ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বগা চাউলৰ এক ক'লা বেহাই চানি ধৰিছে ঢকুৱাখনা। কোনো আইন-কানুন নীতি-নিয়ম নাই। দৰিদ্ৰ জনসাধাৰণৰ অন্নমুঠিৰ বাবে চৰকাৰী ভাবে আবন্তিত চৰকাৰী চাউলৰ নামত এতিয়া ঢকুৱাখনাত অব্যাহত আছে এখন ভয়াবহ চোৰাং বেহা ।
শেহতীয়াকৈ পূব ঢকুৱাখনা সমবায় সমিতি লিমিটেডৰ সভাপতি ভবেশ পেগু আৰু সচিব ৰঞ্জিত দলেৰ পৃষ্ঠপোষকতাত সমবায়খনৰ প্ৰায় ১১ শ কুইণ্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছিল।
অংশীদাৰী উপভোক্তা ৰাইজৰ তৎপৰতাত মিচিং জাতীয় সংগঠনৰ সহযোগত পোহৰলৈ অহা এই বৃহৎ চৰকাৰী আঁচনিৰ চাউলৰ চোৰাং বেহাখনৰ সন্দৰ্ভত ৰাইজৰ নিৰন্তৰ প্ৰতিবাদত সেও মানি ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে যোৱা ৪ জুলাইত এক গোচৰ ৰুজু কৰে ঢকুৱাখনা সদৰ থানাত।
ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ (নং- ৮৯ /২০২৩)ৰ দুই আচামী ক্ৰমে সভাপতি ভবেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ বিৰুদ্ধে এটা চৰকাৰী বিভাগে দাখিল কৰা গোচৰৰ পাছতো ৰহস্যজনক কাৰণত গ্ৰেপ্তাৰ হোৱা নাই দুই চাউল চোৰ। ঢকুৱাখনা জিলা বিজেপিৰ মাতমৰা মণ্ডল সমিতিৰ অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি পদটো অধিষ্ঠিত বিধায়ক নৱ দলেৰ একান্ত ঘনিষ্ঠ হোৱাৰ বাবেই দুৰ্নীতিগ্ৰস্ত সভাপতি ভবেশ পেগু আৰু সচিব ৰঞ্জিত দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
গেৰুৱা দলৰ নেতা হোৱাৰ বাবেই ঢকুৱাখনা আৰক্ষীয়ে দুই চাউল চোৰক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত বুধবাৰে দুপৰীয়া সবল ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হয়। পূব ঢকুৱাখনা সমবায় সমিতিৰ অন্তৰ্গত দুই শতাধিক অংশীদাৰী মহিলা আৰু দৰিদ্ৰ ৰেচন কাৰ্ডধাৰী ব্যক্তিয়ে বুধবাৰে ঢকুৱাখনা ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সন্মুখত উপস্থিত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
দৰিদ্ৰৰ শত্ৰু নৱ দলেমূর্দাবাদ, পূব ঢকুৱাখনা সমবায় সমিতিৰ চাউল কেলেংকাৰীৰ উচিত তদন্ত কৰক, চাউল চোৰ ভবেশ পেগু, ৰঞ্জিত দলেক আৰক্ষীয়ে সুৰক্ষা দিয়া সহ্য কৰা নহব, অসম চৰকাৰ হায় হায়, অসম আৰক্ষী মূর্দাবাদ, জুলাই মাহৰ চাউল আমাক লাগিবই, ১১ শ কুইণ্টল চাউল ক'লা বজাৰত বিক্ৰী কৰা সভাপতি সচিবক গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দি বহু সময় ধৰি পৰিবেশ উত্তাল কৰি ৰাখে ন্যায়কামী ৰাইজে।
এই সন্দৰ্ভত প্ৰতিবাদথলীত অনুষ্ঠিত প্ৰতিবাদী সভাৰ আঁত ধৰে মিচিং জাতীয় সংগঠন টি এম পি কেৰ জিলা সম্পাদক অমৰজিত দলেয়ে। সভাত কেন্দ্ৰীয় নেতা ক্ষীৰোদ পেগু , নাথুৰাম পেগু ,দ্বীপেন দলে আদিয়ে বক্তব্য আগবঢ়াই।
বক্তা সকলে কেৱল গেৰুৱা দলৰ নেতা হোৱাৰ বাবেই দৰিদ্ৰৰ মুখৰ ভাত কাঢ়ি খোৱা চাউল চোৰ ভবেশ পেগু, ৰঞ্জিত দলেক গ্ৰেপ্তাৰ নকৰা ঢকুৱাখনা আৰক্ষীৰ পক্ষপাতী ভূমিকাক কটু সমালোচনা কৰে। বিধায়ক নৱ দলেয়ে দুৰ্নীতিগ্ৰস্ত দুই অপৰাধীক সুৰক্ষা দিয়াৰ অভিযোগ তুলি তৎকালে তেওঁলোকক গ্ৰেপ্তাৰ নকৰিলে অনাগত সময়ত অধিক সবল ৰূপত প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নী দিয়ে।
জাতীয় সংগঠনৰ নেতৃবৰ্গই উপায়ুক্ত, মহকুমাধিপতি ,খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগক ৰাইজৰ হৈ ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ আহ্বান জনাই অকমন্য বিধায়ক নৱ দলেৰ হেঁচাত কাম নকৰিবলৈ সকীয়াই দিয়ে। প্ৰতিবাদী সভাত চলিত জুলাই মাহৰ এমুঠি চাউল দৰিদ্ৰই লাভ নকৰা বুলি কৈ শীঘ্ৰে এই চাউল বিতৰণ কৰা, অবৈধ আৰু অগণতান্ত্ৰিক ভাৱে গঠন কৰা দুৰ্নীতি পৰায়ন পূব ঢকুৱাখনা সমবায় সমিতিখন ভংগ কৰি নতুনকৈ গঠন কৰা, পলাতক দুই চাউল চোৰক অগ্ৰীম জামিন দিয়াৰ সুব্যৱস্থা নকৰি তৎকালে গ্ৰেপ্তাৰ কৰা আদি বহু কেইটা দাবী উত্থাপন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
ইপিনে ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৭/৩৪ ধাৰাত পঞ্জীভূত উক্ত গোচৰৰ দুই অভিযুক্ত সম্প্ৰতি পলাতক বুলি ঢকুৱাখনা আৰক্ষীয়ে জানিবলৈ দিছে।