ঢকুৱাখনা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ড০ সুৰজিত দলেৰ কুচকাৱাজ আৰম্ভ

ঢকুৱাখনা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ড০ সুৰজিত দলেৰ কুচকাৱাজ আৰম্ভ

ব্লক-মণ্ডল কংগ্ৰেছৰ নেতা-কৰ্মীৰে সৌজন্যমূলক  মত-বিনিময়
Published on

ডিজিটেল সংবাদ,ঢকুৱাখনা : বৃহত্তৰ ঢকুৱাখনা অঞ্চলৰ সমাজহিতৈষী তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিত দলে এইবাৰ সক্ৰিয় ৰাজনৈতিক জীৱনৰ পাতনি মেলিবলৈ ওলাইছে। এই উদ্দেশ্যে দেওবাৰে বিয়লি ঢকুৱাখনাত উপস্থিত হয় শিক্ষাবিদ তথা সমাজকৰ্মীগৰাকী ।

লক্ষ্য ঢকুৱাখনা ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু জিলা পৰ্য্যায়ৰ কংগ্ৰেছী বিষয়ববীয়া সকলৰ সৈতে পৰিচিত হোৱাৰ । সৌজন্যমূলকভাৱে চিনাকি হোৱাৰ ।

অসম বিধানসভাৰ আগন্তুক সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ এগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাৰ লক্ষ্যৰে ঢকুৱাখনালৈ আগমন ঘটে ডঃ দলেৰ। সেই অনুক্ৰমে দলৰ গৰিষ্ঠ সংখ্যক নেতা ,কৰ্মীৰ উপস্থিতিত ঢকুৱাখনা নগৰৰ কল্পতৰো ভৱন প্ৰাঙ্গনত এখনি মত-বিনিময় সভা আয়োজন কৰা হয় ।

বৈঠকত লখিমপুৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়া ,অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক ৰাজীৱ খান, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উপ সভাপতি বিজয় দত্ত , ভাৰতী হাজৰিকা, জিলা কংগ্ৰেছৰ তচিল শইকীয়া, বিজয় দলে, লখিমপুৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়া কুশল খনিকৰ, বিভিন্ন মণ্ডল কংগ্ৰেছ , যুৱ কংগ্ৰেছ, ভোট কেন্দ্ৰ সমিতিৰ শতাধিক নেতা ,কৰ্মী উপস্থিত থাকে। বৈঠকত বক্তব্য ৰাখি বিশিষ্ট শিক্ষাবিদ ডঃ দলেয়ে নিজৰ ৰাজনৈতিক আকাংক্ষাৰ বিষয়টো পৰোক্ষভাৱে উনুকীয়াই দলৰ হৈ নিঃস্বাৰ্থ সেৱা আগবঢ়োৱাৰ মানসেৰে দলীয় কৰ্মী সকলৰ লগত চিনাকি হ'বলৈ অহাৰ কথা দোহাৰে।

বৈঠকত নিষ্ঠাৱান কংগ্ৰেছ নেতা তচিল শইকীয়া ,ৰমেন দলে ,বিজয় দত্ত, ভাৰতী হাজৰিকা, কুশল খনিকৰকে প্ৰমুখ্য কৰি গৰিষ্ঠসংখ্যক নেতৃত্বই বক্তব্য আগবঢ়াই এগৰাকী উচ্চ শিক্ষিত , সমাজ হিতৈষী ব্যক্তিৰ আগমনত সন্তুষ্টি প্ৰকাশ কৰে। তাৰোপৰি আগন্তুক পঞ্চায়ত আৰু পৰিষদিয়  নিৰ্বাচনৰ পূৰ্বে  দলটো অধিক জনমুখী আৰু জনপ্ৰিয় কৰি তোলাৰ লগতে ভোট কেন্দ্ৰ সমূহলৈ গৈ  দলৰ সাংগঠনিক ভেঁটি সবল কৰাৰ  আহ্বান জনায় দললৈ উষ্ণ  আদৰণি জনায় ।

এগৰাকী উচ্চ শিক্ষিত  ব্যক্তিত্বৰ কংগ্ৰেছ  দললৈ আগমনত উৎফুল্লিত হয় দলীয় নেতা কৰ্মীসকল । স্মৰ্তব্য যে   সমাগত নিৰ্বাচনৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ এগৰাকী সৰ্বসন্মত সম্ভাব্য প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে । বৈঠকৰ পাছতে ডঃ দলে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনত উপস্থিত হৈ দলীয় বিষয় ববীয়াৰে মত বিনিময় কৰে ।

ঢকুৱাখনা বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ড০ সুৰজিত দলেৰ কুচকাৱাজ আৰম্ভ
নগাঁও জিলা মইনা পাৰিজাতৰ হোলীগীতৰ কৰ্মশালাৰ সামৰণি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in