ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ বৰঘৰত সংঘটিত হৈছে এক ভয়ানক কেলেংকাৰী। বিধায়কজনৰ অনুগত এগৰাকী গেৰুৱা দলৰ নেতাৰ পৃষ্ঠপোষকতাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিশাল চাউল চোৰাং ভাবে বিক্ৰী কৰাৰ এক ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত। অতি তাৎপৰ্যপূৰ্ণ বিষয় হ'ল শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ মাতমৰা মণ্ডল এছ টি মৰ্চাৰ সভাপতি ভবেশ দলেৰ নাম প্ৰত্যক্ষ ভাবে সাঙোৰ খাইছে এই কেলেংকাৰীত।
এই সন্দৰ্ভত শনিবাৰে ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত হৈছে এক গোচৰ । ঘটনাৰ বিৱৰণি অনুসৰি পূব ঢকুৱাখনা সমবায় সমিতিৰ ২০২২-২০২৭ বর্ষৰ পৰিচালনা সমিতিৰ সভাপতি ভবেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ পৃষ্ঠপোষকতাত বিগত প্ৰায় ৬ মাহ ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চোৰাং বেহা চলাই দৰিদ্ৰ হিতাধিকাৰীৰ মুখৰ ভাত কাঢ়ি খাই আহিছিল। সভাপতি-সচিব দুগৰাকীৰ নেতৃত্বত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰায় ১১শ কুইণ্টল চাউল হৰলুকী হোৱাৰ তথ্য পোহৰলৈ অহাত এই চৰকাৰী সামগ্রী লুণ্ঠনৰ সন্দৰ্ভত শনিবাৰে ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰা হয়। সমবায় সমিতিখনৰ অংশীদাৰীসকলে অভিযোগ কৰা মতে দৰিদ্ৰ হিতাধিকাৰী পৰিয়ালসমূহৰ বিপৰীতে আৱণ্টিত চৰকাৰী আঁচনিৰ চাউল প্ৰতি মাহে কৌশলেৰে কৰ্তন কৰি কৰি চলিত বর্ষৰ জুন মাহলৈকে প্ৰায় ১ হাজাৰ ১০০ কুইণ্টল চাউল চোৰাং ভাবে বিক্ৰী কৰি মুনাফা লভি আহিছে।
এই সন্দৰ্ভত পৰিচালনা সমিতিৰ একাংশ সঞ্চালক মণ্ডলীৰ অজ্ঞাতে এনেদৰে বিশাল পৰিমাণৰ চৰকাৰী চাউলৰ গোপন বেহা চলাই কোৰোনাৰে ধন চপোৱা এই দুই অৰ্থলোভী সভাপতি-সচিবৰ এনে সৰ্বগ্রাসী চৰিত্ৰৰ বিৰুদ্ধে উপায়ন্তৰ হৈ গোচৰ ৰুজু কৰিছে ন্যায়কামী ভুক্তভোগী গঞাৰ হৈ মনোজ কুমাৰ দাৰিকে। ঢকুৱাখনা সদৰ থানাত এই সন্দৰ্ভত গোচৰটো পঞ্জীয়ন হৈছে। ইপিনে শাসক দলৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি পদত অধিস্থিত ভবেশ দলেয়ে সমবায় সমিতিখনৰ সভাপতি হিচাবে নিৰ্বাচিত হৈ সংঘটিত কৰা চাউলৰ চোৰাং বেপাৰৰ মুখ্যনায়ক গৰাকীক উদ্ধাৰ অভিযানত ব্ৰতী হোৱাৰ অভিযোগ উঠিছে বিধায়ক নৱ দলেৰ বিৰুদ্ধে। সমবায় সমিতিখনৰ অংশীদাৰী একাংশই সংবাদমাধ্যমৰ আগত অভিযোগ কৰা মতে একাংশ বিতুষ্ট ৰাইজে এই ভয়ংকৰ চৰকাৰী চাউল কেলেংকাৰী সন্দৰ্ভত ঢকুৱাখনা মহকুমা প্ৰশাসনক যোৱা ১৫ জুনত এক লিখিত অভিযোগ দাখিল কৰিছিল। মহকুমা প্ৰশাসনে তদন্ত কৰি থকাৰ পৰৱৰ্তী সময়ত এই তদন্ত প্ৰক্ৰিয়াৰ কোনো সুফল প্ৰত্যক্ষ নকৰিলে ভুক্তভোগী ৰাইজে।
বিধায়ক নৱ দলেয়ে এগৰাকী দলীয় নেতাৰ লুণ্ঠনকাৰী চৰিত্ৰ পোহৰলৈ অহাৰ পাছত সেয়া গাপ দিবলৈ তদন্ত প্ৰক্ৰিয়াত অহেতুক হস্তক্ষেপ কৰা বুলিও একাংশ অংশীদাৰীয়ে মত প্ৰকাশ কৰিছে। সেই কাৰণেই মহকুমা প্ৰশাসনে দুই অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দাখিলৰ ক্ষেত্ৰত ৰহস্যজনক আৰু নৰম ভূমিকা পালন কৰিছে । ইতিমধ্যে হৰলুকী হোৱা এই চাউলৰ বজাৰ মূল্য প্ৰায় ৩৮ লাখ ৫০ হাজাৰ টকা হ'ব বুলি অংশীদাৰী একাংশই শনিবাৰে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰি কেৱল শাসক দলৰ নেতা হোৱাৰ বাবেই এই বিশাল চৰকাৰী পুঁজি শৰাধকাৰী সভাপতি আৰু সচিবৰ দুৰ্নীতিগ্ৰস্ত চৰিত্ৰক মহকুমা প্ৰশাসন, ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে ৰক্ষণাবেক্ষণ দিয়াত প্ৰশাসনৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস হেৰাই যোৱা বুলি জনাইছে। এই কেলেংকাৰী সন্দৰ্ভত ভুক্তভোগী ৰাইজে লখিমপুৰ জিলা উপায়ুক্ত শোণিত স্বতৱানক অৱগত কৰাৰ পাছতো ৰহস্যজনক ভাবে কোনো আইনগত প্ৰক্ৰিয়া গ্ৰহণ নকৰিলে বুলি ক্ষুব্ধ ৰাইজে অভিযোগ উত্থাপন কৰি সোপাধিলা প্ৰশাসনৰ দুৰ্নীতিৰ সৈতে সহাৱস্থান কৰা নীতিৰ বাবেই ১১ শ কুইণ্টল চৰকাৰী আঁচনিৰ চাউল হৰলুকীৰ দৰে কেলেংকাৰী সংঘটিত কৰিও অভিযুক্তই সদম্ভে ঘূৰি ফুৰা বুলি ন্যায়কামী ৰাইজে মত ব্যক্ত কৰিছে।
বিধায়ক দলেৰ জন্মভূমিৰ সমবায় সমিতিত এগৰাকী দলীয় নেতাৰ জৰিয়তে হোৱা এই বৃহৎ বিত্তীয় অনিয়ম হোৱাৰ পাছতো জিলা, মহকুমা প্ৰশাসন আৰু অসামৰিক যোগান বিভাগে মৰটোপনি মৰাৰ অন্তৰালত এক কুটিল ৰাজনীতিয়ে যে ক্ৰিয়া কৰিছে তাত পতিয়ন গৈছে হিতাধিকাৰী আৰু একাংশ অংশীদাৰী। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ভাবে ঘোষণা কৰিছিল "ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল নৰেন্দ্ৰ মোডীৰ। অসম আৰক্ষী মোৰ। যদি দৰিদ্ৰ ৰাইজ আঁচনিৰ চাউলৰ এশ গ্ৰামৰ পৰাও দৰিদ্ৰ বঞ্চিত হয় তেন্তে এই দুৰ্নীতিত জড়িত সকলো বিষয়া কৰ্মচাৰীয়ে জেলৰ ভাত খাব লাগিব।" কিন্তু ঢকুৱাখনাত মুখ্যমন্ত্ৰী গৰাকীৰ এই হুংকাৰলৈ বৃদ্ধাঙুষ্ঠ প্রদর্শন কৰি বিভাগ, প্ৰশাসনে দুৰ্নীতিগ্ৰস্তক দি আহিছে ৰক্ষণাবেক্ষণ । নিৰুপায় ন্যায়কামীৰ শেষ ভৰষা অসম আৰক্ষী । এক ক্ষমতাশীল ৰাজনৈতিক হেঁচা জড়িত থকাৰ ৰাজহুৱা অভিযোগ বিশিষ্ট এই গোচৰৰ তদন্তই অনাগত সময়ত কি গতি লয় তালৈ আগ্ৰহেৰে অপেক্ষা কৰিছে ভুক্তভোগী ৰাইজে ।
Also Read: দক্ষিণ-পূব ৰে'লৱেত নতুন জেনেৰেল মেনেজাৰ; এতিয়াও অচিনাক্ত ৫২টা মৃতদেহ...