'শান্তি ধাম'ত অশান্তিৰ সৃষ্টি কৰা পৌৰপতিয়ে পালে উচিত প্ৰত্যুত্তৰ

'শান্তি ধাম'ত অশান্তিৰ সৃষ্টি কৰা পৌৰপতিয়ে পালে উচিত প্ৰত্যুত্তৰ
Published on
Updated on

ডিজিটেল, সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা পৌৰসভাৰ গেৰুৱা দলৰ পৌৰপতি ৰাজীৱ দাসে ঢকুৱাখনা নগৰৰ ৰাজহুৱা শ্মশান ভূমিৰ মাটি বেদখল কৰি তাত শিৱ মন্দিৰ স্থাপন কৰিছিল। বিধায়ক নৱ দলেৰ ঘনিষ্ঠতা দেখুৱাই অহা এইজন  পৌৰপতিৰ এনে মাতব্বৰী চৰিত্ৰৰ বিৰুদ্ধে শ্মশানশালী পৰিচালনা সমিতি আৰু ঢকুৱাখনা সদৰবাসী ৰাইজে সোচ্চাৰ হৈ মহকুমাধিপতিৰ হস্তক্ষেপৰ দাবী জনাই আহিছিল। 

বিধায়ক নৱ দলেৰ এইক্ষেত্ৰত সময়োপযোগী পদক্ষেপ গ্ৰহণৰ বাবে আশা কৰিছিল স্থানীয় ৰাইজে। শাসক দলৰ ৰাজনৈতিক শক্তিৰে বলিয়ান হোৱা পৌৰপতি ৰাজীৱ দাসে শ্মশানশালী পৰিচালনা সমিতিৰ অজ্ঞাতে অবৈধ দখল কৰি তাত আকস্মিকভাৱে এটা শিৱ মন্দিৰৰ স্থাপন কৰিছিল। এই সন্দৰ্ভত পৰিচালনা সমিতি আৰু ৰাইজৰ দৃষ্টিগোচৰ হোৱাত সকলোৱে একেমুখে ৰাজীৱ দাসৰ এনে কাণ্ডজ্ঞানহীনতাৰ ধিক্কাৰ দি মহকুমাধিপতিক এই সন্দৰ্ভত  কার্যব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাজহুৱা স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

সেই অনুক্ৰমে যোৱা ৮ অক্টোবৰত মহকুমাধিপতি তথা ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া কাৰ্ত্তিক কলিতা উক্ত ৰাজহুৱা  শ্মশানশালীত উপস্থিত হৈ এক্সেভেটৰ লগাই ৰাইজ আৰু পৰিচালনা সমিতিৰ উপস্থিতিত ৰাজীৱ দাসে স্থাপন কৰা অবৈধ মন্দিৰৰ শিলাস্তম্ভ উচ্ছেদ কৰি সম্পূৰ্ণৰূপে ৰূপে  বেদখল মুক্ত কৰি দিয়ে।

বছৰ বছৰ ধৰি "শান্তি ধাম" হিচাবে ব্যৱহৃত, ৰাইজৰ দান, ৰাজহুৱা অনুদানেৰে নিৰ্মিত এই শ্মশানশালীৰ উন্মুক্ত মাটি বেদখল কৰি ৰাজীৱ দাসে সৃষ্টি কৰা অশান্তি দূৰ কৰাৰ বাবে মহকুমাধিপতিৰ শলাগ লৈছে নাগৰিক সমাজ আৰু পৰিচালনা সমিতিয়ে। উল্লেখ্য যে, ৰাজীৱ দাসৰ এই উন্নাসিক আচৰণ সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ধাৰাবাহিক বাতৰি প্ৰকাশ হৈছিল।

উল্লেখ্য যে এইজন  দাম্ভিক পৌৰপতিযে ভাটি হুজ গাঁওৰ এগৰাকী নিঃস্ব চহাৰ যুগ যুগ ধৰি ভোগ দখলত থকা খেতি মাটিলৈকো লুলোপ দৃষ্টি দি  ভলুকাগুৰিৰ জনৈক দত্ত উপাধিৰ এটা ভেৰণীয়া বিতৰ্কিত উদণ্ড যুৱকৰ জৰিয়তে অবৈধ দখল কৰিছিল। এইসন্দৰ্ভত  দাসৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল ভুক্তভোগী দৰিদ্ৰ চহা গৰাকীয়ে ঢকুৱাখনা সদৰ থানাত।

'শান্তি ধাম'ত অশান্তিৰ সৃষ্টি কৰা পৌৰপতিয়ে পালে উচিত প্ৰত্যুত্তৰ
খুমটাই উপ-জিলাৰ সদৰ স্থাপনৰ দাবীৰে মৰঙিত উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in