ডিজিটেল সংবাদ ঢকুৱাখনা: অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক সাধাৰণ অধিবেশন ঢকুৱাখনাত অনুষ্ঠিত হ'ব। অহা বর্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ'বলগা এই ৰাজ্যিক অধিবেশনৰ সফল অনুষ্ঠিতকৰণৰ সন্দৰ্ভত বুধবাৰে মেগামিক্স প্ৰকৃতি সংঘৰ সভাগৃহত অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ এখন বিশেষ সভা অনুষ্ঠিত হয়।
অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ সম্পাদক বিমান সন্দিকৈয়ে আঁতধৰা সভাখনত সভাপতিত্ব কৰে অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ বঁটা প্ৰাপক দেৱজিৎ ফুকনে। অসম বিজ্ঞান সমিতিৰ ৰাজ্যিক সভাপতি ড০ ধীৰেশ্বৰ কলিতা, প্ৰধান সচিব মৃণাল হাজৰিকা, যুটীয়া সচিব অৰূপ কুমাৰ দত্ত, সহকাৰী সচিব নীলমণি শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ নেওগ আদিকে প্ৰমুখ্য কৰি অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখাৰ আজীৱন সদস্য, কাৰ্যকৰ্তা আৰু উদযাপন সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া সভাত উপস্থিত থাকে।
অভ্যাগতসকলক গামোচা আৰু একোখনকৈ গ্ৰন্থ উপহাৰ হিচাপে প্ৰদান কৰি ঢকুৱাখনা শাখাই আগন্তুক অধিবেশন সন্দৰ্ভত আলোচনা কৰে। অসম বিজ্ঞান সমিতিৰ সম্পাদক মৃণাল হাজাৰিকাই অধিৱেশনখনৰ লগত সংগতি ৰাখি নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা বৃদ্ধিৰ লক্ষ্যৰে বিজ্ঞান মনস্ক গ্ৰন্থ "বিজ্ঞান জেউতি পঢ়োঁ আহক"শীর্ষক এক সাৰ্বজনীন কাৰ্যসূচী ৰূপায়ণৰ বাবে প্ৰস্তাৱ গ্ৰহণৰ পৰামৰ্শমূলক বক্তব্য আগবঢ়াই ।
এইক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে পূৰ্ণ সহযোগ আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰে। অসম বিজ্ঞান সমিতিৰ সভাপতি ড০ ধীৰেশ্বৰ কলিতাই অধিৱেশনখন সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ লগতে কেউতা দিনৰ কাৰ্যসূচীসমূহ নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰাৰ প্ৰতি যথোচিত গুৰুত্ব প্ৰদানৰ পৰামৰ্শ আগবঢ়াই। সভাত উপস্থিত যুটীয়া সচিব অৰূপ কুমাৰ দত্ত, সহকাৰী সচিব নীলমণি শৰ্মা উপ সভাপতি ড০ অমল চন্দ্ৰ দত্ত , সদস্য প্ৰদীপ নেওগ, লিখন চন্দ্ৰ বুঢ়াগোহাঁই আদিয়ে অধিবেশনৰ উদযাপনৰ সকলো দিশ সামৰি আৰু গ্ৰহণ কৰিবলগীয়া প্ৰয়োজনীয় দিশ সামৰি বক্তব্য ৰাখে।
সভাত প্ৰবীণ শিক্ষাবিদ ইন্দিবৰ বুঢ়াগোহাঁইৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া মুখপত্ৰৰ অগ্ৰগতি সন্দৰ্ভতো বুজ লয় কেন্দ্ৰীয় সমিতিয়ে । সভাত অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ড০ অমল চন্দ্ৰ দত্ত আৰু দেৱজিৎ ফুকনে ইতিমধ্যে ১২ খন উপ সমিতি গঠনেৰে অধিবেশনৰ সামগ্ৰিক অগ্ৰগতি সন্দৰ্ভত সন্তোষজনক উপস্থাপন আগবঢ়াই ।
Also Read: ধেমাজি গ্ৰন্থ উৎসৱঃ পঞ্চম দিনা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, শিল্পীৰ বিচিত্ৰানুষ্ঠান সম্পন্ন...