ডিজিটেল সংবাদ: ঢকুৱাখনা: ঢকুৱাখনা সমাজ জীৱনৰ সতে নিবিড় ভাবে সম্পৃক্ত এগৰাকী সমাজহিতৈষী মহিলা অনুৰাধা গগৈ আৰু নাই। দীৰ্ঘদিন ধৰি জীৱন মৃত্যুৰে যুঁজি পৰিশেষত নিয়তিৰ ওচৰত হাৰ মানিলে সৰল মনা অনুৰাধা গগৈয়ে।বৃহস্পতিবাৰে নিশা প্ৰায় ৭-১২ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বিদুষী মহিলা গৰাকীয়ে।
ঢকুৱাখনা নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ভবেন গগৈৰ পত্নী অনুৰাধা গগৈয়ে ২০১৮ চনত ঢকুৱাখনা কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা জ্যেষ্ঠ শিক্ষয়িত্ৰী হিচাবে অৱসৰ গ্ৰহণ কৰিছিল। ঢকুৱাখনাৰ ফাট বিহু , মে ডাম মেফী , লেখিকা সমাৰোহ সমিতি , সাহিত্য সভাকে প্ৰমুখ্য কৰি বিভিন্ন সামাজিক সংগঠনৰ সৈতে নিবিড় ভাবে জড়িত এইগৰাকী জ্যেষ্ঠ নাগৰিকক শাৰীৰিক অসুস্থতাৰ বাবে প্ৰথমে ডিব্ৰুগড়ত উন্নত চিকিৎসা কৰাৰ পাছত গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছিল । কিন্তু পৰিয়াল আত্মীয়ৰ নিৰন্তৰ প্ৰয়াসৰ পাছতো অগ্ৰণী সমাজ সেৱিকা গৰাকীযে সুস্থতাৰ মুখ নেদেখিলে।
চিকিৎসাধীন অৱস্থাতে প্ৰায় ৬৬ বছৰীয়া সমাজপ্ৰিয় মহিলা গৰাকীৰ বিয়োগ ঘটে। মৃত্যুৰ সময়ত গগৈযে স্বামী ভবেন গগৈ ,পুত্ৰ ,কন্যা আৰু অজস্ৰ ইষ্ট কুটুম্বল ইস সংসাৰত এৰি গৈছে । মিষ্টভাষী অনুৰাধা গগৈৰ অকাল বিয়োগত শোকাচন্ন হৈছে ঢকুৱাখনা । সম্প্ৰতি গগৈৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা ঢকুৱাখনাৰ স্বগৃহলৈ আনি থকা হৈছে ।
প্ৰবীণ শিক্ষাব্ৰতী গৰাকীৰ বিয়োগত ঢকুৱাখনা কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল , জ্যেষ্ঠ নাগৰিক সন্মিলন , ঢকুৱাখনা ফাটবিহু সমিতি , তাই আহোম সাংস্কৃতিক ও গৱেষণা কেন্দ্ৰ ,লেখিকা সমাৰোহ সমিতি , ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ, ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাকে প্ৰমুখ্য কৰি বিভিন্ন সংস্থা, সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ।