ট্রেডিং এফ এক্স ৰ জালত পৰি সৰ্বস্বান্ত ঢকুৱাখনাৰ শ শ বিনিয়োগকাৰী...

ডিব্ৰুগড়ৰ ট্ৰেডাৰ ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰৰ পাছতে সঞ্চিত পুঁজি হস্তান্তৰ কৰাত উঠি পৰি লাগিছে একাংশ..
ট্রেডিং এফ এক্স ৰ জালত পৰি সৰ্বস্বান্ত ঢকুৱাখনাৰ শ শ বিনিয়োগকাৰী...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যজুৰি তীব্রতৰ হৈছে অনলাইন ট্রেডিংৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ইটোৰ পাছত সিটো অনলাইন প্ৰৱঞ্চক,ট্ৰেডাৰ। শেহতীয়াভাবে ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ হৈছে বহু বিতৰ্কিত ট্রেডিং এফ এক্স নামৰ ট্রেডিং কোম্পানীটোৰ মুৰব্বী ৰঞ্জিত কাকতি। অভিযুক্ত কাকতিৰ একাংশ ঘনিষ্ঠ ধনৱন্ত এজেন্টে ঢকুৱাখনাত প্ৰবঞ্চনাৰ জাল পেলাই ইতিমধ্যে শ শ বিনিয়োগকাৰীৰ সঞ্চিত পুঁজি আত্মসাৎ কৰি আহিছিল।

কি শিক্ষক,কি ব্যৱসায়ী, কি শ্ৰমিক, কি সাংবাদিক সকলোৱে এই লোভনীয় অনলাইন বেপাৰত নামি পৰাৰ তথ্য সৰ্বত্ৰে প্ৰচাৰ হৈছে। ইয়াৰে একাংশ বিনিয়োগকাৰী ৰহস্যজনক ভাবে পতিপত্তিশীল হোৱাৰ বিপৰীতে একাংশই সঞ্চিত পুঁজি সমূলঞ্চে হেৰুৱাই লাও লোৱা অৱস্থা হোৱা পৰিলক্ষিত হৈছে। মঙলবাৰে ট্রেডিং এফ এক্সৰ মুৰব্বীজনক গ্ৰেপ্তাৰ কৰা পাছতে আৰক্ষীৰ জাল ঢকুৱাখনালৈ সম্প্ৰসাৰণ কৰাৰ ৰাজহুৱা দাবী উত্থাপিত হৈছে।

বক্ৰপথেৰে নিজৰ আৰ্জিত বিশাল অবৈধ পুঁজি,অর্জন কৰা বিলাসী বাহন, বিদেশ ভ্ৰমণৰ ফটোৰ প্ৰামাণিক তথ্য সামাজিক মাধ্যমৰ জৰিয়তে দিনে নিশাই প্ৰচাৰ কৰি একাংশক আকৰ্ষিত কৰাৰ কৌশল কৰি অহা ঢকুৱাখনাৰ মুনাফালোভী চক্ৰৰ সকলো ট্রেডিং পোষ্ট ফেচবুক প্ৰফাইলৰ পৰা ইতিমধ্যে অন্তৰ্ধান হৈছে।

ডিব্ৰুগড়ৰ ট্ৰেডাৰ কাকতিক গ্ৰেপ্তাৰ আৰু বিলাসী বাহন জব্দৰ পাছতে টোপনি হৰি এনেবোৰ অবৈধ চক্ৰই সঞ্চিত পুঁজি হস্তান্তৰ কৰাত উঠি পৰি লাগিছে।ঢকুৱাখনাত প্ৰবঞ্চনাৰ জাল পেলোৱা এনেবোৰ চক্ৰৰ একাংশই মোবাইল বন্ধ কৰি নিৰাপদ অৱস্থানৰ সন্ধানত নামিছে। একাংশ ভুক্তভোগী গ্ৰাহকে সংবাদ মাধ্যমৰ সৈতে জড়িত একাংশ ব্যক্তিয়েও গ্ৰাহকক প্ৰলোভিত কৰি প্ৰবঞ্চনা কৰাৰ দিশটো উনুকীয়াই শীঘ্ৰেই ঢকুৱাখনাৰ এই চক্ৰটোৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

ট্রেডিং এফ এক্স ৰ জালত পৰি সৰ্বস্বান্ত ঢকুৱাখনাৰ শ শ বিনিয়োগকাৰী...
হেঙেৰাবাৰীত নিচাসক্ত যুৱক আটকঃ জব্দ চিৰিঞ্জসহ কন্টেইনাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in