ঢকুৱাখনা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ ৰাজহুৱা সভা

প্ৰাপ্য আজুৰি আনিবলৈ ৰাজপথলৈ ওলাব প্ৰবঞ্চিত অজনজাতীয় ৰাইজ
ঢকুৱাখনা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ ৰাজহুৱা সভা
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিত বসবাস কৰা অজনজাতীয় ৰাইজৰ সংবিধান প্ৰদত্ত ৰাজনৈতিক অবিকাৰ খৰ্ব হৈ আহিছে। ভাৰতীয় সংবিধানৰ ১৭০ নম্বৰৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি প্ৰতি ১০ বছৰৰ মূৰে মূৰে সমষ্টি আৰক্ষণ ব্যৱস্থা সলনি কৰা বা মুক্ত কৰাৰ প্ৰক্ৰিয়া উলংঘা কৰি বিগত ৬২ বছৰে নিগাজীকৈ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ কৰি সমষ্টিটোৰ অজনজাতীয় নাগৰিকৰ জনপ্ৰতিনিধিত্বৰ অবিকাৰ খৰ্ব কৰিছে।

এনে প্ৰাপ্য অবিকাৰ খৰ্বকাৰী অসাংবিধানিক স্থিতাবস্থাৰ বিৰুদ্ধে ঐক্যবদ্ধ গণতান্ত্ৰিক গণ সংগ্ৰামৰ বিকল্প নাই আৰু অচিৰেই সমগ্ৰ সমষ্টি জুৰি এই প্ৰাপ্য অধিকাৰ বিচৰা গণতান্ত্ৰিক গণ সংগ্ৰামৰ পাতনি মেলা হব । শাসক পক্ষৰ এই ক্ষেত্ৰত প্ৰতাৰণামূলক আৰু গুৰুত্বহীন আচৰণৰ বিৰুদ্ধে সবল জনমত গঠন কৰি প্ৰয়োজনৰ স্বাৰ্থত নিৰ্বাচন বর্জনৰ দৰে কঠোৰ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা হব। এই সকীয়নী ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টি আৰক্ষণমুক্ত দাবী সমিতিৰ।

দেওবাৰে ঢকুৱাখনা নগৰৰ কেন্দ্ৰীয় পুথিভঁৰাল প্ৰেক্ষাগৃহত দাবী সমিতিৰ এখন প্ৰতিনিধিত্ব মূলক ৰাজহুৱা সভাই এই সৰ্বসন্মত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সমষ্টিটোৰ ২২ খন পঞ্চায়তৰ প্ৰাপ্য অধিকাৰ বিচৰা গৰিষ্ঠ সংখ্যক নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাৰ সভাপতিত্ব কৰে দাবী সমিতিৰ সভাপতি বিশ্ব নাথ দত্তই। দাবী সমিতিৰ সম্পাদক চুছেন গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা জনাকীৰ্ণ সভাত মুখ্য উপদেষ্টা গুণ ফুকন , ভদ্ৰ গগৈ, গোবিন বৰুৱা, মাণিক ফুকন , পৰাগ শইকীয়া, মিঠাৰাম চেতিয়া, টুনিৰাম শইকীয়া, বীৰেন সন্দিকৈ, যতীন কোঁৱৰ, দেউকণ গগৈ আদি বিভিন্ন বক্তাই নিজস্ব মন্তব্য প্ৰকাশ কৰে।

তেওঁলোকে এনে অবিচাৰ , প্ৰবঞ্চনাৰ বিৰুদ্ধে সংঘবদ্ধ আৰু সবল গণতান্ত্ৰিক যুঁজ কৰাৰ মত পোষণ কৰি এই ক্ষেত্ৰত দাবী সমিতিৰ অধিক জন সজাগতা আৰু সাংগঠনিক তৎপৰতাৰ একেমুখে আহ্বান জনায়। সভাতেই দাবী সমিতিৰ অনাগত কাৰ্যকালৰ বাবে এখন ৪১ জনীয়া নতুন সমিতি গঠন কৰা হয়। প্ৰফুল্ল চুতীয়াক সভাপতি , গোবিন বৰুৱাক কাৰ্যকৰী সভাপতি , চুছেন গগৈক সাধাৰণ সম্পাদক হিচাবে লৈ গঠিত নতুন সমিতিখন গঠন কৰাৰ উপৰিও জনাকীৰ্ণ সভাতেই এখন যুৱ সমিতি ,এখন মহিলা সমিতিও গঠন কৰা হয় । নবগঠিত সমিতিখনে সভাৰ অন্তত ঢকুৱাখনা প্ৰেছ গীল্ডত এক সংবাদমেল অনুষ্ঠিত কৰে।

দাবী সমিতিৰ বিষয়ববীয়া ভদ্ৰ গগৈ , সভাপতি প্ৰফুল্ল চুতীয়া, কাৰ্যকৰী সভাপতি, গোবিন বৰুৱা সম্পাদক চুছেন গগৈ ললিত দাস , দীপক দত্ত ,বীৰেন চেতিয়া, আদি উপস্থিত থকা সংবাদমেলত দাবী সমিতিয়ে কয় ২০১৯ চনৰ পৰা নিৰ্বাচনী আয়োগ , ৰাষ্ট্ৰপতি , প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰী সকলো পক্ষক ১৯৬২ চনৰ পৰা অবৈধ প্ৰক্ৰিয়াৰে অনুসূচীত জনজাতিৰ বাবে ঢকুৱাখনা সমষ্টিতো সংৰক্ষণ কৰি ৰখা বিষয়টো দৃষ্টিগোচৰ কৰি এই প্ৰাপ্য অবিকাৰ খৰ্বকাৰী সংৰক্ষণ উঠাই লোৱাৰ দাবী জনায় আহিছে।

২০০১ চনৰ জনগাঁথনি লোকপিয়ল অনুসৰি ৬১.৭৩ শতাংশ অজনজাতীয় নাগৰিক বিশিষ্ট এই সমষ্টিটোত জনজাতীয় নাগৰিক মাত্ৰ ৩৮.৭২ শতাংশ আছে । বিধিগত ভাবে সংৰক্ষণৰ মৰ্য্যদা নোহোৱা স্বত্বেও কি কাৰণত যুগ যুগ ধৰি এনে সংৰক্ষণ কৰি আহিছে তাক লৈ দাবী সমিতি ক্ষুব্ধ হোৱা বুলি জনায়। কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীৰ এনে বেপৰোৱা ভূমিকাৰ বাবে এইবাৰ গণতান্ত্ৰিক ভাবে যুঁজিবলৈ দাবী কৰি সমিতি সাজু হোৱা বুলি কৈ এই প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চনাকাৰী পদক্ষেপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ইতিমধ্যে গোচৰ তৰা বুলি জানিবলৈ দিয়ে ।

তাৰোপৰি ঢকুৱাখনা সমষ্টিৰ অজনজাতীয় নাগৰিকে স্বাধীন হৈয়ো পৰাধীন হৈ থাকিব লগা হোৱা পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী বুলি কৈ স্মাৰক পত্ৰ, আলোচনাৰ দাবীলৈ কৰ্ণপাত নকৰা দায়িত্বহীন ৰাজনৈতিক দল , ৰাজনীতিক ,চৰকাৰৰ এনে হঠকাৰী পদক্ষেপৰ বাবে ৰাজপথলৈ এই প্ৰাপ্য বিচৰা সংগ্ৰামখন উলিয়াই অনাৰ সংকল্প গ্ৰহণৰ কথা ঘোষণা কৰে। লগতে অনাগত সময়ত এনেবোৰ প্ৰতাৰক দলক উচিত শিক্ষা দিয়াৰো সকিয়নী দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in