ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা শিক্ষা খণ্ডটোত এগৰাকী শিক্ষা বিষয়াৰ দৌৰাত্ম্য চলিছে। চৰকাৰী নীতি নিয়মক পদপিষ্ট কৰি কেৱল স্বাৰ্থ পূৰণ কৰিবলৈ যিহকে মন যায় নীতি বিৰুদ্ধ হ'লেও তাকেই কৰি গৈছে এইগৰাকী শিক্ষা বিষয়াই। ঢকুৱাখনা শিক্ষা খণ্ডটোত দুৰ্নীতি অনিয়মৰ ৰম্যভূমি হবলৈ এৰি দি ৰং চোৱা এইজন শিক্ষা বিষয়া হল বিদ্যুৎ গগৈ। ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হিচাবে নিযুক্ত এইগৰাকী শিক্ষা বিষয়াৰ অদক্ষ আৰু বেপৰোৱা নীতিৰ বাবে অনিয়মেই নিয়মত পৰিণত হৈছে খণ্ডটোত।
প্ৰাপ্ত তথ্য মতে সমগ্ৰ শিক্ষা অভিযানৰ এক নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ স্থায়ী অথবা অস্থায়ীভাৱে দায়িত্ব প্ৰাপ্ত সমগ্ৰ শিক্ষা অভিযানৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক চমুকৈ চি আৰ চি চি সকলক তাৎক্ষণিকভাৱে উক্ত অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছিল।
সেই অনুক্ৰমে ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া তথা খণ্ড অভিযান সমন্বয়ক (বি এম চি) বিদ্যুৎ গগৈয়ে যোৱা ২৪ আগষ্টত বি এম চি/ডি এইচ কে/চি আৰ চি চি- ২০২৩/৩১৭ নম্বৰৰ এক নিৰ্দেশনা জাৰি কৰি খণ্ডটোৰ এনে দায়িত্ব প্ৰাপ্ত চি আৰ চি চি সকলক বিদ্যালয়ৰ সহকাৰী শিক্ষক সকলক প্ৰধান শিক্ষকৰ দায়িত্ব সহ সকলো নথিপত্ৰ অৰ্পণ কৰিবলৈ নিৰ্দেশটোত স্পষ্টভাৱে কোৱা হৈছিল। তাৰোপৰি যদি কোনো চি আৰ চি চি যে যদি এই প্ৰধান শিক্ষকৰ পদ চলাই যাব বিচাৰে তেন্তে চি আৰ চি চি পদৰ পৰা অব্যাহতি লোৱাৰ নিৰ্দেশ দি যদি এই নিৰ্দেশণা নামানি কোনো শিক্ষকে চি আৰ চি চিৰ চুক্তি অৱজ্ঞা কৰি প্ৰধান শিক্ষকৰ লগতে দুয়োটা পদত অধিস্থিত হৈ থাকে সেয়া নিয়ম আৰু চুক্তি উলঙ্ঘন হিচাবে গণ্য কৰা হ'ব বুলিও নিৰ্দেশটোত কোৱা হৈছিল।
শিক্ষা বিষয়া গগৈয়ে সমগ্ৰ শিক্ষা বিভাগৰ নিৰ্দেশনাৰ ভিত্তিত এই নিৰ্দেশ দিলে ঠিকেই কিন্তু তাক বাস্তৱায়িত কৰিবলৈ সামান্যতমো প্ৰশাসনিক শক্তি প্ৰয়োগ নকৰিলে আৰু গুৰুত্ব নিদিলে। বৰঞ্চ একাংশক এনে নীতি বৰ্হিভূত আইন উলংঘাকাৰী কাৰ্যত জড়িত হোৱাত উদগনিহে যোগাই অহাৰ অভিযোগ উঠিছে শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে । তাৰেই সুৰুঙা লৈ খণ্ডটোৰ দুগৰাকী চি আৰ চি চিযে শিক্ষা বিভাগৰ নিৰ্দেশনাক পদপিষ্ট কৰি সুদীৰ্ঘ দিন ধৰি এনে দ্বৈত পদ কুক্ষীগত কৰি প্ৰকাশ্যে শিক্ষা বিভাগলৈ বুঢ়া আঙুলি দেখুৱাই আহিছে।
উত্থাপিত অভিযোগৰ সূত্ৰে জনা মতে শিক্ষা বিষয়া গগৈৰ ঘনিষ্ঠ আৰু আশীষধন্য চি আৰ চি চি ক্ৰমে কুশল দলেয়ে ৪৪৫ নং বান্দেনা প্ৰাথমিক বিদ্যালয়ত আৰু ৰাজীৱ লাগাচুৱে যোগী চুমপৰা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ অদ্যপি খামুচি ধৰি আহিছে। শিক্ষা বিষয়া বিদ্যুৎ গগৈয়ে জাৰি কৰা নিৰ্দেশটোত ৭দিনৰ সময় সীমা বান্ধি দিয়াৰ পাছতো এই দুই সমগ্ৰ শিক্ষা কৰ্মচাৰীযে মাহ মাহ ধৰি দুয়োটা পদবীকে মৰকামোৰ মাৰি ধৰি ৰখাৰ স্বত্তেও মুক-বধিৰৰ ভূমিকা পালি আহিছে শিক্ষা বিষয়া গগৈয়ে। কেৱল খণ্ড মিছন সমন্বয়ক গৰাকীক সন্তুষ্ট কৰি ৰখাৰ বাবেই অনিয়মকে নিয়ম কৰিবলৈ এই দুই চি আৰ চি চিক বিশেষ "লাইচেন্স" দিয়া শিক্ষা বিষয়া গগৈৰ আইন বৰ্হিভূত কাৰ্যত স্তম্ভিত শিক্ষানুৰাগী ৰাইজ ,অভিভাৱক আৰু বিভাগটোৰ নিষ্ঠাবান কৰ্মচাৰীসকল।
এগৰাকী শিক্ষা বিষয়া হৈয়ো বিভাগীয় নিৰ্দেশনাৰ সফল কাৰ্যকৰী কৰাত গুৰুত্ব নিদিয়া, ঘনিষ্ঠক শিক্ষা বিভাগৰ চুক্তি উলংঘন কৰিবলৈ এৰি দি লাভান্বিত হোৱা, নীতি বৰ্হিভূতভাৱে বিভাগটোত কৰ্মচাৰী নিয়োগ কৰা আদি মতলবী পদক্ষেপৰ সন্দৰ্ভত জিলা প্ৰাথমিক শিক্ষা বিষয়া ,জিলা আয়ুক্ত শোণিত সত্বাৱন , ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ কঠোৰ স্থিতি ঢকুৱাখনাবাসী শিক্ষানুৰাগী ৰাইজে কামনা কৰিছে। সমান্তৰাল ভাৱে শিক্ষা বিভাগৰ চুক্তি উলংঘাকাৰী তথা শিক্ষা বিষয়া বিদ্যুৎ গগৈৰ মদতপুষ্ট দুই চি আৰ চি চিয়ে কি শক্তিৰে দ্বৈত দায়িত্ব কুক্ষীগত কৰি ৰাখিছে এই সন্দৰ্ভতো প্ৰশাসনিয় তদন্তৰ প্ৰয়োজনীয়তা দোহাৰিছে শিক্ষাসদী ৰাইজে।
Also Read: ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰ