ঢকুৱাখনাৰ জাহাঙ্গীৰ হত্যাকাণ্ডৰস্থলীত পুনৰ ফৰেঞ্চিক বিশেষজ্ঞৰ দল...

গুজৰাটৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, ভাৰত চৰকাৰৰ বিশিষ্ট ফৰেঞ্চিক বিশেষজ্ঞ অশোক কুমাৰে কৰিলে ক্ৰছ ভেৰিফিকেচন
ঢকুৱাখনাৰ জাহাঙ্গীৰ হত্যাকাণ্ডৰস্থলীত পুনৰ ফৰেঞ্চিক বিশেষজ্ঞৰ দল...
ঢকুৱাখনাৰ জাহাঙ্গীৰ হত্যাকাণ্ডৰস্থলীত পুনৰ ফৰেঞ্চিক বিশেষজ্ঞৰ দল...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাৰ লোমহৰ্ষক জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্তৰ গতি ক্ৰমাৎ তীব্রতৰ হৈছে এছ পি অমৃত ভূঞাৰ নেতৃত্বত। বিগত প্ৰায় ডেৰ মাহ ধৰি অব্যাহত থকা এই বৰ্বৰ হত্যাকাণ্ডকলৈ অপৰাধ অনুসন্ধান বিভাগৰ নিজাববীয়া  তদন্তই যোৱা দুটা দিনত বিশেষ অগ্ৰগতি লাভ কৰিছে। 

চি আই ডিৰ আৰক্ষী অধীক্ষক ভূঞাই বাহৰ পাতি চলোৱা সূক্ষ্ম তদন্ত কালত বহু গুৰুত্বপূৰ্ণ প্ৰামাণিক তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।  নিৰীহ ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনক হত্যাৰ প্ৰকৃত ৰহস্য আৰু ঘাটকৰ পৰিচয় সন্দৰ্ভত যথেষ্ট সমল আৰক্ষী অধীক্ষক ভূঞাৰ নিখুঁত তদন্ত কালত পোহৰলৈ অহাৰ ইংগিত পোৱা গৈছে। 

আৰক্ষী অধীক্ষক ভূঞাৰ এনে অগ্ৰগতিৰ সমান্তৰালভাৱে সমগ্ৰ ঘটনাক্ৰমৰ পুনৰীক্ষন কৰিবলৈ শুকুৰবাৰে ঢকুৱাখনাত উপস্থিত হৈছে গুজৰাটৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, ভাৰত চৰকাৰৰ বিশিষ্ট ফৰেঞ্চিক বিশেষজ্ঞ, ৰাজ্য চৰকাৰৰ ফৰেঞ্চিক উপদেষ্টা অশোক কুমাৰ,ৰাষ্ট্ৰীয় ফৰেঞ্চিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ড০ আশা শ্ৰীবাস্তৱসহ ৪ জনীয়া এটা বিশেষজ্ঞৰ দল।

ঘটনাৰ তদন্তকাৰী শীর্ষ আৰক্ষী বিষয়া ভূঞাৰ নেতৃত্বত ফৰেঞ্চিক বিশেষজ্ঞৰ দলটো ঢকুৱাখনা সদৰ থানাত উপস্থিত হৈ কাৰিকৰী দিশৰ লগতে ঘটনাক্ৰমৰ বাস্তৱিক পৰ্য্যালোচনা কৰি চূড়ান্ত পৰ্যায়ৰ খতিয়ান পুনৰীক্ষনৰ বাবে হত্যাকাণ্ডৰস্থলীত উপস্থিত হয়। প্ৰায় ডেৰ ঘণ্টা ধৰি হত্যাকাণ্ড ক্ষেত্ৰত উপস্থিত হৈ প্ৰতিটো দিশ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰি "ফ্ৰেম ৱৰ্ক" প্ৰস্তুত কৰে দলটোৱে।

দলটোৱে হত্যাকাণ্ড সংঘটিত হোৱা অঞ্চলৰ বিভিন্ন কোণৰ পৰা ফটো সংগ্ৰহ কৰি নিয়ে। প্ৰায় এমাহৰ পূৰ্বে এই হত্যাকাণ্ডস্থলীত উপস্থিত হৈ মৃতদেহৰ সমস্ত ভস্মীভূত অৱশিষ্ট জব্দ কৰি পৰীক্ষাৰ বাবে লৈ যোৱাৰ পাছত এটা মাহৰ পাছত পুনৰ তদন্তকাৰী দলটোৱে কাৰিকৰীগত কেইটামান দিশ তদাৰক কৰি উপলব্ধ সমলৰ সৈতে তুলনামূলক "ক্ৰছ ভেৰিফিকেচন" কৰে। পৰৱৰ্তী সময়ত দলটো লখিমপুৰলৈ ৰাওনা হয়।

উল্লেখযোগ্য যে জাহাঙ্গীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত চি আই ডিৰ দলটোৱে এক নিৰ্দিষ্ট দিশেৰে আগবাঢ়ি হত্যাকাৰীৰ উদ্দেশ্য আৰু ঘাটকৰ পৰিচয় সন্দৰ্ভত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।

ঢকুৱাখনাৰ জাহাঙ্গীৰ হত্যাকাণ্ডৰস্থলীত পুনৰ ফৰেঞ্চিক বিশেষজ্ঞৰ দল...
বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণঃ কেইবাজনৰো মৃত্যু, আক্ৰান্তৰ অধিকাংশই শিশু, কিশোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in