খেৰকটা মণ্ডলৰ কংগ্ৰেছ কৰ্মীৰ মত বিনিময়

খেৰকটা মণ্ডলৰ কংগ্ৰেছ কৰ্মীৰ মত বিনিময়
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভেঁটি সুদৃঢ় কৰাৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে ঢকুৱাখনা ব্লক কংগ্ৰেছে। ঢকুৱাখনা ব্লক কংগ্ৰেছৰ অন্তৰ্গত গাঁৱে ভূঞে লখিমপুৰ জিলা কংগ্ৰেছ, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ, মহিলা কংগ্ৰেছৰ লগতে যুৱ কংগ্ৰেছৰ একাংশ দলীয় নেতা কৰ্মীয়ে দলটোৰ সাংগঠনিক বুনিয়াদ মজবুত কৰাৰ বাবে ঘৰে ঘৰে অভিযান আৰম্ভ কৰিছে।

এই ধাৰাবাহিক অভিযানত অন্যতম প্ৰধান ভূমিকা পালন কৰিছে গোগামুখৰ এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিত দলেয়ে। ঢকুৱাখনাৰ কেঁকুৰী পমুৱাৰ বাসিন্দা ডঃ দলেয়ে সক্ৰিয় অংশ গ্ৰহণ কৰি বৃহস্পতিবাৰে খেৰকটা মণ্ডলত এখন বৈঠকত মিলিত হয়। খেৰকটা মণ্ডল কংগ্ৰেছৰ সভাপতি কুশৰাম দলে, মণ্ডল যুৱ কংগ্ৰেছৰ উপদেষ্টা ৰাজেশ পাতিৰ, মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি ছানি পেগু, প্ৰবীণ কংগ্ৰেছী দেৱৰাম মিলি, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক সূৰ্য পাতিৰ, জিলা এছ টি মৰ্চাৰ সভাপতি ৰমেন মিলি, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সংখ্যা লঘু কোষৰ সাধাৰণ সম্পাদক ৰাজীৱ খান, ব্লক মহিলা নেত্ৰী ভাৰতী হাজৰিকা, কুসুম দত্ত, বিজয় দলে,যুৱ কংগ্ৰেছৰ নেতা জাইল সিং আদিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক বুনিয়াদ শক্তিশালী কৰাৰ বাবে প্ৰতিগৰাকী নেতা কৰ্মীয়ে আত্মনিয়োগ কৰাৰ আহ্বান জনায় ডঃ দলেয়ে।

প্ৰতিষ্ঠান বিৰোধী ঢৌৰ লগতে শাসক দলৰ সীমাহীন জনবিৰোধী কাৰ্যৰ খতিয়ান ৰাইজৰ মাজত দাঙি ধৰি এই গেৰুৱা দলৰ অপ শাসনৰ কৰাল গ্ৰাসৰ পৰা ৰাইজ মুক্ত হোৱাৰ বাবে কংগ্ৰেছৰ বিকল্প নাই বুলি ডঃ দলেয়ে মন্তব্য কৰে। বৈঠকত মণ্ডল সভাপতি কুশ ৰাম দলেৰ লগতে ৰমেন মিলি , ছানি পেগু , সূৰ্য পাতিৰ ,ৰাজীৱ খান আদিয়ে চমু বক্তব্য আগবঢ়াই ।

খেৰকটা মণ্ডলৰ কংগ্ৰেছ কৰ্মীৰ মত বিনিময়
অসম লেখিকা সমাজৰ উদ্যোগত ডিফুত মাটি-মানুহ-সমন্বয় দিৱসৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in