্ৰবঞ্চিত জনগোষ্ঠীসমূহে মন্ত্ৰীগৰাকীক ঘেৰাও কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কয়।
কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ভবেশ বৰুৱা, ঢকুৱাখনা জিলা সমিতিৰ সভাপতি পুলিন বৰুৱা, সাধাৰণ সম্পাদক অজিত বৰুৱা, সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক তপন চুতীয়া আদি উপস্থিত থকা সংবাদমেলত অংশগ্ৰহণ কৰি যুৱ সন্মিলন,অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মোহন চন্দ্ৰ শইকীযাই ২০০২ চনৰ পৰাই জনগোষ্ঠীকৰণৰ দাবীত আৰম্ভ হোৱা এই প্ৰাপ্য বিচৰা গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি যদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ২০২৬ চনৰ ভিতৰত ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অহা নিৰ্বাচনৰ কালত ঐক্যবদ্ধ শক্তিৰে এনে প্ৰতাৰক মিছলিয়া দলৰ চৰকাৰক উপযুক্ত ৰাজনৈতিক শিক্ষা প্ৰদান কৰা হব বুলি সকীয়াই দিয়ে।
Also Read: মোডী নহয়, ৰাজীৱ গান্ধীহে কাজিৰঙা পৰিদৰ্শন কৰা প্ৰথম প্ৰধানমন্ত্ৰী...