''উইকেন"ৰ উদ্যোগত নাট কৰ্মশালাৰ বৰ্ণাঢ্য সামৰণি...

নাট্য একাডেমীৰ বঁটা প্ৰাপক, নাট্য সাধক গুণাকৰ দেৱ গোস্বামীক বিশেষ ভাবে সম্বৰ্ধনা
উইকেন"ৰ উদ্যোগত নাট কৰ্মশালাৰ বৰ্ণাঢ্য  সামৰণি...
উইকেন"ৰ উদ্যোগত নাট কৰ্মশালাৰ বৰ্ণাঢ্য সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: নাট্য চিন্তন, কৰ্ষণ আৰু পৰিবেশনৰ ক্ষেত্ৰত নতুন দিগন্ত বিচাৰি যুগজয়ী সাংস্কৃতিক যাত্ৰা অব্যাহত ৰখা কৃষি ভিত্তিক সংগঠন "উইকেন"। ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ গন্ধিয়া অঞ্চলৰ অগ্ৰণী সাংস্কৃতিক মঞ্চ "উইকেন"ৰ উদ্যোগত আৰু গন্ধিয়া নৱজ্যোতি নাট্য সংঘৰ সহযোগত অনুষ্ঠিত গ্ৰীষ্মকালীন নাট্য কৰ্মশালাৰ বুধবাৰে সফল সমাপ্তি ঘটে।

বিগত এপষেক ধৰি নৱজ্যোতি নাট্য সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নাট্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান বুধবাৰে বিয়লি গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয় ষ্টেডিয়াম প্ৰাঙ্গনত অনুষ্ঠিত হয়। গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ উপলক্ষত বন্তি প্ৰজ্বলন কৰে নাট্য কৰ্মী যোগেশ বিকাশ সন্দিকৈয়ে।

অঞ্চলটোৰ শতাধিক সংস্কৃতি প্ৰেমী, দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ সুনিপুন আৰু হৃদয়স্পৰ্শী অভিনয় কলা প্ৰদৰ্শন কৰা হয়।"উইকেন"ৰ পৰিচালক নাট্য কৰ্মী ৰঞ্জিত শৰ্মাই আঁতধৰা সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে নাট্য কৰ্মী পলাশ প্ৰতিম দিহিঙীয়া, নীৰৱ নাট প্ৰশিক্ষক ক্ষীৰোদ নেওগ, মনোজ বৰুৱা, দেৱকান্ত দত্ত,ৰবীন কোচ, নৱজ্যোতি নাট্য সংঘৰ উপদেষ্টা প্ৰদীপ শৰ্মা, চন্দ্ৰ শৰ্মা, তনুৰাম চুতীয়া গীতাঞ্জলি বৰুৱা, ভাস্কৰ শইকীয়া, হৰেন  চুতীয়া, দুলাল চুতীয়া, বিপুল শইকীয়া, ধৰণী শইকীয়া আদি উপস্থিত থাকে।

অনুষ্ঠানত এপষেকীয়া প্ৰশিক্ষনৰ প্ৰশিক্ষক নাট্য একাডেমীৰ বঁটা প্ৰাপক, নাট্য সাধক গুণাকৰ দেৱ গোস্বামীক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত কিশোৰ অভিনেতা মাধুৰ্য বৰুৱা, ভৈৰব জ্যোতি ফুকন, জয়ন্ত চুতীয়া, নিহাৰীকা গগৈ, মাফুল গগৈ, কুলদ্বীপ ফুকন, দিব্য জ্যোতি শইকীয়া, ঘনশ্যাম বৰুৱা, ৰজলিন দিহিঙীয়া, মাইনা চুতীয়া, দৰ্শনা শৰ্মা, ইন্দ্ৰ মনি দাস,বেবী মনি গগৈ, লখিমী শইকীয়া, প্লাবিতা দাস, বিকাশ শইকীয়া,কুণ্ডলনী শইকীয়া অভিনীত এক নাট্যৰূপ মঞ্চস্থ কৰা হয়।

অনুষ্ঠানত প্ৰশিক্ষক নাট্য একাডেমী বঁটা প্ৰাপক গুণাকৰ দেৱ গোস্বামীযে চমু সাৱলীল বক্তব্য আগবঢ়াই। তাৰোপৰি ঢকুৱাখনাৰ নীৰৱ নাট্য সাধক ক্ষীৰোদ নেওগে শেষ হৈয়ো শেষ নোহোৱা এক নান্দনিক মুহূৰ্তৰ বিশ্লেষণাত্মক বক্তব্যৰে উপস্থিত কৃষ্টি প্ৰেমীসকলক আপ্লুত কৰে। অনুষ্ঠানতেই প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। উপস্থিত সংস্কৃতিপ্ৰেমীসকলে উদ্যোগক্তাসকলৰ এনে সময়োপযোগী পদক্ষেপৰ শলাগ লয়।

উইকেন"ৰ উদ্যোগত নাট কৰ্মশালাৰ বৰ্ণাঢ্য  সামৰণি...
বঢ়মপুৰত উপ-জিলা সদৰ কাৰ্যালয় স্থাপনৰ দাবীত বিধায়ক আৰু মুখ্যমন্ত্ৰীলৈ স্মৰাক পত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in