SDO, অভিযন্তা কাকো কৰেপ নকৰা ঠিকাদাৰ মহেন্দ্ৰ গুৰুঙৰ বিৰুদ্ধে প্ৰশাসনৰ গোচৰ...

উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াই আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত
SDO, অভিযন্তা কাকো কৰেপ নকৰা ঠিকাদাৰ মহেন্দ্ৰ গুৰুঙৰ বিৰুদ্ধে প্ৰশাসনৰ গোচৰ...
SDO, অভিযন্তা কাকো কৰেপ নকৰা ঠিকাদাৰ মহেন্দ্ৰ গুৰুঙৰ বিৰুদ্ধে প্ৰশাসনৰ গোচৰ...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাইজৰ উপকৃতাৰ্থে চৰকাৰে আবন্টন দিয়া উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বেলিকা চূড়ান্ত বেপৰোৱা নীতি গ্ৰহণ কৰি ৰঙা ঘৰৰ আলহী হোৱাৰ পথ প্ৰশস্ত হৈছে এগৰাকী লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ।এমাহ দুমাহ নহয় বিগত ৪টা বছৰে ১ কোটি ৩২লাখ ব্যয় সাপেক্ষ প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘৰ এটা পথ নিৰ্মাণ সম্পূৰ্ন  কৰিব নোৱাৰা অকমন্য ঠিকাদাৰগৰাকী হল মহেন্দ্ৰ গুৰুং।

ঢকুৱাখনা লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, মহকুমাধিপতি সকলোকে বুঢ়া আঙুলি দেখুৱা এইজন সোৰোপা ঠিকাদাৰৰ সতে বিধায়ক নৱ দলেৰ আছে সু-সম্পৰ্ক।  যোৱা ২০২১চনৰ ২৬ ফেব্ৰুৱাৰীত প্ৰাক্তন মন্ত্ৰী, বিধায়ক নৱ দলেয়ে এইজন ঠিকাদাৰক ঘিলামৰা ২২নং ৰাজ্যিক ঘাইপথৰ পৰা লামু গাঁৱলৈ যোৱা পথৰ প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘৰ পথ নিৰ্মাণৰ কামৰ ঠিকা দি কামৰ শুভ উদ্বোধন কৰিছিল।

প্ৰায় ১ কোটি ৩২ লাখ ব্যয় সাপেক্ষ ২০২০-২০২১ বর্ষৰ এছ অ পি ডি (জি) শিতানত আৱণ্টিত কামৰ তদানীন্তন মন্ত্ৰী, বিধায়ক নৱ দলেয়ে নিৰ্মাণৰ শুভাৰম্ভ কৰা এই পথটো আজি ৪ বছৰে সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি নিদিলে বিধায়কৰ ঘনিষ্ঠ সোপাধিলা ঠিকাদাৰ গুৰুঙে । বিধায়ক দলেৰ ব্যৱসায়িক সহযোগী বুলি দম্ভালি মাৰি অহা গুৰুঙে বছৰ বছৰ ধৰি আধৰুৱা ভাবে নিৰ্মাণ কৰি পেলাই ৰাখি পথটো মৰণফাণ্ডলৈ পতিত কৰিছে।

ভুক্তভোগী লামুগাওঁ, দেউলিয়া গাঁও আদি অঞ্চলৰ ৰাইজে বহু বাৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাকে প্ৰমুখ্য কৰি সকলোকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি যাতায়তৰ উপযোগী কাটি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছিল। কিন্তু শাখা বিষয়া অনিল বৰুৱাৰ ৰহস্যজনক দুৰ্বল ভূমিকাৰ বাবে সোৰোপা ঠিকাদাৰ গুৰুঙে নিৰ্মাণ কাৰ্য সন্তোষজনক অগ্ৰগতি নিদি ৪টা বছৰ শুই বহি কটাই দিছে।

বিভাগীয় কাৰ্যবাহী অভিযন্তা দণ্ডীৰাম মিলিয়ে বহু বাৰ ঠিকাদাৰৰ লগতে উৰ্ধতন কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ সকীয়াই দি আহিছিল। পিছে অভিযন্তাগৰাকীৰ পত্ৰলৈ ভ্ৰূক্ষেপ নকৰে ৰাজনৈতিক শক্তিৰে বলিয়ান ঠিকাদাৰগৰাকীয়ে।

ঠিকাদাৰগৰাকীৰ এনে দৌৰাত্ম্য আৰু জনবিৰোধী ভূমিকা সন্দৰ্ভত লোকনিৰ্মাণ বিভাগে ঢকুৱাখনা মহকুমা প্ৰশাসনক অৱগত কৰি পত্ৰ প্ৰেৰণ কৰে। মহকুমা প্ৰশাসনে অকমন্য ঠিকাদাৰ জনক ফোন কৰি ধমক দিয়াত তিনি দিনৰ সময় বিচাৰে গুৰুঙে। কিন্তু  প্ৰশাসনৰ পৰা লোৱা উক্ত তিনিদিনৰ সময়সীমাতো নিৰ্মাণ কাম আৰম্ভ নকৰি কাৰ্যতঃ বুঢ়া আঙুলী প্ৰদৰ্শন কৰে নিষ্কৰ্ম্মা ঠিকাদাৰজনে । 

বিভাগীয় ভাবে দায়িত্ব প্ৰাপ্ত কামৰ নামত ৪বছৰীয়া প্ৰতাৰণা আৰু মহকুমা প্ৰশাসনৰ নিৰ্দেশনালৈ কেৰেপ নকৰা দাম্ভিক ঠিকাদাৰ গুৰুঙৰ এনে চৰকাৰী আঁচনি ৰূপায়ণৰ নামত লৰা ধেমালি আৰু জনসাধাৰনে ভোগী অহা নিৰ্মম হাৰাশাস্তি সন্দৰ্ভত মহকুমা প্ৰশাসনে এখন এজাহাৰ দাখিল কৰিছে ঢকুৱাখনা সদৰ থানাত।  চৰকাৰী আঁচনিৰ পুঁজিৰ অপচয়, জনতাৰ দুৰ্ভোগ, চৰকাৰী নিৰ্দেশনা উলংঘা আদি সন্দৰ্ভত ১১জুলাইত এজাহাৰ দাখিল কৰিছে।

চৰকাৰী আঁচনিৰ নামত সংঘটিত দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে মহকুমা প্ৰশাসনে ৰুজু কৰা গোচৰৰ প্ৰাৰম্ভিক তদন্ত ইতিমধ্যে আৰম্ভ হৈছে। ভাৰতীয় ন্যায় সংহিতা আইনৰ ধাৰাত ৰুজু হোৱা গোচৰৰ উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ তদন্তকাৰী বিষয়াই প্ৰাথমিক তদন্ত আৰম্ভ কৰা বুলি জনাইছে ।

অঞ্চলবাসী ভুক্তভোগী ৰাইজ, সংগঠন আদিয়ে চৰকাৰী কামৰ ঠিকা লৈ আধৰুৱা কৰি কাম বন্ধ ৰখা এইজন অকমন্য ঠিকাদাৰৰ পঞ্জীয়ন বাতিল কৰি ব্লেক লিষ্টেড ঘোষণা কৰাৰো আহ্বান জনাই লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে ঠিকাদাৰ গুৰুঙে এইখন আঁচনিৰ উপৰিও ঢকুৱাখনা সংমণ্ডলৰ আৰু দুখন আঁচনিৰ সঠিক ৰূপায়ণত নির্লজ লৰা ধেমালি খেলি আহিছে একাংশ অৰ্থলোভী মধ্যভোগী আৰু বিভাগীয় বিষয়াক মেনেজ কৰি । স্মৰ্তব্য যে, এই গলগ্ৰহ বিবেচিত আঁচনিকলৈ চলা অনিয়ম সন্দৰ্ভত যোৱা ৮ জুলাইত এক বাতৰি প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিন ডিজিটেলত ।

উক্ত বাতৰি প্ৰকাশৰ পাছতেই মহকুমাধিপতি কাৰ্ত্তিক কলিতাই সবল ভূমিকা গ্ৰহণ কৰি এটা গোচৰ ৰুজু কৰিছে ঢকুৱাখনা সদৰ থানাত। জনতাক দুৰ্ভোগ ভোগাই ৪ বছৰীয়া প্ৰতাৰণা কৰি অহা ঠিকাদাৰ গুৰুংৰ ওপৰত নিৰপেক্ষ তদন্ত কৰি কি আইনগত শাস্তি প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব ।

SDO, অভিযন্তা কাকো কৰেপ নকৰা ঠিকাদাৰ মহেন্দ্ৰ গুৰুঙৰ বিৰুদ্ধে প্ৰশাসনৰ গোচৰ...
মঙলদৈৰ ছাহিদ আফ্ৰিদিৰ শিক্ষাৰ খৰচ বহন কৰিব ভাস্কৰ জ্যোতি মহন্তই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in