ৰোগাক্ৰান্ত অৱস্থাত সোনাৰী চাপৰি পশু চিকিৎসালয়...

ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ সোনাৰী চাপৰিত অৱস্থিত চৰকাৰী পশু চিকিৎসালয়খনৰ ৰূপ দেখিলে আপোনাৰো চকু কপালত উঠিব।

author-image
Asomiya Pratidin
New Update
ৰোগাক্ৰান্ত অৱস্থাত সোনাৰী চাপৰি পশু চিকিৎসালয়...

ডিজিটেল সংবাদ, ঢকুৱাখনা : এখন চৰকাৰী পশু চিকিৎসালয়। ঢকুৱাখনা মহকুমাৰ কৃষি প্ৰধান অঞ্চল বৃহত্তৰ সোনাৰী চাপৰিত অৱস্থিত চৰকাৰী পশু চিকিৎসালয়খনৰ ৰূপ দেখিলে আপোনাৰো চকু কপালত উঠিব। ১৯৮৫ চনতে প্ৰতিষ্ঠা লাভ কৰা পশু চিকিৎসালয় উপকেন্দ্ৰটো যেন এতিয়া নিজেই দুৰাৰোগ্য ৰোগত আক্ৰান্ত।

বছৰ বছৰ ধৰি সোনাৰী চাপৰি সদৰত স্থাপিত এইখন চিকিৎসালয়ৰ বিধস্ত ৰূপ দেখিলে পশুপালন দপ্তৰ এটা যে ৰাজ্য চৰকাৰৰ আছে ভাবিবলৈয়ো টান। কৃষি প্ৰধান অঞ্চল হিচাবে লখিমপুৰ জিলাৰ ভিতৰত সুকীয়া পৰিচিতি থকা সু-বৃহৎ সোনাৰী চাপৰি আৰু কেঁকুৰীৰ কৃষক ৰাইজৰ পশুধনৰ চিকিৎসাৰ বাবে স্থাপিত চিকিৎসালখনে সুদীর্ঘ দিন ধৰি চৰকাৰী গুৰুত্বহীনতাৰ বাবে মৃত্যুৰ ক্ষণ গনিছে। চিকিৎসালয়খনত প্ৰসাদ বড়া নামৰ এগৰাকী চিকিৎসক সহ এগৰাকী ক্ষেত্ৰ সহায়কক নিযুক্তি দিয়ে দায়িত্ব সামৰিছে পশুপালন বিভাগে।

ইয়াৰ বিপৰীতে চৰকাৰী খণ্ডৰ চিকিৎসালয়খনত উপলব্ধ হ'ব লগীয়া পৰ্যাপ্ত সা-সুবিধা এপদো চৰকাৰে যোগান ধৰা নাই। অন্যতো বাদেই নূন্যতম আন্তঃগাঁথনিৰ দীৰ্ঘদিনীয়া অভাৱে জুৰুলা কৰি ৰাখিছে চিকিৎসালয়খনক। চিকিৎসালয়খনৰ চৌহদত নাই স্থায়ী পকী বেৰা, নাই বাস গৃহ, নাই চিকিৎসালয়ৰ স্থায়ী গৃহ। কৌটি কলীয়া যি গৃহ আছে সেইটোও কোন মুহূৰ্তত ভাগি পৰে তাৰো নিশ্চয়তা নাই । এফালৰ পৰা জহি খহি নিঃশেষ হৈ গৈছে জৰাজীৰ্ণ চিকিৎসালয়খন। চৰকাৰী কোনো আচবাব, চিকিৎসালয়ৰ সা-সঁজুলি, দৰব-পাতিৰ অস্তিত্ব নথকা এইখন চৰকাৰী চিকিৎসালয়ত নিয়োজিত চিকিৎসক বৰাই বিপদাপন্ন জীৱন অতিবাহিত কৰি চৰকাৰী সেৱা আগবঢ়াই গৈছে।

জৰাজীৰ্ণ চিকিৎসালয়খনৰ দুৱাৰ, খিৰিকী, বেৰা, চাল আদি নিঃশেষ হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসক গৰাকীয়ে অৱশিষ্ট হিচাবে বাকী ৰোৱা অংশত বৰষুণৰ বতৰত ফুটা চালেৰে সোমাই অহা বৰষুণত তিতি বুৰি দায়িত্ব পালন কৰিব লগা হৈ আহিছে । চিকিৎসালয়খনৰ দুৱাৰ খিড়িকীত ভগা টিনপাত, পলিথিন, ফটা কাপোৰ লগাই কোনোমতে জীয়াই ৰখা হৈছে মৃত্যুমুখী অৱস্থাৰ পৰা। নিজেই ৰোগাক্ৰান্ত হৈ চহা ৰাইজৰ সেৱা আগবঢ়োৱাত নির্লজভাৱে ব্যৰ্থ হোৱা এইখন চিকিৎসালয় তথা স্বাস্থ্য উপ-কেন্দ্ৰৰ গৃহ, চিকিৎসকৰ বাস-গৃহ, চৌহদৰ দেৱাল আদি যাৱতীয় আন্তঃগাঁঠনি উপলব্ধ কৰি সক্ৰিয় কৰাত গুৰুত্ব দিয়া নাই জিলা পশুপালন বিভাগে।

যাৰ বাবে সীমাহীন অভাৱ-সমস্যাৰ মাজত চৰকাৰী চিকিৎসা সেৱা প্ৰদান কৰিব লগা হৈছে নিয়োজিত চিকিৎসকে। ৰাজ্য চৰকাৰৰ পশুপালন মন্ত্ৰী অতুল বৰাৰ অদক্ষ পৰিচালনাই ৰোগাক্ৰান্ত কৰি তোলা এই চিকিৎসালয়খনৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ দূৰীকৰণ নকৰিলে অনাগত দিনত এই চিকিৎসালয়খন নিঃশেষ হোৱাৰ সম্ভাৱনাই প্ৰকট। এই ক্ষেত্ৰত জিলা পশুপালন বিষয়াৰ তৎপৰতা চহা পশু পালকসকলৰ কাম্য।

Also Read: চৰাইদেউ টেঙাপুখুৰীত ভয়ংকৰ অগ্নিকাণ্ড...

dhakuakhana GOVT OF ASSAM