ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সদৰ থানাৰ নিচেই গাতে লাগি থকা এখন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান ঢকুৱাখনা বালিকা মজলীয়া অভ্যসন বিদ্যালয়। ১৯৩৬ চনতে নগৰৰ মাজমজিয়াত প্ৰতিষ্ঠিত এইখন বিদ্যালয়ত দেওবাৰে বিয়লি ৪ বজাত চোৰে চলাই চাফাই অভিযান । বিদ্যালয়খনৰ ৰান্ধনী ঘৰৰ খিৰিকীৰ কলা গ্লাছ ভাঙি ভিতৰৰ সামগ্ৰী চাই পাছত দুৱাৰৰ তলা ভাঙি মুঠ ৫০খন কাঁহী, গ্লাছ ৩০ টা, পিতলৰ হেতা দুখন, ঢাকোন ২খন উলিয়াই নিয়ে। পাছত বিদ্যালয় চৌহদৰ ভিতৰত থকা বাগিচাৰ বেৰা হিচাবে ব্যৱহাৰ কৰি ৰখা ১২ খন টাটা টিনপাত উঠাই নিয়ে ।
এই সন্দৰ্ভত বিদ্যালয় প্ৰধান শিক্ষক লীলা কান্ত দাসে সোমবাৰে পুৱাই ঢকুৱাখনা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে । উল্লেখযোগ্য যে বিদ্যালয়খনৰ সংস্থাপিত কৰা চি চি কেমেৰাত উক্ত চুৰিকাণ্ডৰ সবিশেষ বাণীবদ্ধ হৈ আছিল আৰু এই সন্দৰ্ভত সকলো প্ৰামাণিক তথ্য আৰক্ষীক জমা দিছে। কেমেৰাত চোৰৰ সকলো অবয়ব পৰিস্ফুট হৈ থকাৰ পাছতো আৰক্ষীযে চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই অদ্যপি। এই ক্ষেত্ৰত আৰক্ষীৰ সোপাধিলা স্থিতিক সকলোৱে সমালোচনা কৰিছে ।
প্ৰামাণিক তথ্য উপলব্ধ হোৱাৰ পাছতো অপৰাধীক আটক নকৰা কথাই সকলোকে সচকিত কৰিছে। ইপিনে বিদ্যালয়খনত এগৰাকী নৈশ চকীদাৰ নিযুক্তি নিদিয়া আৰু বিদ্যালয় চৌহদত ওখ পকী বেৰা নোহোৱা কথাই এনে অপৰাধ সংঘটিত হোৱাত উদগনি যোগাই আহিছে। ৰাইজ অভিভাৱক সমাজে শিক্ষা বিভাগ, জিলা প্ৰাথমিক শিক্ষা বিষয়া, ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আদিক এই ক্ষেত্ৰত সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে । স্মতব্য যে পূৰ্বেও এবাৰ এইখন প্ৰতিষ্ঠিত বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হৈছিল । আৰক্ষীৰ অপৰাধী আটক কৰাত গ্ৰহণ কৰা এনে দুৰ্বল ভূমিকাক সচেতন মহলে সন্দেহৰ দৃষ্টিৰে চাইছে।
Also Read: বেকাজানত বীৰ লাচিত সেনাৰ শাখা সমিতি গঠন