সোনাৰী চাপৰিত এমাহে সন্ধানহীন দুই সন্তানৰ মাতৃ...

সোনাৰী চাপৰিত এমাহে সন্ধানহীন দুই সন্তানৰ মাতৃ...
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি ঢোলপেটা গাঁৱৰ এগৰাকী দুটা সন্তানৰ মাতৃ বিগত ২৫ দিন ধৰি সন্ধানহীন হৈ আছে।গাঁওখনৰ কনক দিহিঙীয়াৰ পত্নী মুনু দিহিঙীয়া নামৰ দুটা সন্তানৰ মাতৃ গৰাকীয়ে ১৩জুনৰ পুৱাই  নিজৰ পঞ্চম আৰু দশম শ্ৰেণীত অধ্যয়নৰত সন্তানক বিদ্যালয়লৈ প্ৰেৰণ কৰি নিজে প্ৰায়  ৯.৩০বজাত নিজৰ চিলাই দোকান অভিমুখে যায়। ইয়াৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে মহিলা গৰাকী।

বিয়লি পৰ্যন্ত ঘৰলৈ উভতি নহাত   মুনু দিহিঙীয়াৰ স্বামী কনক দিহিঙীয়াই সোণাৰি চাপৰি আৰক্ষী চকীত উক্তদিনা পত্নী  নিৰুদ্দেশৰ সন্দৰ্ভত অৱগত কৰে।কিন্তু অদ্যপি কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই সোনাৰী চাপৰি আৰক্ষী।অকস্মাত ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন হোৱাক লৈ চিন্তিত হৈ পৰিছে মহিলাগৰাকীৰ স্বামীৰ লগতে তেওঁৰ দুটি সন্তান। স্বামী কনক দিহিঙীয়াই বিগত ২৫ দিনে বহু বিচাৰ-খোচাৰ কৰিও পত্নীৰ সন্ধান উলিয়াব পৰা নাই।মহিলা গৰাকীৰ সন্ধান পালে স্বামী কনক দিহিঙীয়াক 8011732417 নম্বৰত অৱগত কৰিবলৈ আহ্বান জনায়।

সোনাৰী চাপৰিত এমাহে সন্ধানহীন দুই সন্তানৰ মাতৃ...
যুৱশক্তিৰ আধিপত্য : জিম্বাব’ৱেৰ বিৰুদ্ধে বিশাল ব্যৱধানত জয়ী টীম ইণ্ডিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in