চিকিৎসালয়ত তাণ্ডৱ চলাই তিনি মদাহী ঢকুৱাখনা আৰক্ষীৰ জালত

চিকিৎসালয়ত তাণ্ডৱ চলাই তিনি মদাহী ঢকুৱাখনা আৰক্ষীৰ জালত

author-image
Asomiya Pratidin
New Update
চিকিৎসালয়ত তাণ্ডৱ চলাই তিনি মদাহী ঢকুৱাখনা আৰক্ষীৰ জালত

চিকিৎসালয়ত তাণ্ডৱ চলাই তিনি মদাহী ঢকুৱাখনা আৰক্ষীৰ জালত

ডিজিটেল সংবাদ ঢকুৱাখনা: দিনে নিশাই ৰোগাক্ৰান্ত নাগৰিকৰ স্বাস্থ্য সেৱা প্ৰদানত ব্ৰতী হৈ অহা ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ একাংশ চিকিৎসাকৰ্মীৰ ওপৰত শাৰীৰিক আক্ৰমণ চলাই ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ল ঢকুৱাখনা নগৰৰ তিনি উদণ্ড মাতাল যুৱক। ঘটনাৰ বিৱৰণি অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বালি গাঁৱৰ উদণ্ড যুৱক ক্ৰমে মুন চুতীয়া, জান গগৈ,মাইনা গগৈয়ে সুৰা পান কৰি মাতাল হৈ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয়।

চিকিৎসালয়ত উপস্থিত হৈয়ে চিকিৎসালয়খনত কৰ্মৰত আৰু দায়িত্বত থকা স্বাস্থ্য কৰ্মী ৰাজেন বৰা আৰু অন্যান্য নাৰ্ছসকলক উদ্দেশ্যি এই তিনি মাতাল যুৱকে অনাহকত গালি গালাজ কৰি শাৰীৰিক নিৰ্যাতন চলাই আৰু পৰিস্থিতি উশৃংখল কৰি তোলে।জানিব পৰা মতে শুকুৰবাৰে নিশা চিকিৎসালয়ত এগৰাকী মহিলাই এটি মৃত সন্তান প্ৰসৱ কৰিছিল ।

চিকিৎসকৰ তত্বাৱধানত থকা উক্ত প্ৰসূতী মহিলাগৰাকী পৰৱৰ্তী সময়ত চিকিৎসালয় কৰ্তৃপক্ষৰ অজ্ঞাতে আৰু অনুমতি অবিহনে স্বগৃহলৈ গুচি গৈছিল। উদণ্ড যুৱক কেইটাই চিকিৎসালয় কৰ্তৃপক্ষই এই গৰাকী প্ৰসূতী মাতৃক চিকিৎসকে ঘৰলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি নিশা মাতাল অৱস্থাত উপস্থিত হৈ চিকিৎসালয়ত বহু সময় ধৰি সন্ত্ৰাস চলাই ।

কৰ্তব্যৰত চিকিৎসক, স্বাস্থ্য কৰ্মীৰ লগতে ৰোগাক্ৰান্ত আৰু অভিভাৱকক নিয়মীয়া সেৱা আগবঢ়োৱাত প্ৰচণ্ড বাধা সৃষ্টি কৰি চিকিৎসকৰ টেবুল পৰ্যন্ত ঢকিয়াই তাণ্ডৱ চলোৱা উন্নাসিক যুৱক তিনিজনৰ এনে অভদ্ৰ আচৰণ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীক অৱগত কৰাত সদৰ থানাৰ আৰক্ষী গৈ ঘটনস্থলীত উপস্থিত হৈ যুৱক কেইটাক চিকিৎসালয়ৰ পৰা আটক কৰে।

চিকিৎসাকৰ্মীসকলৰ অভিযোগ নিৰীহ স্বাস্থ্য কৰ্মী ৰাজেন বৰাক খেদি খেদি নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ লগতে কৰ্তব্যৰত নাৰ্ছসকলক অভব্য আচৰণ চলাই পৰিস্থিতি উত্তপ্ত কৰিছিল এই বৰ্বৰ প্ৰকৃতিৰ যুৱক কেইটাই। চৰকাৰী চিকিৎসালয়ত চিকিৎসাকৰ্মীৰ চৰকাৰী সেৱা প্ৰদানৰ সময়ত এনেদৰে নিৰ্মম আক্ৰমণৰ বলি হ'বলগীয়া ঘটনাৰ পাছত প্ৰচণ্ড নিৰাপত্তাহীনতাত ভুগিছে নিষ্ঠাবান স্বাস্থ্য কৰ্মীসকল।

সচেতন ৰাইজ, প্ৰত্যক্ষদৰ্শী আৰু ভুক্তভোগী স্বাস্থ্য কৰ্মীসকলে ধৃত উদণ্ড যুৱক কেইটাক কঠোৰতম আইনগত শাস্তি প্ৰদানৰ দাবী জনাইছে। এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত এক গোচৰ পঞ্জীয়ন হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ  ধাৰাত ।

Also Read: সেয়া বিয়াৰ প্ৰস্তাৱ নে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ প্ৰস্তাৱ ! দেশজুৰি আৰম্ভ হৈছে চৰ্চা...

ঢকুৱাখনা