ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা গ্ৰন্থমেলা আয়োজক সমিতিৰ উদ্যোগত অহা ১৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ঢকুৱাখনা গ্ৰন্থমেলা ২০২৪। অহা ২৪ ডিচেম্বৰলৈ চলিব লগা এই গ্ৰন্থমেলাখন অনুষ্ঠিত হ'ব ৰাজহুৱা খেলপথাৰত।
নৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ মানসিকতা গঢ় দিয়া আৰু যুৱ শক্তিৰ মাজত ভিন্ন শিতানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিভা বিকাশৰ এখন নিৰ্ভৰশীল মঞ্চ প্ৰদান কৰি অহা হৈছে। তাৰোপৰি গ্ৰন্থমেলাৰ সতে সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে এইবাৰো "গ্ৰন্থজ্যোতি" শীর্ষক মুখপত্ৰখন প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে।
সেই লক্ষ্যৰে আয়োজক সমিতিয়ে সুলেখিকা পুষ্পা গগৈক উপদেষ্টা আৰু প্ৰতিমা চেতিয়াক সম্পাদক হিচাবে লৈ এখন সম্পাদনা সমিতি গঠন কৰি দিছে। গ্ৰন্থ জ্যোতিৰ সম্পাদক প্ৰতিমা চেতিয়াই "গ্ৰন্থ জ্যোতি"ৰ বাবে আগ্ৰহী লেখকসকলৰ পৰা ভাষা, সাহিত্য, সংস্কৃতিৰ বিষয়ৰ ভিন্ন ধৰ্মী লেখাৰ লগতে গল্প, কবিতা, গ্ৰন্থ সমালোচনা, প্ৰবন্ধ, অনুবাদমূলক সাহিত্য, ভ্ৰমণ বৃত্তান্ত, জীৱনীমূলক, ব্যংগাত্মক আদি শিতানৰ লেখনি আহ্বান কৰিছে।
চেতিয়াই জনোৱা মতে লেখনিসমূহ ইংৰাজী আৰু অসমীয়া ভাষাত "ৰামধেনু " আৰু "টাইমচ নিউ ৰোমান"ছফ্টৱেৰ যোগে শুদ্ধকৈ লিখি প্ৰেৰণ কৰিব লাগিব। সম্পাদনা সমিতিৰ হোৱাটছএপ নম্বৰ ৯৮৬৪০ ৬৬৫২০ নম্বৰত অথবা ইমেইল- pratimachetia24@gmail com যোগে প্ৰেৰণ কৰিব পাৰিব। তদুপৰি ঢকুৱাখনা নগৰৰ গগৈ ব্ৰাদাৰচত লেখনিসমূহ জমা দিব পাৰিব বুলি কৈ অহা ৩০ অক্টোবৰৰ ভিতৰত জমা দিবলৈ আহ্বান জনাইছে।
Also Read: সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ সন্মিলন সম্পন্ন...