ঢকুৱাখনাত হিতাধিকাৰীৰ মাজত ছাগলী বিতৰণ...

ঢকুৱাখনাত হিতাধিকাৰীৰ মাজত ছাগলী বিতৰণ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত হিতাধিকাৰীৰ মাজত ছাগলী বিতৰণ...

ঢকুৱাখনাত হিতাধিকাৰীৰ মাজত ছাগলী বিতৰণ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত লখিমপুৰ জিলা পশু চিকিৎসা বিভাগৰ সহযোগত দেওবাৰে ঢকুৱাখনা মহকুমাৰ ৬০ গৰাকী হিতাধিকাৰীক উন্নত মানৰ ছাগলী বিতৰণ কৰা হয়। গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ লক্ষ্যৰে  গ্ৰাম্য পাছপৰা ছাগলী উন্নয়ন আঁচনিৰ অধীনত ঢকুৱাখনা মহকুমাৰ ৬০ গৰাকী হিতাধিকাৰীৰ মাজত এইসমূহ বীমাকৃত ছাগলীৰ লগতে গামলা, বান্ধিবলৈ ৰচীৰ লগতে ৰোগৰ পথ্য আদি বিতৰণ কৰা হয়।

এই সন্দৰ্ভত দেওবাৰে বিয়লি ঢকুৱাখনা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এখন বিতৰণ সভা ।ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতা, মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূত, লখিমপুৰ জিলা পশু পালন বিষয়া ডাঃ কুলধৰ শইকীয়া , ৰাষ্ট্ৰীয় জীৱন জীৱিকা অভিযানৰ নডেল বিষয়া ডাঃ অজিত শৰ্মা ,ঢকুৱাখনা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ ৰূপম গগৈ আৰু বিভাগীয় কৰ্মচাৰীৰ উপস্থিতিত ছাগলীসমূহ বিতৰণ পৰ্বৰ উদ্বোধন কৰে বিধায়ক নৱ কুমাৰ দলেয়ে।

সভাত সাংসদ প্ৰদান বৰুৱা,  গেৰুৱা দলৰ নেতা ক্ৰমে প্ৰদীপ চমুৱা আদিও উপস্থিত থাকি এই আঁচনিৰ আধাৰত ৬৬ টা উন্নত প্ৰজাতিৰ মতা আৰু মাইকী ছাগলী বিতৰণ কৰে।  প্ৰতি ক্লাষ্টাৰৰ বিপৰীতে ১০ গৰাকী সদস্য বিশিষ্ট মহকুমাটোৰ মুঠ ৬ টা ক্লাষ্টাৰৰ মাজত এই উন্নত প্ৰজাতিৰ ছাগলী বিতৰণ কৰি বিধায়ক আৰু সাংসদে গ্ৰাম্য অৰ্থনীতি উন্নত কৰাৰ লগতে স্বাৱলম্বনৰ দিশত এই আঁচনিয়ে বৰেণ্য অৱদান যোগাব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে উন্নত ছাগলী পালনৰ চৰকাৰী আঁচনিৰ বাবে নিৰ্বাচিত মহকুমাটোৰ ৬ টা ক্লাষ্টাৰৰ ভিতৰত অন্যতম ১নং পিঠিয়াল গাঁও ক্লাষ্টাৰৰ মহিলাসকলক ঢকুৱাখনা মহাবিদ্যালয়ৰ তৰফৰ পৰা এই বিষয়ত প্ৰশিক্ষণ আৰু সজাগতামূলক সভা অনুষ্ঠিত কৰি প্ৰদান কৰি বিভাগীয় ভাবে এনে আঁচনি প্ৰদানৰ বাবে উৰ্ধতন কৰ্তৃপক্ষৰ সতে যোগাযোগ কৰাৰ আশ্বাস দিছিল।

মহাবিদ্যালয়খনৰ "এড'পটেড ভিলেইজ" হিচাবে বিবেচিত গাঁওখনৰ কৰ্মঠ মহিলাসকল এই আচঁনিৰে উপকৃত হোৱাৰ সুবিধা লাভ কৰাত মহাবিদ্যালয় কৰ্তৃপক্ষই সন্তুষ্টি প্ৰকাশ কৰিছে । ইপিনে সাংসদ প্ৰদান বৰুৱাক মহাবিদ্যালয় পৰিয়ালে প্ৰদান কৰা এক স্মাৰক পত্ৰৰ পৰিপ্ৰেক্ষিতত সাংসদ গৰাকীয়ে মহাবিদ্যালয় পকী বেৰা নিৰ্মাণৰ বাবে ৬ লাখ টকা আগবঢ়োৱাৰ লগতে মহাবিদ্যালয় ব্যায়ামাগাৰৰ বাবে প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰাৰ কথা সভাত ঘোষণা কৰে ।

Also Read: ১০ বছৰত কেৱল ব্যৰ্থতা দেখিলে ভাৰতীয় দলে...

ঢকুৱাখনা