ঢকুৱাখনা সমবায় সমিতিত ৰাজহুৱা ব্যৱস্থাৰ চাউল হৰলুকী

ঢকুৱাখনা সমবায় সমিতিত ৰাজহুৱা ব্যৱস্থাৰ চাউল হৰলুকী
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমা  খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগত কালিকা লাগিছে । বিভাগটোৰ অন্তৰ্গত ইখনৰ পাছত সিখন সমবায় সমিতিত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতি অনিয়ম আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং বেহা পোহৰলৈ আহিছে।

পূব ঢকুৱাখনা সমবায় সমিতি ,পশ্চিম মাছখোৱা সমবায় সমিতিৰ পাছত এইবাৰ ঢকুৱাখনা সমবায় সমিতিত চৰকাৰী চাউলৰ কলা বেহা সংঘটিত হোৱাৰ তথ্য উন্মোচিত হৈছে । ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক কবিন্দ্ৰ মেদকৰ অদক্ষ আৰু সোপাধিলা পৰিচালনাৰ বাবে  সমবায় সমিতিসমূহত সংগোপনে চৰকাৰী চাউলৰ চোৰাং বেহা চলি আহিছে।

শেহতীয়াকৈ ঢকুৱাখনা সদৰত অৱস্থিত ঢকুৱাখনা সমবায় সমিতিত প্ৰায় ৮১৩ কুইণ্টল ৫ কেজি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল হৰলুকী হোৱাৰ তথ্য উন্মোচিত হৈছে। সংগৃহীত তথ্যমতে, সমবায়খনৰ আগষ্ট মাহৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল আবণ্টন হৈছিল মুঠ ১১৯৪ কুইণ্টল ৩০ কেজি ।

ইয়াৰে পূব ঢকুৱাখনা ,পশ্চিম ঢকুৱাখনা আৰু মধ্য ঢকুৱাখনা পঞ্চায়তৰ এখনো সমবায় এজেন্টক বৰ্তমানলৈকে বিতৰণ কৰা হোৱা নাই । ঢকুৱাখনা নগৰৰ এজেন্টসকলক আগষ্ট মাহৰ আবণ্টিত ৩৮১ কুইণ্টল২৫ কেজি চাউল যোগান ধৰি দায়িত্ব সামৰা সমবায় সভাপতি নিত্যানন্দ গগৈ আৰু সচিব বিকাশ গোঁহাইৰ এনে বেপৰোৱা নীতিৰ বিৰুদ্ধে বঞ্চিত এজেন্টসকলে ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু যোগান বিভাগক লিখিত অভিযোগ দাখিল কৰিছে। 

বিভাগীয় হিচাব অনুসৰি সমবায় ভৰাঁলত মুঠ ৮১৩ কুইণ্টল ৫ কেজি চাউল মজুত থাকিব লাগে । কিন্তু বৰ্তমান এই পৰিমাণৰ চাউল সমবায় ভৰাঁলত মজুত নাই । উক্ত পঞ্চায়তসমূহৰ দৰিদ্ৰ ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীসকলৰ মুখৰ ভাত কাঢ়ি সমবায় সমিতিখনে এই বৃহৎ পৰিমানৰ চাউল চোৰাং বজাৰত বিক্ৰী কৰা বুলি আশংকা কৰা হৈছে। 

এই সন্দৰ্ভত প্ৰাপ্যৰ পৰা বঞ্চিত এজেন্ট আৰু হিতাধিকাৰীসকলে বিভাগীয়ভাৱে তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে । শুক্ৰবাৰে এজেণ্টসকলে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ মুৰব্বী মহকুমাধিপতি কাৰ্ত্তিক কলিতাক সাক্ষাৎ কৰে।

বঞ্চিত এজেন্টসকলে এই প্ৰাপ্য চাউল উদ্ধাৰ কৰি গ্ৰাহকৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই এক পত্ৰ প্ৰদান কৰি নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। উল্লেখযোগ্য যে মহকুমাটোৰ সমবায়সমূহত এনে ভয়ংকৰ দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ তথ্য প্ৰথম ফাদিল হৈছিল । এই সন্দৰ্ভত ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত যোগান বিভাগে সমবায় সমিতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছিল।

ঢকুৱাখনা সমবায় সমিতিত ৰাজহুৱা ব্যৱস্থাৰ চাউল হৰলুকী
"মই চুটি-চাপৰ মানুহ। মোৰ বাক্যবোৰো চুটি..." আজি লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু তিথি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in