ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলা আৰক্ষীক অধিক সক্ৰিয় আৰু কৰ্মপটু কৰি তোলাত ব্ৰতী হৈছে নৱ-নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। পিছে একাংশ কৰ্মস্পৃহাহীন আৰক্ষীৰ বেপৰোৱা মনোভাব আৰু উদাসীন দৃষ্টিভংগীৰ বাবে আৰক্ষী অধীক্ষক মিশ্ৰৰ প্ৰয়াসত চেঁচা পানী পৰিছে। অসম আৰক্ষীৰ দায়িত্বহীন ফোঁপোলা স্বৰূপ উদঙাই মঙ্গলবাৰে তেনে এক ঘটনা সংঘটিত হয় ঢকুৱাখনাত।
ঘটনাৰ বিৱৰণি অনুসৰি সোমবাৰে নিশা ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰী প্ৰদীপ চুতীয়াক বেবেজিয়া অঞ্চলৰ ফুচকৰামুখ গাঁৱৰ ৰাইজে আটক কৰি ঘিলামৰা আৰক্ষীক হস্তান্তৰ কৰিছিল। ড্ৰাগছসহ আটক হোৱা যুৱকজনক অন্য এজন আচামীসহ মঙ্গলবাৰে ঘিলামৰা থানাত এন ডি পি এছ আইনৰ আধাৰত গোচৰ পঞ্জীয়ন কৰাৰ পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰি বিয়লি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰিবলৈ ঘিলামৰা থানাৰ আৰক্ষী বিষয়া নাচিৰ খানৰ নেতৃত্বত আৰক্ষীৰ দলে ঢকুৱাখনালৈ বিভাগীয় গাড়ীত নিছিল।
পিছে ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ জামুগুৰি অংশ উপস্থিত হোৱাৰ সময়তে মুকলি ভাবে গাড়ীত বঢ়াই অনা আচামী প্ৰদীপ চুতীয়া গাড়ীৰ পৰা জঁপিয়াই নামি দৌৰি পলাই যায়। আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰাই দিন দুপৰতে এটা আচামী দৌৰি পলোৱাৰ পাছত স্তম্ভিত আৰক্ষীৰ দলটোৱে খেদি যায় যদিও ধৰিবলৈ সক্ষম নহ'ল। ঘিলামৰা আৰক্ষী থানাত পঞ্জীভূত গোচৰ ৩৮/২০২৩ ৰ অভিযুক্ত পলাতক আচামীতোক ধৰিবলৈ ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাসৰ নেতৃত্বত আৰক্ষীয়ে ব্যাপক অভিযান চলাই আছে যদিও বাতৰি লেখা পৰলৈকে সক্ষম হোৱা নাই।