ডিজিটেল সংবাদ, ঢকুৱাখনা : নঙলা মুখত ৰঙালী বিহু । অসমীয়াৰ হিয়াৰ আমঠু ৰঙালীক আদৰাৰ ধামখুমীয়াই সমগ্ৰ অসমীয়া জাতিক আচ্ছন্ন কৰি তুলিছে । বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ ৰজাঘৰীয়া প্ৰস্তুতিও অব্যাহত আছে ৰাজ্যখনত । শ্ৰমজীৱী গঞাৰ জনজীৱনৰ সতে সম্পৃক্ত এই ৰঙালী বিহুৰ প্ৰাকক্ষণত যাউতিযুগীয়া পৰম্পৰা ৰক্ষা কৰি ঢকুৱাখনাৰ গঞা-চহা ৰাইজ ব্যস্ত হৈ পৰিছে পশুধনৰ বাবে পঘা প্ৰস্তুতত।
কৃষি আৰু কৃষকৰ প্ৰধান চালিকা শক্তি স্বৰূপ পোহনীয়া গোধনক নতুন বছৰত নতুন পঘাৰে বৰণ কৰাৰ প্ৰাক প্ৰস্তুতিত আত্মনিয়োগ কৰিছে কৃষিজীৱী ৰাইজে। কৃষক ৰাইজৰ মতে গোধনেই মূলধন। সেয়ে বাপতিসাহোন ৰঙালীৰ সৰ্ব প্ৰথমে গোধনক নোৱাই-ধুৱাই বছৰটোৰ বাবে সুস্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ কামনা কৰা হয় । সন্ধিয়ালৈ মৰাপাট-তৰাৰ সংমিশ্রিত নতুন পঘা গোধনৰ গলত বৰণ কৰা হয় ।
ভাৰতীয় সভ্যতাত গো-সম্পদক প্ৰধান সম্পদ হিচাবে গণ্য কৰি কৌটি কলীয়া দিনৰ পৰা চলি অহা এই পৰম্পৰা অক্ষুন্ন ৰাখি কৃষি প্ৰধান মহকুমা ঢকুৱাখনাতো অব্যাহত আছে গোধনক মান্যতা প্ৰদানৰ নিৰন্তৰ প্ৰয়াস । মহকুমাটোৰ শ্ৰমজীৱী ৰাইজে বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত ঘৰতে কৰা মৰাপাটৰ খেতিৰে উৎপাদিত মৰাপাটৰ আহেৰে পঘা প্ৰস্তুতকৰণত নামি পৰা পৰিলক্ষিত হৈছে। ঢকুৱাখনাৰ চহা ৰাইজৰ মাজত প্ৰচলিত চোৰ পঘা, গোৰাল পঘা, সাধাৰণ পঘা আদি তিনি প্ৰকাৰৰ পঘা বিগত কেইবা দশক ধৰি প্ৰস্তুত কৰি আহিছে।
নব্যআধুনিকতাবাদী উৎপাদনমুখী চিন্তা, কৃষিভূমি আৰু গো ধনৰ চৰণীয়া ভূমিৰ হ্ৰাস, চাহ বাগানৰ আগ্ৰাসন আদি কাৰকৰ বাবে গো-পালনৰ গ্ৰাম্য অৰ্থনীতিটো ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে । প্ৰধানকৈ পঘা উৎপাদন আৰু বিক্ৰীৰ এক লাভজনক থলুৱা পেছাত পৰিছে প্ৰচণ্ড কোঠাৰাঘাত। চৰকাৰী বাধা নিষেধ আৰু আইনৰ কৰাল গ্ৰাসত নিমাৰ্জিত হোৱাৰ বাবেই গোধনৰ প্ৰতি সাধাৰণ কৃষকৰ আহি পৰা অনীহাই পৰোক্ষ ভাবে পঘা ক্ৰয়-বিক্ৰয়ৰ দৰে থলুৱা গ্রাম্য অৰ্থনীতি বিধৱস্ত হোৱাৰ পথ প্ৰশস্ত হোৱা পৰিলক্ষিত হয় ।
ইপিনে ৰজাঘৰীয়াৰ গোধনৰ প্ৰতি কঠোৰ নীতি নিয়মৰ স্বত্তেও বৰ্তমানেও গৰুপাল ৰখা পৰম্পৰা অক্ষুন্ন আছে গ্ৰামাঞ্চলীয় সমাজত । গাঁওখনৰ সমূহ কৃষক পৰিয়ালৰ গোধন গাওঁখনৰে এজন ব্যক্তিয়ে দৈনিক পাল পাতি ৰখা পৰিক্ৰমা অৱধাৰিত ভাবেই ৰক্ষা কৰি আহিছে চহা পৰিয়াল সমূহে । "যাৰ নাই গৰু, সি সবাতোকৈ সৰু"- অসমীয়া সমাজত প্ৰচলিত এই প্ৰবাদৰ বাস্তৱিকতা যেন চৰকাৰী আইন কানুনেও তিলমানু ৰেখাপাত কৰিব পৰা নাই শ্ৰমজীৱী ৰাইজক।
হালৰ গৰু-ৰোৱাৰ মাটিৰে সম্পৃক্ত চহা ৰাইজক যেন সবাতোকৈ উচ্চাসনেৰে স্বাভিমানী কৰি ৰাখিছে যুগ যুগান্তৰ ধৰি । অসমীয়া জাতীয় সংস্কৃতিৰ সতে অংগাংগী ভাবে জড়িত গোধন পালন আৰু প্ৰতিপালনৰ মাজতেই অন্তর্নিৰ্হিত হৈ আছে স্বাভিমানী অসমীয়াৰ এক জাতীয় বৈভৱ। অতি আধুনিকতাৰ আগ্ৰাসনেও স্তিমিত কৰিব নোৱাৰা গ্ৰাম্য সমাজৰ এনে নজহা নপমা লোক পৰম্পৰাতেই যেন আবৃত হৈ আছে হেঁপাহৰ ৰঙালী বিহুৰ একক আৰু অনন্য মাদকতা ।
বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে উঠি পৰি লগা ৰজা ঘৰে কেতিয়াবা জাতীয় লোক-পৰম্পৰা ধৰি ৰখা এনে চহা কৃষকৰ আবেগ অনুভূতিকো মান্যতা প্ৰদানৰ বাবে মনোনিবেশ কৰিবনে ? সাম্প্ৰতিক সময়ত এয়াই কোটি টকীয়া প্ৰশ্ন হিচাবে কৃষকৰ মনত দোলা দি আহিছে ।
Also Read: কাজিৰঙাত ৰাজ্যসভাৰ উচ্চস্তৰীয় সমিতিৰ বৈঠক...