কথা আৰু কামৰ সাদৃশ্য নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ঠিকাভিত্তিক কৰ্মচাৰী নামিব ধাৰাবাহিক আন্দোলনত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: নিজৰ জীৱন আৰু ভৱিষ্যতক তুচ্ছ জ্ঞান কৰি অতি নিষ্ঠা আৰু সততাৰে নিৰন্তৰ ধাৰাবাহিক সেৱা আগবঢ়াই অহা একাংশ কৰ্মচাৰীৰ প্ৰতি চৰম অবিচাৰ আৰু অন্যায় কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সুদীৰ্ঘ ২৬ টা বছৰে ৰাজ্যখনত 'যক্ষ্মা ৰোগ'ৰ দৰে মাৰাত্মক সংক্ৰমিত ৰোগ নিৰ্মূলকৰণত ব্ৰতী হৈ অহা ৰাজ্যখনৰ পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদৰ্শন কৰা দায়িত্বহীন ভূমিকাত অতিষ্ঠ হৈ পৰিছে এইসকল কৰ্তব্যপৰায়ন কৰ্মচাৰী।

প্ৰধানকৈ ৰাজ্যখনৰ ৫ শতাধিক কৰ্মঠ কৰ্মচাৰীৰ প্ৰতিনিধিত্বকাৰী উমৈহতীয়া সংগঠন  সদৌ অসম যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ঠিকা ভিত্তিক কৰ্মচাৰী সন্থাই এইক্ষেত্ৰত প্ৰকাশ কৰিছে তীব্ৰ অসন্তুষ্টি। সন্থাৰ দাবী কৰ্মচাৰীসকলৰ চাকৰি তাৎক্ষণিক ভাৱে  নিয়মীয়াকৰণ, দৰমহা বৃদ্ধি সহ অন্যান্য বহুকেইটা নাৰ্য প্ৰাপ্য আদায়ৰ দাবীৰ সমৰ্থনত যুগ যুগ ধৰি গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখি আহিছে সন্থাই।

বাৰম্বাৰ সন্থাৰ দাবীসমূহ কাৰ্যকৰী কৰাৰ আহ্বান জনাই অহাৰ পাছতো ৰাজ্যৰ  মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু বিভাগীয় আমোলা বিষয়াই কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহল। পৰিণতিত এইসকল কৰ্তব্যপৰায়ন কৰ্মচাৰীয়ে ঐক্যবদ্ধ হৈ প্ৰাপ্য বিচাৰি ৰাজ্যজুৰি ৰাজপথলৈ ওলাই অহাৰ অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিছে।

কৰ্মচাৰী সন্থাৰ সভাপতি গণেশ দত্ত, কাৰ্যকৰী সভাপতি ৰণজিৎ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰিয়াজউদ্দিন আহমেদে দেওবাৰে এই সিদ্ধান্ত ঘোষণা কৰিছে। যক্ষ্মা বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলে অহা ১৫ আগষ্টৰ পাছৰ পৰা ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনত নমাৰ সিদ্ধান্ত দোহাৰিছে সন্থাই।

সন্থাই  স্বাধীনতা দিৱসৰ পৰৱৰ্তী সময়ত কৰ্মবিৰতি, ধৰ্ণা, অৱস্থান ধৰ্মঘট আদি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্যজুৰি বিভাগীয় কাম কাজ ৰূপায়ন স্থবিৰ কৰি দিয়াৰ হুংকাৰ দিছে। সন্থাই অভিযোগ কৰা মতে ৰাজ্যৰ পাঁচ শতাধিক ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ঠিকাভিত্তিক কৰ্মচাৰীযে সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই অহাৰ সময়ছোৱাত ইতিপূৰ্বে ১৭ গৰাকী কৰ্মচাৰীয়ে কৰ্ম সেৱা প্ৰদান কৰি অহা অৱস্থাতে মৰ্মান্তিক ভাবে অকাল মৃত্যুক সাৱটি লৈছে। 

কৰ্তব্যৰত অৱস্থাতে মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ মাত্ৰ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে অসম চৰকাৰে। জীৱন আৰু জীৱিকাৰ কঠোৰ প্ৰত্যাহ্বানকো নেওচি ন্যস্ত সেৱা আগবঢ়াই যোৱা কৰ্মচাৰীসকলৰ জীৱন আৰু ভৱিষ্যতৰ উচিত মৰ্য্যাদা প্ৰদান নকৰা চৰকাৰৰ এনে উদাসীনতা আৰু বঞ্চনাৰ বিৰুদ্ধে সবল আৰু ধাৰাবাহিক গণ সংগ্ৰামত নমাৰ সিদ্ধান্ত ব্যক্ত কৰে সন্থাই।

স্মৰ্তব্য যে, ১৯৯৮ চনৰ পৰা অসমত আৰম্ভ হোৱা সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিখন পৰৱৰ্তীকালত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিলৈ ৰূপান্তৰিত কৰি ২০২৫ চনৰ ভিতৰত যক্ষ্মা মুক্ত ভাৰত গঢ়াৰ সংকল্প লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত দিনে নিশাই ৰাজ্যত যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ পাঁচ শতাধিক কৰ্মচাৰী ব্ৰতী হৈ আছে। বিগত ২৬ বছৰ ধৰি সেৱা আগবঢ়াই অহা ৰাজ্যখনৰ এই কৰ্মচাৰী সকলক আৰ অ' পি মতে দৰমহা দিয়া হোৱা নাই।

কৰ্মীসকলক প্ৰাপ্য ভ্ৰমণ বানছ প্ৰদানতো গুৰুত্ব দিয়া নাই। ইতিমধ্যেই উত্তৰ প্ৰদেশ, পশ্চিম বংগ, অৰুণাচল, মণিপুৰ, ছিক্কিম আদিৰ ৰাজ্য চৰকাৰসমূহে ৰাজ্যসমূহৰ এইসকল বিভাগীয় ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰি দৰমহা বৃদ্ধি কৰিছে।

অথচ অসমত নিয়োজিত ৫ শতাধিক কৰ্মচাৰীৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ। উল্লেখযোগ্য যে এইসকল ঠিকাভিত্তিক হিচাবে নিযুক্ত কৰ্মচাৰীৰ চাকৰি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ উদ্যোগত স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই চাকৰি নিয়মীয়া কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এইচ এল এ ৮৯৪/২০১১ মেম' নম্বৰৰ এটা ফাইল সাজু কৰা হৈছিল। কিন্তু আজিকোপতি এই চৰকাৰী পদক্ষেপে কাৰ্যকৰী ৰূপ নাপালে ।

শেহতীয়া ভাবে বিজেপি চৰকাৰৰ দুটা কাৰ্যকালত সন্থাই নাৰ্য দাবী পূৰণৰ সমৰ্থনত বহুবাৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী সকলোকে সন্থাৰ দাবীপত্ৰ প্ৰদান কৰাৰ পিছতো কোনো কাণসাৰ নিদিলে। তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্থাক দিয়া প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হৈ পালন নকৰাত এনে প্ৰতাৰক, প্ৰৱঞ্চক ভূমিকাৰ প্ৰতিবাদ জনাই অৱশেষত আন্দোলনৰ পথ ল'বলৈ বাধ্য হোৱাৰ কথা সন্থাৰ সভাপতি গণেশ দত্ত, কাৰ্যকৰী সভাপতি ৰণজিৎ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰিয়াজ উদ্দিন আহমেদে জনাইছে।

যক্ষ্মা নিৰ্মূলকৰণ আঁচনিত কৰ্মৰত এই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি বেতন বৃদ্ধি কৰা, চৰকাৰী সকলো প্ৰাপ্য সা-সুবিধা প্ৰদান কৰা, কৰ্মচাৰীসকলৰ বাবে বিনামূলীয়া চিকিৎসা আঁচনি প্ৰবৰ্তন কৰা, পেঞ্চন আঁচনি প্ৰবৰ্তন কৰা, ৰাজ্য চৰকাৰৰ সমহাৰত দৈনিক ভাত্তা প্ৰদান কৰা, যক্ষ্মা বিভাগত কৰ্মৰত লেবৰেটৰী টেকনিচিয়ানসকলক ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ লেবৰেটৰী টেকনিচিয়ানৰ সমহাৰত দৰমহা প্ৰদান কৰা, ট্ৰাইবেল বেল্টৰ জিলা কেইখনত কৰ্মৰত কৰ্মচাৰীক অতিৰিক্ত এহেজাৰ টকাকৈ ভাট্টা প্ৰদান কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত এই ধাৰাবাহিক গণ আন্দোলনৰ কাৰ্যসূচীৰ পাতনি মেলিব বুলি সকীয়াই দিছে সন্থাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ ৬ নং শিলচৰ-শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in