ব্ৰহ্মপুত্ৰৰ মথাউৰী আৰু লোকনিৰ্মাণ পথত ডাম্পাৰৰ দৌৰাত্ম্য...

লোকনিৰ্মানৰ প্ৰকাণ্ড গেট ভাঙি বিনষ্ট

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰৰ মথাউৰী আৰু লোকনিৰ্মাণ পথত ডাম্পাৰৰ দৌৰাত্ম্য...

ব্ৰহ্মপুত্ৰৰ মথাউৰী আৰু লোকনিৰ্মাণ পথত ডাম্পাৰৰ দৌৰাত্ম্য...

ডিজিটেল সংবাদ ঢকুৱাখনা:  চৰকাৰী বিধি নিৰ্দেশনা ভৰিৰে মোহাৰি একাংশ অত্যাধিক ওজনৰ সামগ্ৰী পৰিবাহী ডাম্পাৰৰ ভয়ানক দৌৰাত্ম্য অব্যাহত আছে ঢকুৱাখনাত। পথ পৰিবহণ বিভাগৰ নীতি নিৰ্দেশনা পদপিষ্ট কৰি অত্যাধিক পৰিমাণৰ শিল, বালি সৰবৰাহ কৰা এনেচাম ডাম্পাৰে তীব্র গতিত যাতায়ত কৰাৰ বাবে ইতিমধ্যে বহু পথ দুৰ্ঘটনা সংঘটিত হৈছে।

শেহতীয়া ভাবে চোৰাং বনজ সম্পদৰ সৰবৰাহ কৰা বুলি সন্দেহ কৰা এখন তীব্ৰবেগী ডাম্পাৰে লোকনিৰ্মাণ বিভাগৰ এখন গেট ভাঙি ছিন্ন ভিন্ন কৰে। ঘটনাৰ বিবৰণ অনুসৰি ১৭ আগষ্টত মাজুলীৰ পৰা ধেমাজি দিশে ব্ৰহ্মপুত্ৰৰ মথাউৰী আৰু নব নিৰ্মিত পথেৰে তীব্ৰ বেগত যোৱা এ এছ ২৩- চি চি ৫৯৬২ নম্বৰৰ ডাম্পাৰখনে লোটাচুৰ অংশত লোকনিৰ্মাণ বিভাগে স্থাপন কৰা এখন গেট ইচ্ছাকৃত ভাবে ভাঙি তচনচ কৰে।

লোকনিৰ্মাণ বিভাগে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে অৱস্থিত মথাউৰীতো বগীবিলৰ পৰা মাজুলী সংযোগ কৰি নিৰ্মাণ কৰিছিল পকী পথ হিচাবে। এই পথটোৰে গধুৰ মালবাহী গাড়ী চলাচল নিষিদ্ধ কৰি লোকনিৰ্মাণ বিভাগ আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনে বিশেষ জাননী জাৰি কৰিছিল।

তাৰোপৰি পথৰ ঢকুৱাখনা অংশৰ লোটাচুৰ,মাতমৰা আৰু বকুলগুৰি অংশত বিভাগে ঠিকাদাৰ গোষ্ঠী মেচাৰ্ছ পূৰ্বাঞ্চল চাপ্লায়াৰ্ছ এণ্ড কণ্ট্ৰেক্টৰ কোম্পানীৰ জৰিয়তে তিনি অংশত নিৰ্ধাৰিত জোখত তিনিখন লোৰ গেট স্থাপন কৰিছিল। যাতে কোনো গধুৰ  মালবাহী বাহন চলাচল কৰিব নোৱাৰে।

কিন্তু শনিবাৰে এইখন ডাম্পাৰে মাজুলীৰ দিশৰ পৰা তীব্ৰ বেগত আহি সম্পূৰ্ণ দৃশ্যমান হৈ থকা লোটাচুৰ অংশৰ প্ৰকাণ্ড লোৰ গেটখন খুন্দিয়াই ভাঙি খণ্ড বিখণ্ড কৰে। চৰকাৰী সম্পত্তিৰ এনে বলপূৰ্বক ধ্বংস কৰা প্ৰত্যক্ষ কৰি কোম্পানীয়ে স্থানীয় ৰাইজৰ সহযোগত গাড়ীখন আটক কৰি বিষয়টো ঢকুৱাখনা মহকুমাধিপতি কাৰ্ত্তিক কলিতা , ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু লোকনিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাক অৱগত কৰে।

ইতিপূৰ্বেও দুবাৰ এনেদৰে ডাম্পাৰে খুন্দিয়াই দুখন লোৰ গেট ভাঙিছিল। তৃতীয়বাৰ একে ঘটনাৰ পুনৰাবৃত্তি ঘটাৰ পাছত লোকনিৰ্মাণ বিভাগ আৰু মহকুমা প্ৰশাসনে কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

উল্লেখ্য যে, সততে আৰক্ষীৰ চকুত ধূলি দি এই পথেৰে চোৰাং বনজ সম্পদৰ গোপন সৰবৰাহ কৰাত নিমগ্ন হৈ আহিছে একাংশ ডাম্পাৰ। ঢকুৱাখনা আৰক্ষীৰৰ সদা নিষ্ক্ৰিয় ভূমিকাৰ বাবেই সঘনাই এনে ঘটনা সংঘটিত হোৱাই নহয় পথটোৰ স্থায়ীত্বলৈ প্ৰচণ্ড ভাবুকি নামি আহিছে এই অত্যাধিক বোজা বহনকাৰী ডাম্পাৰ বোৰৰ বাবে।

আৰক্ষীয়ে তাৎপৰ্যপূৰ্ণ ভাবে কেইখনমান অত্যাধিক বনজ সম্পদ বোজাই কৰি উক্ত পথেৰে অহা ডাম্পাৰ আটক কৰি থানালৈ আনিছিল। কিন্তু সোমবাৰে দুপৰীয়া এইসমূহ বাহন ৰহস্যজনক ভাবে মোকোলাই দিয়ে। অধিক মুনাফা লাভৰ বাবে গোপন পথেৰে যাতায়ত কৰা এনেবোৰ বাহনৰ ওপৰত কঠোৰ বিধিগত শাস্তি বিহাৰ দাবী উত্থাপন হৈছে।

Also Read: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ মহিলা কৰ্মচাৰীয়ে ৰাখী পিন্ধালে সৰ্বানন্দ সোণোৱালক...

ঢকুৱাখনা ডাম্পাৰ