পশ্চিম মাছখোৱা সমবায় সমিতিৰ সভাপতি-সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

পশ্চিম মাছখোৱা সমবায় সমিতিৰ সভাপতি-সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ অংশীদাৰীসকলৰ উমৈহতীয়া প্ৰতিষ্ঠান পশ্চিম মাছখোৱা সমবায় সমিতি।  ১৯৭৩ চনতে প্ৰতিষ্ঠা হোৱা এইখন সমবায় সমিতি এতিয়া দুৰ্নীতি অনিয়ম আৰু ভ্ৰষ্টাচাৰৰ ভূ-স্বৰ্গলৈ পতিত হৈছে। সমবায়খনত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল গ্ৰাহকৰ মুখৰ পৰা কাঢ়ি আনি সভাপতি বগেন বৰুৱা ওৰফে বাঘ, সচিব প্ৰদীপ চমুৱা আৰু ষ্টৰ ইনচার্জ দুলাল চুতীয়াই গোগ্ৰাসে ভক্ষণ কৰাৰ তথ্য বিভাগীয় তদন্তকালত পোহৰলৈ আহিছে।

এই সন্দৰ্ভত সমবায়খনৰ মুঠ ৪২গৰাকী এজেণ্টৰ অভিযোগৰ ভিত্তিত মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ নিৰ্দেশত মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগে তদন্ত কৰি এই ব্যাপক বিসংগতি পোহৰলৈ আনিছিল। পৰৱৰ্তী সময়ত যোগান বিষয়া কবিন্দ্ৰ মেদকৰ ৰহস্যজনক নৰম ভূমিকাৰ বাবে দৰিদ্ৰ ৰাইজৰ প্ৰাপ্য কাঢ়ি খোৱা এই ত্ৰিমূৰ্তি আইনী মেৰপেছৰ পৰা পৰিত্ৰাণ পালে। কিন্তু এতিয়া এই সমবায়ত কেঁচু খান্দোতে সাপ ওলোৱা পৰিলক্ষিত হৈছে। কেৱল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰেই নহয় খাটি খোৱা সমবায় এজেণ্টসকলৰো প্ৰাপ্য কুক্ষীগত কৰি অন্য এক বিত্তীয় কেলেংকাৰী সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

সমবায়খনৰ সমূহ এজেণ্টে যোগান বিভাগৰ জৰিয়তে মহকুমাধিপতিক প্ৰদান কৰা এক অভিযোগত লুণ্ঠনকাৰী সভাপতি-সচিবদ্বয়ে ২০২২-২০২৩ বৰ্ষৰ  মধ্যাহ্ন ভোজনৰ চাউল সৰবৰাহ কৰাৰ বাবদ প্ৰাপ্য পুঁজি আত্মহাত কৰিলে। প্ৰতি মধ্যাহ্ন ভোজনৰ প্ৰতি কুইণ্টল চাউলৰ বিপৰীতে চৰকাৰ প্ৰদত্ত ৬৮ সমুদাহ টকা  আবণ্টন হৈছিল। কিন্তু এই পুঁজি এজেন্টসকলক বিতৰণ নকৰি এই লুণ্ঠনকাৰীসকলে গৰ্ভস্থ কৰিছে। তাৰোপৰি ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ আৱণ্টিত চাউলৰ বস্তা ওজনৰ বিপৰীতে অহা চাউলৰ পৰাও বঞ্চিত কৰি ৰাখিছে এজেন্টসকলক। প্ৰতি কুইণ্টলৰ বিপৰীতে আৱণ্টন হোৱা ১১.৬০ গ্ৰামকৈ চাউলৰ ভিতৰত ৩০০ গ্ৰামকৈ চাউল দি বাকী পৰিমাণৰ প্ৰাপ্য চাউল আজি পৰ্যন্ত এজেনণ্টসকলক আদায় দিয়া নাই।

বাৰম্বাৰ সভাপতি সচিবক এই প্ৰাপ্য চাউল বিচাৰি বিমুখ হোৱা এজেণ্টসকলে উপায়হীন হৈ মহকুমাধিপতিক লিখিত অভিযোগ দি প্ৰাপ্য চাউল আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তদ্ৰূপভাবে সমাজ কল্যান বিভাগৰ এছ এন পি চাউল সৰবৰাহ কৰাৰ বিপৰীতে আৱণ্টন হোৱা প্ৰাপ্য পুঁজিৰ পৰাও দুৰ্ভগীয়া এজেনণ্টসকলক বঞ্চিত কৰি লুণ্ঠনৰ ভয়াৱহ জাল পেলাই কোৰুণাৰে ধন চপাই আহিছে এইসকল দুৰ্নীতিগ্ৰস্তই। সমবায়খনক পৈত্রিক সম্পত্তি গণ্য কৰি যোগান বিষয়া মেদকক হাত কৰি নিৰ্বিচাৰ লুণ্ঠনৰাজ চলাই অহাৰ পাছতো এনেবোৰ চৰকাৰী পুঁজি আৰু চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰতি বিভাগে ব্যৱস্থা নোলোৱাৰ অভিযোগ।

চাউলৰ বৃহৎ কেলেংকাৰী সৃষ্টি কৰাৰ পাছতো বিভাগে আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ সাহস কৰা দেখা নাই প্ৰবঞ্চিতই। দুৰ্নীতি অনিয়ম ভ্ৰূষ্টাচাৰৰ সতে সহবাস কৰি এনেবোৰ চৰকাৰী পুঁজি অপচয়কাৰীক সুৰক্ষা দি অহা যোগান বিভাগৰ পক্ষপাতী ভূমিকা আৰু দৰদৰ অন্তৰ্নিহিত উদ্দেশ্য ভুক্তভোগী ৰাইজে বুজি উঠিছে। যোগান বিষয়াৰ এই ক্ষেত্ৰত নৰম ভূমিকাত অতিষ্ঠ প্ৰবঞ্চিত এজেণ্টে জিলা আয়ুক্তকো অভিযোগ দাখিলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি জানিবলৈ দিছে। উল্লেখ্য যে, সমবায়খনৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ বিপৰীতে আৱণ্টিত মধ্যাহ্ন ভোজনৰ চাউলৰো এক চোৰাং বেহা সংঘটিত হোৱাৰ তথ্য  "অসমীয়া প্ৰতিদিন ডিজিটেল" হাতলৈ আহিছে  ।

পশ্চিম মাছখোৱা সমবায় সমিতিৰ সভাপতি-সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
সলনি হ'ল ১৯টা বিধানসভা, এটা লোকসভা সমষ্টিৰ নামঃ গঠন হ'ল 'কাজিৰঙা' সমষ্টি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in