ঢকুৱাখনাত শ্মশানৰ ভূমি বেদলকাৰী ৰূপত পৌৰপতি ৰাজীৱ দাস...

ঢকুৱাখনাত শ্মশানৰ ভূমি বেদলকাৰী ৰূপত পৌৰপতি ৰাজীৱ দাস...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত শ্মশানৰ ভূমি বেদলকাৰী ৰূপত পৌৰপতি ৰাজীৱ দাস...

ঢকুৱাখনাত শ্মশানৰ ভূমি বেদলকাৰী ৰূপত পৌৰপতি ৰাজীৱ দাস...

ডিজিটেল সংবাদ ঢকুৱাখনা: অপাত্ৰত ৰাজ শাসনৰ দায়িত্ব পৰিলে প্ৰজাৰ নগুৰ নাকতি হোৱাতো তেনেই স্বাভাৱিক। ঢকুৱাখনাৰ বিগত সময়ৰ ইতিহাস খুচৰিলে এনে বহু দৃষ্টান্ত উপলব্ধ হ'ব।

এইবাৰ এনে এক সৰ্বধিকৃত কাণ্ডৰে বিতৰ্কৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে ঢকুৱাখনাৰ পৌৰপতিয়ে । ঢকুৱাখনা পৌৰ সভাৰ পৌৰপতি ৰাজীৱ দাসৰ এক স্বেচ্ছাচাৰী পদক্ষেপৰ বাবে এইবাৰ বদনামী হ'ব লগা হৈছে ঢকুৱাখনা পৌৰ সভা।

পৌৰপতি ৰাজীৱ দাসৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হৈছে ক্ষমতাৰ অপব্যৱহাৰ কৰি ভূমি বেদখলৰ গুৰুতৰ ৰাজহুৱা অভিযোগ। সবাতোকৈ লক্ষণীয় বিষয় হৈছে এইগৰাকী পৌৰপতিয়ে মইমতালি নীতিৰে ৰাজহুৱা শ্মশানৰ আবন্তিত ভূমি বেদখল কৰাত উঠি পৰি লাগিছে ।

ঢকুৱাখনাবাসী নাগৰিক আৰু ৰাজহুৱা শ্মশান উন্নয়ন আৰু পৰিচালনা সমিতিক স্তম্ভিত কৰি তোলা এই কাণ্ডই দৰাচলতে গেৰুৱা দলৰ দখলত থকা ৰাজীৱ দাস নেতৃত্বাধীন পৌৰসভাখনৰ ইচ্ছাই আইন নীতিক প্ৰকট কৰি তুলিছে । উত্থাপিত অভিযোগ মতে ঢকুৱাখনা ৰাজহ চক্ৰৰ মহঘুলি মেপৰ চাৰিকড়ীয়া নদীৰ দলংৰ সমীপৰ প্ৰায় ৫ বিঘা ভূমি ঢকুৱাখনা ৰাজহুৱা শ্মশান নিৰ্মাণৰ বাবে আৱন্তন দিছিল চৰকাৰী ভাবে ।

সেই অনুক্ৰমে পূৰ্বতে নগৰবাসীয়ে ৰাজহুৱা শ্মশানশালী হিচাবে ব্যৱহাৰ কৰি অহা এই ভূখণ্ড আৱন্তন লাভ কৰি ৰাজহুৱা শ্মশান উন্নয়ন আৰু পৰিচালনা সমিতি এখন ২০১৭ চনতে গঠনেৰে "শান্তিধাম" হিচাবে নিৰ্মাণ কৰি মুকলি ব্যৱহাৰ কৰি আহিছিল । পূৰ্বৰ মীনা হাজৰিকা নেতৃত্বৰ নগৰ সমিতিখনে প্ৰায় ৮ লাখ টকা পুঁজি আৱন্তন দিয়াৰ উপৰিও সুহৃদ ৰাইজৰ দান বৰঙণিৰে এইখন "শান্তি ধাম"ৰ আন্তঃগাঁথনি উন্নয়ন কৰিছিল।

সকলো স্বাভাৱিক ভাবেই পৰিচালিত হৈ থকাৰ পৰৱৰ্তী সময়ত এই "শান্তি ধাম"ৰ আবন্তিত ভূমিলৈ কুপদৃষ্টি পৰে পৌৰপতি দাসৰ। কিছুদিন পূৰ্বে এইখন শ্মশানশালী এক্সকেভেটৰ লগাই নিকাকৰণ কৰাৰ লগতে তাত মাটি পেলোৱা পৰিলক্ষিত হয় নাগৰিকৰ।

পৰৱৰ্তী সময়ত এইগৰাকী পৌৰপতিৰ নেতৃত্বত এই ৰাজহুৱা শ্মশানৰ ভিতৰত এটা শিৱ মন্দিৰ স্থাপনৰ প্ৰাৰম্ভিক কুচকাৱাজ ৰাইজৰ দুষ্টিগোচৰ হয়। এই সন্দৰ্ভত শ্মশান পৰিচালনা আৰু উন্নয়ন সমিতিৰ লগতে ৰাইজে পৌৰসভাত খবৰ কৰি পৌৰপতি দাসৰ জৰিয়তে এই কাৰ্য সম্পন্ন হোৱাৰ তথ্য লাভ কৰে।

চৰকাৰী ভাবে আবন্তিত ভূমিত দায়িত্বশীল পৰিচালনা সমিতিৰ উপস্থিতিক অৱজ্ঞা কৰি মন্দিৰ নিৰ্মাণৰ চৰকাৰী পুঁজি ব্যয়ৰে দাম্ভিক তৎপৰতা চলোৱা কাৰ্যৰ বিৰোধিতা কৰি দেওবাৰে ঢকুৱাখনা বালি গাঁও হৰিমন্দিৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে । জ্যেষ্ঠ নাগৰিক নন্দ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদেশ্য ব্যাখ্যা কৰে পৰিচালনা সমিতিৰ অন্যতম সম্পাদক পূৰ্ণ চুতীয়াই ।

গৰিষ্ঠ সংখ্যক নাগৰিক উপস্থিত থকা সভাত পৌৰসভাৰ এনে অবিবেচকী কাৰ্যৰ একেমুখে গৰিহণা দি এই সমাজবিৰোধী কাৰ্যৰ বিৰুদ্ধে সোচ্চাৰ হয়।সভাত চৰকাৰী ভাবে আৱন্তন লাভ কৰা ভূমিত ক্ষমতাৰ অপব্যৱহাৰ কৰি গ্ৰহণ কৰা এনে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে মহকুমাধিপতিক সোমবাৰে অভিযোগ দিয়াৰ লগতে পৌৰসভাতো এনে হঠকাৰী পদক্ষেপৰ বিৰোধিতাৰে ৰাজহুৱা দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

শ্মশান পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ছবিলাল জৈন, কাৰ্যকৰী সভাপতি চন্দ্ৰ কমল বৰা, উপ-সভাপতি শোভন বৰুৱা সম্পাদক পূৰ্ণ চুতীয়াকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া আৰু বালি গাঁওৰ নাগৰিক সমাজে পৰ্য্যাপ্ত পুঁজিৰ অভাৱত আন্তঃগাঁথনি সৱলীকৰণত বাধাগ্ৰস্ত হোৱা শ্মশান শালীখনৰ আধৰুৱা কামত পৌৰপতি দাসে পুঁজি ব্যয়ৰ প্ৰতি গুৰুত্ব নিদি আশ্চৰ্যজনক ভাবে এটা শিৱ মন্দিৰ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা তৎপৰতা আৰু ইতিমধ্যে মন্দিৰৰ শিলান্যাস কৰি পতাকা পৰ্যন্ত উৰুৱাই প্ৰদর্শন কৰা দাম্ভিক আচৰণৰ তীব্ৰ বিৰোধিতা কৰে ।

লক্ষ্যনীয় ভাবে পৌৰপতি দাসৰ এই ভূমি বেদখল আৰু পুঁজি আৱন্তন সন্দৰ্ভত পৌৰসভাৰ গৰিষ্ঠ সংখ্যক ৱাৰ্ড আয়ুক্ত জ্ঞাত নহয় বুলি জানিবলৈ দি পৰিচালনা সমিতিয়ে এই ক্ষেত্ৰত বিধায়ক নৱ দলেৰ তাৎক্ষণিক হস্তক্ষেপ দাবী জনাই পৌৰপতি দাসৰ এনে দাম্ভিক আৰু অবিবেচকী কাৰ্যই অনাগত সময়ত আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ ঘটোৱাৰো আশংকা ব্যক্ত কৰিছে ।

Also Read: ধেমাজিত ৭ আগষ্টৰ পৰা আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ মিছন ইন্দ্ৰধনুষ ৫.০...

ঢকুৱাখনা