ঢকুৱাখনা নগৰত চোৰৰ দৌৰাত্ম্য: এইবাৰ কুটুম ৱাইন বাৰত চোৰৰ চাফাই অভিযান...

ঢকুৱাখনা সদৰ আৰক্ষীৰ নিষ্ক্ৰিয়তা আৰু সোপাধিলা চৰিত্ৰৰ বাবে নগৰখনত দিনক দিনে চোৰৰ তাণ্ডৱ বৃদ্ধি পাই আহিছে

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা নগৰত চোৰৰ দৌৰাত্ম্য: এইবাৰ কুটুম ৱাইন বাৰত চোৰৰ চাফাই অভিযান...

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সদৰ আৰক্ষীৰ নিষ্ক্ৰিয়তা আৰু সোপাধিলা চৰিত্ৰৰ বাবে নগৰখনত দিনক দিনে চোৰৰ তাণ্ডৱ বৃদ্ধি পাই আহিছে । পৌৰসভাবাসীৰ জীৱন-সম্পত্তিৰ সুৰক্ষা দিয়াত নিৰ্লজ ভাবে ব্যৰ্থ হোৱা ঢকুৱাখনা সদৰ আৰক্ষীৰ নিষ্কর্মা নীতিৰ বাবেই সঘনাই চোৰৰ দৌৰাত্ম্য বৃদ্ধি পাই অহাৰ সময়তে দেওবাৰে পুৱতি নিশা নগৰৰ টাউন তিনিআলিত অৱস্থিত "কুটুম ৱাইন বাৰ এণ্ড ৰেষ্টুৰেণ্ট"ত চাফাই অভিযান চলায়।

পুৱতি নিশা প্ৰায় ৩.২৭ বজাত বাৰখনৰ ছাটাৰ ভঙাৰ চেষ্টা কৰি বিফল হৈ পাছফালৰ  দুৱাৰৰ তলা ভাঙি সোমাই কাউণ্টাৰত থকা চেন্সৰ তলা ভাঙি প্ৰায় ৭-৮ কাৰ্টুন বিলাতী সুৰা লৈ উধাও হয়। তাৰোপৰি চোৰে প্ৰায় ১৭ কাৰ্টুন বিলাতী সুৰা বাহিৰলৈ উলিয়াই আনি নিব নোৱাৰি বাৰৰ বাহিৰত এৰি থৈ যায়। পুৱা প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা নাগৰিকে দেখি স্বতাধিকাৰী ৰাজীৱ খানক অৱগত কৰে। খানে ঢকুৱাখনা সদৰ আৰক্ষীক অৱগত কৰে আৰু আৰক্ষী গৈ ঘটনাস্থলী পৰিদর্শন কৰি বিধিগত ব্যৱস্থা গ্ৰহণ কৰে।

এই সন্দৰ্ভত সদৰ থানাত এক গোচৰ ৰুজু কৰিছে স্বতাধিকাৰী ৰাজীৱ খানে। উল্লেখ্য যে, ঢকুৱাখনা আৰক্ষীৰ সোপাধিলা স্থিতিৰ সুবিধা গ্ৰহণ কৰি নগৰ এলেকাত ভাং, ড্ৰাগছৰ প্ৰচলনকে ধৰি বিভিন্ন অসামাজিক কাণ্ডই বিপদজনক ভাবে মূৰ দাঙি উঠিছে। সমান্তৰাল ভাবে চোৰৰ তাণ্ডবো বৃদ্ধি পোৱাত চূড়ান্ত নিৰাপত্তাহীনতাত ভুগিছে নাগৰিক সকল।

স্মৰ্তব্য যে, সমীপৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চি চি টি ভিৰ ফুটেজত দুটা চোৰৰ দ্বাৰা এই কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। কিন্তু বিগত সময়ৰ দৰে এইবাৰো আৰক্ষীৰ ৰহস্যজনক দুৰ্বলতা আৰু গুৰুত্বহীনতাৰ বাবে চোৰ চিনাক্ত কৰাত আৰক্ষী যে ব্যৰ্থ হ'ব সেয়া নিশ্চিত বুলি অভিজ্ঞতালব্ধ ৰাইজে আশংকা ব্যক্ত কৰিছে।

Also Read: কৰিমগঞ্জত অস্ত্র-শস্ত্রসহ আটক ৫ দুৰ্ধৰ্ষ ডকাইত...

Assam police