"নেট" নহয় "নোট"ৰ ইছ্যুঃ বাতৰি প্ৰকাশৰ পাছতেই ৭৮ বেতন বঞ্চিতই পালে প্ৰাপ্য

"নেট" নহয় "নোট"ৰ ইছ্যুঃ বাতৰি প্ৰকাশৰ পাছতেই ৭৮ বেতন বঞ্চিতই পালে প্ৰাপ্য

author-image
Asomiya Pratidin
New Update
"নেট" নহয় "নোট"ৰ ইছ্যুঃ বাতৰি প্ৰকাশৰ পাছতেই ৭৮ বেতন বঞ্চিতই পালে প্ৰাপ্য

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সতে সংলগ্ন উপ কোষাগাৰত বাস্তৱিকতে অবৈধ ধন সংগ্ৰহৰ নির্লজ দৰ দাম চলে। বিভাগটোত বছৰ বছৰ ধৰি খুঁটি পুতি বহা এচাম অৰ্থলোভী কৰ্মচাৰীৰ জৰিয়তে এই নির্লজ বেহা চলাৰ অভিযোগ অতি পুৰণি। শেহতীয়াকৈ ঘিলামৰাস্থিত বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত মুঠ ৭৮ গৰাকী শিক্ষকৰ মাহিলী বেতন প্ৰদানৰ বেলিকা এই অসৎ চক্ৰটোৱে মেলিছিল অবৈধ ধন সংগ্ৰহৰ বেহা।

উপ কোষাগাৰ বিষয়াৰ পৰা কৰ্মচাৰীলৈকে সকলোকে সন্তুষ্ট কৰাৰ বাবে অবৈধ ধন সংগ্ৰহৰ উদ্দেশেৰে মেলা এই বজাৰৰ বলি হৈছিল এইসকল নীতিনিষ্ঠ শিক্ষক। শিক্ষকসকলৰ মাহিলী বেতনৰ সৈতে "টাইম স্কেল"ৰ "ইনক্ৰিমেণ্ট" সংযুক্ত হোৱাৰ বাবেই যোৱা ১২ ছেপ্টেম্বৰৰ পৰা এইসকল শিক্ষকৰ বেতন বিল বন্ধ কৰি ৰখাৰ অভিযোগ তুলিছিল প্ৰাপ্য বঞ্চিত শিক্ষকসকলে। এই সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত বৃহস্পতি বাৰে বাতৰি প্ৰকাশ কৰাৰ পাছতে থৰকাছুটি হেৰাই অৰ্থলোভী চক্ৰৰ।

বেতন বঞ্চিত শিক্ষকসকলক "নেট"ৰ ইছ্যুৰ দোহাই দি বেতন বিল ইচ্ছাকৃত ভাবে বন্ধ কৰি ৰখাৰ বিপৰীতে এগৰাকী বিশেষ ব্যক্তিক এই বেতন মোকোলাই দিয়াৰ বাবদ "নোট"ৰ দাবী কৰিছিল চক্ৰটোৱে। কিন্তু বাতৰি প্ৰকাশৰ পাছতে মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ জৰুৰী হস্তক্ষেপত আশাত চেঁচা পানী পৰে। শুকুৰবাৰে বিয়লি এইসকল শিক্ষকৰ একাউণ্টত আগষ্ট মাহৰ বেতন সোমোৱাই দিবলৈ বাধ্য হয় বিভাগ ।

শিক্ষকসকলে জনোৱা মতে প্ৰথমে "নেট"ৰ বিজুতিৰ পাছত "বিল অৱজেক্টচন" আদি বিভিন্ন তৰল অজুহাত দেখুৱাই আগষ্ট মাহৰ প্ৰাপ্য বেতন বন্ধ কৰি ৰখা বিভাগীয় কৰ্মচাৰীসকলে কিদৰে পিছদিনাই এইসকল শিক্ষকৰ বেতন আদায় দিবলৈ সক্ষম হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে। এনে অশুভ পৰম্পৰাত জড়িতসকলৰ ওপৰত তদন্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে শিক্ষকসকলে।

প্ৰাপ্য মাহিলী বেতন বিচাৰি কাৰ্য্যালয়লৈ তাতবাতি কৰিও কেৱল ককৰ্থনা আৰু মিছা অজুহাতৰ সন্মুখীন হৈ অহা দুৰ্ভগীয়া শিক্ষকসকলে বাতৰি প্ৰকাশৰ পাছতে প্ৰাপ্য লাভৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মহকুমাধিপতি কলিতা আৰু "অসমীয়া প্ৰতিদিন ডিজিটেল"ক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Also Read: ড০ ৰাণী পাঠক দাসলৈ ২০২৩ বৰ্ষৰ অধবিকা ৰাষ্ট্ৰীয় বঁটা

GOVT OF ASSAM