চিকিৎসালয়ৰ ভূমি বেদখলকাৰীক উচ্ছেদৰ দাবীত মহকুমাধিপতিক স্মাৰকপত্ৰ

চিকিৎসালয়ৰ ভূমি বেদখলকাৰীক উচ্ছেদৰ দাবীত মহকুমাধিপতিক স্মাৰকপত্ৰ

author-image
Asomiya Pratidin
New Update
চিকিৎসালয়ৰ ভূমি বেদখলকাৰীক উচ্ছেদৰ দাবীত মহকুমাধিপতিক স্মাৰকপত্ৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ক্ষমতাৰ খকত অন্ধহৈ নীতি নিয়ম জলাঞ্জলি দি চৰকাৰী ভূমি বেদখলৰ এক অশুভ পৰম্পৰা আৰম্ভ হৈছে ঢকুৱাখনাত। যিসময়ত বেদখলমুক্ত কৰাৰ নামত খিলঞ্জীয়াৰ ঘৰ-বাৰী তচনচ কৰি দিছে গেৰুৱা দলৰ চৰকাৰে, তেনে সময়তে ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰী ভূমি বেদখলেৰে কুক্ষীগত কৰাৰ এই নির্লজ চক্ৰান্তৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰিছে। ঢকুৱাখনা মহকুমাৰ দুগৰাকী শাসকীয় দলৰ উন্নাসিক নেতাৰ বিৰুদ্ধে এইসন্দৰ্ভত উত্থাপিত ৰাজহুৱা অভিযোগৰ পৰিপ্ৰেক্ষিতত চৰকাৰী ভূমি বেদখলৰ কাণ্ডৰ বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত প্ৰকাশ হৈছিল।

এগৰাকী ঢকুৱাখনা পৌৰসভাৰ বিতৰ্কিত পৌৰপতি ৰাজীৱ দাস আৰু অন্যগৰাকী সোনাৰী চাপৰি পঞ্চায়তৰ সভাপতি মঞ্জিত সোণোৱাল। ৫বছৰীয়া ক্ষমতাৰ গাদীত অধিষ্ঠিত হৈ নিজকে আজন্ম সৰ্বজান্তা হিচাবে জাহিৰ কৰি অহা এই দুই গেৰুৱা তথাকথিত নেতাৰ এনে দুষ্কাৰ্যত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ নাগৰিক । পৌৰপতি ৰাজীৱ দাসৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল আৰু মহকুমাধিপতিক ৰাজহুৱা অভিযোগ দাখিলৰ পাছত সোমবাৰে পঞ্চায়ত সভাপতি মঞ্জিত সোণোৱালৰ বিৰুদ্ধেও মহকুমাধিপতিক ৰাজহুৱা অভিযোগ দাখিল কৰা হৈছে। অভিযোগ পত্ৰত প্ৰকাশ যে- মহকুমাটোৰ সোণাৰী চাপৰি সদৰত অৱস্থিত সোণাৰী চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপৰীতে আবন্তিত ভূমিত বেদখল হৈছে । ৰাইজৰ অভিযোগ সোণাৰী চাপৰি পঞ্চায়ত সভাপতি সোণোৱালে অবৈধ দখল কৰি তাত পকী ঘৰ পৰ্যন্ত নিৰ্মাণ কৰাতো সকলোৱে প্ৰত্যক্ষ কৰি আহিছে।

এই অশুভ দুষ্কাৰ্য সন্দৰ্ভত অঞ্চলটোৰ সচেতন ৰাইজৰ তথ্য সহ জ্ঞাত হোৱাৰ পাছত সোমবাৰে এক ৰাজহুৱা অভিযোগ দাখিল কৰিছে মহকুমা প্ৰশাসনক। সোণাৰী চাপৰিৰ একাংশ সচেতন ৰাইজে অঞ্চলটোৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়খনৰ আবন্তিত ভূমি বেদখল কৰা কাৰ্যত ক্ষুণ্ণ হৈ চৰকাৰী ৰাজহুৱা অনুষ্ঠানখনৰ প্ৰকৃত মাটি কালি উদ্ধাৰ কৰি দিবলৈ মহকুমাধিপতিক ৰাজহুৱা দাবী পত্ৰ প্ৰদান কৰিছে । ৰাইজে সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চিকিৎসালয়খনৰ বিপৰীতে আবন্তিত মুঠ ১৭ বিঘা ১ কঠা ১২লোছা ভূমিৰ বৃহৎ অংশত অবৈধ দখল দৃষ্টি গোচৰ হোৱা বুলি উল্লেখ কৰি চিকিৎসালয়ৰ প্ৰকৃত চাৰিসীমা উলিয়াই তাত থকা বেদখল উচ্ছেদ কৰাৰো দাবী জনাইছে মহকুমা প্ৰশাসনক । শাসক দলৰ এগৰাকী নিৰ্বাচিত প্ৰতিনিধি জড়িত থকা এই বেদখল উচ্ছেদ কৰাত মহকুমা প্ৰশাসনে কি কঠোৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

Also Read: ন-ৰূপত দুৰ্বৃত্তই জ্বলাই ছাৰখাৰ কৰা বটদ্ৰৱা আৰক্ষী থানা

GOVT OF ASSAM bharatiya janata party