ডিজিটেল সংবাদ, ঢকুৱাখনা : সোৱণশিৰিৰ পাৰৰ সোণ হৈ উজ্বলিল মেধাৱী ছাত্ৰ সত্যজিৎ কামান। ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি অঞ্চলৰ বালি চাপৰি গাঁৱৰ কমল কামান আৰু ৰশ্মি ৰেখা কামানৰ পুত্ৰ সত্যজিৎ কামানে নগাঁৱৰ ৰামানুজন জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত চতুৰ্থ স্থান লাভ কৰে। কৃতিত্বৰে উত্তীৰ্ণ হৈ গৃহভূমি ঢকুৱাখনাৰ লগতে উত্তৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ছাত্ৰজনে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোগামুখ খ্ৰাইষ্ট কিং স্কুলৰ পৰা অৱতীৰ্ণ হৈ ৯৪.০৩ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ ৰামানুজন জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰা সত্যজিৎৰ লক্ষ্য নিজকে এগৰাকী সফল সুদক্ষ অভিযন্তা হিচাবে গঢ়ি তোলা। তাৰেই প্ৰাৰম্ভিক পদক্ষেপ হিচাবে অধ্যয়ন কৰি মেধাবী ছাত্ৰজনে মুঠ ৯৫.০৬ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰত বিজ্ঞান শাখাত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
সৰুৰে পৰা গান গাই, বিহু নাচি ভাল পোৱা প্ৰত্যয়ী ছাত্ৰজনে কয়, "সাম্প্ৰতিক সময়ৰ জীৱনৰ সতে স্মাৰ্ট ফোনৰ এক অবিচ্ছেদ্য সম্পৰ্ক আছে যদিও যোৱা দুটা বছৰত ক্ষণিকৰ বাবেও ম'বাইল ফোনৰ সহায় অথবা ব্যৱহাৰ নকৰাকৈ বিদ্যালয়ত আৰ্জিত জ্ঞানেৰে এই সফলতা লাভ কৰিবলৈ সক্ষম হ'লো।" কোনো ধৰণৰ টিউচন কিম্বা ঘৰুৱা শিক্ষকৰ সহায়ৰ অবিহনেই শিক্ষানুষ্ঠানত শিক্ষাগুৰু সকলে কৰা বিদ্যাদানৰ সঠিক আৰু বস্তুনিষ্ঠ অধ্যয়নৰ বাবেই এই বিৰল সফলতা লাভ কৰা বুলি কৈ সফলতাত সুখ ব্যক্ত কৰে মেধাৱী শিক্ষাৰ্থী গৰাকীয়ে।
ঢকুৱাখনা মহকুমাৰ উন্নয়ন বিকাশে স্পৰ্শ নকৰা সোৱণশিৰী অঞ্চলৰ অতি ভিতৰুৱা বালি চাপৰি গাঁৱৰ বাসিন্দা, বৰ্ষামুখৰ মহুৰা চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কমল কামান আৰু ৰশ্মিৰেখা কামানৰ পুত্ৰ সত্যজিৎ কামানে কঢ়িয়াই অনা মেধাত্বৰ এই গৌৰৱৰ বাবে সদৌ অসম কামান অপৃন কৌবাং, সোৱণশিৰী বাংকে টাকাম মিচিং পৰিন কৌবাং, মিচিং মিমাগ কৌবাং, সোৱণশিৰী গাঁও পঞ্চায়তৰ সভাপতি খনিন্দ্ৰ মেদক, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু আদি বিভিন্ন ব্যক্তি সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি ছাত্ৰজনৰ শৈক্ষিক উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।
Also Read: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত কলা শাখাৰ শীৰ্ষ দহত কোন কোন...