ডিজিটেল সংবাদ, বিহপুৰীয়াঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° হৰিনাৰায়ণ শৰ্মা(৬২)ৰ শনিবাৰে মৃত্যু হয়৷ যোৱা ৫ অক্টোবৰত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ড° শৰ্মা ৷ সেইদিনা দুপৰীয়া বিহপুৰীয়া নগৰৰ ৯নম্বৰ ৱাৰ্ডস্থিত নিজাগৃহৰ পৰা এএছ-০৭এছ-৫৩৮০ নম্বৰৰ স্কুটিৰে ওলাই আহোতে ঘৰৰ পদূলিতে এএছ-০২টি-৭৫৩১ নম্বৰৰ এখন পালছাৰ বাইকৰ লগত সংঘটিত দুৰ্ঘটনাত আহত হৈ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল শৰ্মা ৷
চিকিৎসাধীন অৱস্থাতে শনিবাৰে মৃত্যু ঘটে বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ড° হৰিনাৰায়ণ শৰ্মাৰ ৷ আউনীআটী সত্ৰ, ব্ৰহ্ম সমাজ, বিহপুৰীয়া গ্ৰাহক সুৰক্ষা সমিতি আদি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত ড° শৰ্মা বিহপুৰীয়া সমাজ জীৱনৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত এজন ব্যক্তি আছিল ৷ তেওঁৰ মৃত্যুত সমগ্ৰ বিহপুৰীয়াতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ উল্লেখ্য ডিব্ৰুগড়ত মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতে মৃতদেহ নিজৰ আৱাসগৃহলৈ অনা হ’ব ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায় ৷
Also Read: নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ জয়