ঢকুৱাখনা এক্টিং একাডেমীৰ গ্ৰীষ্মকালীন নাট্য কৰ্মশালা...

ঢকুৱাখনা এক্টিং একাডেমীৰ গ্ৰীষ্মকালীন নাট্য কৰ্মশালা...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: শৈক্ষিক সাংস্কৃতিক আৰু নাট্য সাহিত্যৰ ক্ষেত্ৰখনৰ স্বাভিমানী পৰিচয় থকা ঢকুৱাখনা মহকুমাৰ অগ্ৰণী সাংস্কৃতিক সংগঠন ঢকুৱাখনা এক্টিং একাডেমী। নৱ প্ৰজন্মৰ সুপ্ত প্ৰতিভাসমূহ জাগ্রত কৰি আত্মপ্ৰতিষ্ঠাৰ এক সেন্দুৰীয়া পথৰ সন্ধান দিয়াৰ এক প্ৰশংসনীয় সেৱা বিগত ১০বছৰে আগবঢ়াই আহিছে এই এক্টিং একাডেমীয়ে।

বিগত ১০ বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি বুধবাৰৰ পৰা একাডেমীৰ উদ্যোগত আৰম্ভ হৈছে গ্ৰীষ্মকালীন নাট্য অভিনয় আৰু লোক সংস্কৃতিৰ কৰ্মশালা। ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত বুধবাৰে এই ২০দিনীয়া অভিনয় কৰ্মশালা শুভাৰম্ভ কৰা হয়। কৰ্মশালাৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাবে একাডেমীৰ ১০বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষত দহ গছি বন্তি প্ৰজ্বলন কৰে একাডেমীৰ সভাপতি অমিয় কুমাৰ সন্দিকৈ, উপ সভাপতি প্ৰফুল্ল চুতীয়া আদি ১০ গৰাকী বিশিষ্ট ব্যক্তিয়ে।

ইয়াৰ পাছতে এই কৰ্মশালা সদ্য প্ৰয়াত প্ৰবীণ সাংবাদিক, সমাজহিতৈষী শিক্ষাবিদ জগদীশ গগৈৰ নামত উৎসৰ্গা কৰি প্ৰয়াত গগৈৰ প্ৰতিচ্ছবিত পুষ্প মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে পত্নী ৰুণু গোঁহাইয়ে। পৰৱৰ্তী সময়ত প্ৰয়াত সাংস্কৃতিক কৰ্মী অচ্যুত দাসৰ সোঁৱৰণত অনুষ্ঠিত "অকণিৰ ৰং চৰা" অনুষ্ঠানৰ প্ৰয়াত দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে দাসৰ পিতৃ চিত্ৰৰঞ্জন দাসে।

একাডেমীৰ শিল্পীসকলে একাডেমীৰ শ্ৰুতিমধুৰ শীর্ষ বৃন্দগানেৰে মঞ্চ মুকলি কৰাৰ পাছতে কৰ্মশালাৰ শুভ উদ্বোধন কৰে ধেমাজি জিলা নাট্য সন্মিলনৰ সভাপতি ,ৰাজ্যিক কৃতি শিক্ষক ৰবি গগৈয়ে। একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱাই আঁত ধৰা অনুষ্ঠানত একাডেমীৰ প্ৰতিভাধৰ শিল্পী সকলৰ দৃষ্টিনন্দন নৃত্য ,গীতৰ অমিয়া সুৰৰ মূৰ্ছনাই বিধৌত কৰে প্ৰেক্ষাগৃহ। গৰিষ্ঠ সংখ্যক প্ৰশিক্ষাৰ্থী অভিভাৱক উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ হেমন্ত বৰপাত্ৰ গোঁহাই , নাট্যকাৰ পৰিচালক বলীন বৰগোঁহাই ,মঞ্চ আৰু চলচিত্ৰ অভিনেতা দ্বীপজ্যোতি কাকতি , পৰিবেশ মিত্ৰ দেৱজিৎ ফুকন , ভৱিষ্য দিহিঙীয়া, পুষ্পা গগৈ , অমিয় কুমাৰ সন্দিকৈ ,মৌচুমী হাতীবৰুৱা আদিয়ে একাডেমীৰ নিৰন্তৰ কর্ষণ আৰু নাট্য সাহিত্যৰ চর্চা সন্দৰ্ভত বিশ্লেষণ আগবঢ়াই গুণানুকীৰ্তন কৰে।

অহা ২৩ জুলাইলৈ চলিব এই নৱম বাৰ্ষিক কৰ্মশালাৰ অন্তত একাডেমী প্ৰশিক্ষাৰ্থী সকলৰ অভিনীত আৰু নাট্য পৰিচালনাৰে নাট মঞ্চস্থ কৰা হব বুলি একাডেমীৰ অধ্যক্ষ নাট্যসাধক গৌৰৱ বৰুৱাই জানিবলৈ দিছে ।

ঢকুৱাখনা এক্টিং একাডেমীৰ গ্ৰীষ্মকালীন নাট্য কৰ্মশালা...
নৰ্থ ইষ্ট স্পটৰ্ছ মিটত সোণৰ পদক অৰ্জনেৰে উজলিল ঢকুৱাখনাৰ সমীক্ষা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in