চৰকাৰী চাউল বিক্ৰী কৰি বজাৰৰ চাউল দিছে ৰেচনকাৰ্ডধাৰীক...

চৰকাৰী চাউল বিক্ৰী কৰি বজাৰৰ চাউল দিছে ৰেচনকাৰ্ডধাৰীক...

author-image
Asomiya Pratidin
New Update
চৰকাৰী চাউল বিক্ৰী কৰি বজাৰৰ চাউল দিছে ৰেচনকাৰ্ডধাৰীক...

চৰকাৰী চাউল বিক্ৰী কৰি বজাৰৰ চাউল দিছে ৰেচনকাৰ্ডধাৰীক...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ একাংশ সমবায় সমিতিত এচাম লুণ্ঠনকাৰীৰ অবাধ দৌৰাত্ম্য চলিছে । ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চোৰাং বজাৰত বিক্ৰী কৰি মুনাফা অর্জনৰ এক অঘোষিত প্ৰতিযোগিতাও চলিছে মহকুমাটোত।

ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত পূব ঢকুৱাখনা সমবায় সমিতিত গেৰুৱা নেতা ভবেশ দলেৰ নেতৃত্বত এনে চোৰাং বেহা মেলি আৰক্ষীৰ জালত পৰাৰ ভয়ত পলাই থাকিবলগীয়া হৈছিল। ইয়াৰ পাছত এইবাৰ পশ্চিম মাছখোৱা সমবায় সমিতিত এনে বিয়াগোম চাউল কেলেংকাৰী হোৱাৰ তথ্য "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ তদন্তত পোহৰলৈ আহিছিল ।

চৰকাৰী আঁচনিৰ চাউলৰ এই চোৰাং বেহা সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত যোৱা ৭ আগষ্টত প্ৰকাশিত বাতৰিৰ পাছত থৰকাচুটি হেৰাইছে নিষ্কর্মা যোগান বিভাগৰ লগতে দুৰ্নীতিগ্ৰস্ত পশ্চিম মাছখোৱা সমবায় সমিতিৰ সভাপতি বগেন বৰুৱা (বাঘ) আৰু সচিব প্ৰদীপ চমুৱাৰ । সমবায়খনৰ গৰিষ্ঠ সংখ্যক এজেন্টক প্ৰাপ্য ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ সমূদায় পৰিমাণ আদায় নিদি দৰিদ্ৰ ৰেচনকাৰ্ডধাৰী গ্ৰাহকসকলক ভোকৰ ভাত মুঠিৰ পৰাও বঞ্চিত কৰি অহা সভাপতি বাঘ বাহিনীয়ে পি ডি এছ শিতানৰ প্ৰায় ৮২ কুইণ্টল চাউল অনাদায় কৰি ৰখাৰ বাতৰি প্ৰকাশ হৈছিল ।

ইয়াৰ পৰৱৰ্তী সময়ত যোগান বিভাগৰ বিষয়া কবিন্দ্ৰ মেদকে বঞ্চিত এজেণ্টসকলৰ সতে আলোচনা কৰি এই সন্দৰ্ভত নিশ্চিত হোৱাত প্ৰবঞ্চিত গ্ৰাহকসকললৈ প্ৰাপ্য চাউল যোগান ধৰাৰ এক সুযোগ প্ৰদান কৰিছে দুৰ্নীতিগ্ৰস্ত সভাপতি আৰু সচিবক। সেই অনুক্ৰমে যোগান বিভাগৰ সতে পূৰ্বৰে পৰা গোপন মিতিৰালি থকা চৰকাৰী চাউলৰ চোৰাং বেপাৰী স্বৰূপ সভাপতি আৰু সচিবে মুকলি বজাৰৰ পৰা নিজে চাউল ক্ৰয় কৰি অনাদায় হৈ থকা এজেণ্টসকলক বিতৰণৰ প্ৰক্ৰিয়া বৃহস্পতিবাৰে সম্পূৰ্ণ কৰিছে।

ইতিমধ্যে মুঠ ৫ গৰাকী সমবায় এজেন্টক প্ৰাপ্য চাউল মুকলি বজাৰৰ পৰা ক্ৰয় কৰি গ্ৰাহকক যোগান ধৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা বুলি জনা গৈছে।যোগান বিষয়াৰ সুৰক্ষিত নিৰ্দেশ প্ৰদানৰ জৰিয়তে ৰাজহুৱা বিতৰণ ব্যৱস্থাটোৰ বৃহৎ কেলেংকাৰীটোৰ পৰা যোগান বিভাগৰ ৰহস্যজনক কৃপাত বাঘ বাহিনীয়ে পৰিত্ৰাণ পালে যদিও অন্য এক ভয়ানক কেলেংকাৰী এইখন সমবায় সমিতিত সংঘটিত হোৱাৰ তথ্য "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধান কালত পোহৰলৈ আহিছে ।

গ্ৰাম্য দৰিদ্ৰ ৰাইজৰ পেটত গোৰ মাৰি অসৎ পন্থাৰে প্ৰায় ৮২ কুইণ্টল চৰকাৰী চাউল চোৰাং বজাৰত বিক্ৰী কৰি ধনৱন্ত হোৱা লুণ্ঠনকাৰী সভাপতি বগেন বৰুৱা আৰু সচিব প্ৰদীপ চমুৱাৰ লগতে ষ্ট'ৰ ইনচার্জ দুলাল চুতীয়াৰ বগা চাউলৰ ক'লা অধ্যায়ৰ অন্য এক ঘৃন্য আৰু সৰ্বগ্ৰাসী চৰিত্ৰৰ তথ্য অচিৰেই ফাদিল হ'ব। উল্লেখ্য যে, মহকুমাটোৰ সমবায় সমিতিসমূহৰ সুস্থ পৰিচালনা আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা নিখুঁত আৰু নীতি সিদ্ধ কৰাত যোগান বিভাগৰ দায়িত্বহীন আচৰণ বিগত সময়ত পৰিলক্ষিত হৈ আহিছে।

শেহতীয়া ভাবে যোগান পৰিদর্শক কবিন্দ্ৰ মেদকৰ অদক্ষ পৰিচালনা আৰু দুৰ্নীতিগ্ৰস্তৰ প্ৰতি ৰহস্যজনক দৰদী ভূমিকাৰ বাবে সমবায় সমিতিসমূহত এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ হৈছে। সভাপতি,সচিব আৰু ষ্ট'ৰ ইনচার্জৰ ইচ্ছাই আইনত পৰিণত হোৱা একাংশ সমবায় সমিতিৰ দুৰ্নীতি পৰায়ন মানসিকতাৰ বাবেই গ্ৰাম্য দৰিদ্ৰ পৰিয়াল সমূহ প্ৰতি নিয়ত প্ৰাপ্য চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ হাঁহাকাৰ কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে।

Also Read: নিৰ্বাচনী আয়ুক্ত নিৰ্বাচনৰ পেনেলৰ পৰা আঁতৰাই দিয়া হ'ল মুখ্য ন্যায়াধীশকক...

ঢকুৱাখনা