ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ চুলাই ভাতীৰ বিৰুদ্ধে আৱকাৰী বিভাগে ধাৰাবাহিক উচ্ছেদ অভিযান চলাই থকাৰ মাজতে পুনৰ ঠন ধৰি উঠিছে এই চোৰাং বেপাৰ। জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা এই মাৰাত্মক নিচাৰ গোপন বেহা চলাই অহা এটা ঘৰত দেওবাৰে নিশা এগৰাকী ব্যক্তিৰ অকাল মৃত্যুৰ বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাটি জালভাৰী গাঁওৰ জান টিলিঙা নামৰ ব্যক্তি গৰাকীৰ ঘৰত একে গাঁওৰে বুলবুল বৰুৱা (৩৭) নামৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে। মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও জনদৃষ্টিত অবৈধ চুলাই ভাতী হিচাবে সৰ্ব পৰিচিত এই ঘৰটোত বিষাক্ত চুলাই পান কৰি এইগৰাকী নিঃকিন ব্যক্তিৰ অকাল মৃত্যু ঘটাৰ আশংকা কৰা হৈছে।
স্থানীয় ৰাইজৰ ভাষ্য মতে, মাতৃৰ সৈতে বাস কৰা বুলবুল বৰুৱাই দেওবাৰে নিশা নিজৰ ঘৰত নাথাকি সমীপৰ জান টিলিঙা হিচাবে পৰিচিত ব্যক্তিজনৰ ঘৰত শুই আছিল। নিশা শুই থকাৰ পাছত সোমবাৰে পুৱা ব্যক্তিজনক মৃত অৱস্থাত উদ্ধাৰ কৰে গৃহস্থই। এই সন্দৰ্ভত সোমবাৰে পুৱা সোনাৰী চাপৰি আৰক্ষী আৰু ঢকুৱাখনা সদৰ আৰক্ষীক অৱগত কৰা হয়।
সোনাৰী চাপৰি আৰক্ষী চকীৰ উপ পৰিদৰ্শক তৰুণ বড়ো ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত "ইনকুৱেষ্ট" কৰাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। ৰাইজৰ আশঙ্কা অতিমাত্ৰা চুলাই পান কৰাৰ বাবেই শাৰীৰিকভাৱে বাধাগ্ৰস্ত ব্যক্তিজনৰ অকাল বিয়োগ ঘটে। গৃহস্থই অৱশ্যে এই অভিযোগ নাকচ কৰিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ।
Also Read: যোৰহাটত কংকাল অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ