নিচাযুক্ত সামগ্ৰী ব্যৱসায়ীৰ ঘাটিত পৰিণত বিহপুৰীয়াৰ এখন গাঁও

নিচাযুক্ত সামগ্ৰী ব্যৱসায়ীৰ ঘাটিত পৰিণত বিহপুৰীয়া এখন গাঁও

author-image
Asomiya Pratidin
New Update
নিচাযুক্ত সামগ্ৰী ব্যৱসায়ীৰ ঘাটিত পৰিণত বিহপুৰীয়াৰ এখন গাঁও

ডিজিটেল সংবাদ,বিহপুৰীয়া: ড্ৰাগছ ব্যৱসায়ীৰ ঘাটিত পৰিণত হৈছে বিহপুৰীয়াৰ এখন গাওঁ ৷ সহজলভ্য ধনৰ মোহত, এসময়ত দিনহাজিৰা কৰি পেট প্ৰবৰ্তোৱা গাওঁখনৰ একাংশ যুৱক নামিছে ড্ৰাগছ সৰবৰাহত। বিহপুৰীয়া আৰক্ষী থানাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ আৰু বদতিঘাট নদী আৰক্ষী থানাৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত দুই নম্বৰ দহঘৰীয়া নামৰ গাওঁখনতে শেহতীয়াকৈ গঢ়ি উঠিছে ড্ৰাগছৰ বেহা ৷

গাওঁখনৰ একাংশ যুৱকৰ এতিয়া ড্ৰাগছ সৰবৰাহেই একমাত্ৰ উপাৰ্জনৰ মাধ্যম হৈ পৰিছে। স্থানীয় দল সংগঠনৰ তীব্ৰ বাধাকো নেওচি গাওঁখনত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা ৷ ড্ৰাগছৰ বেহাত নামি বিলাসী বাইক গাড়ীৰ গৰাকী হোৱা গাওঁখনৰ একাংশক দেখি ড্ৰাগছৰ বেহালৈ মন মেলিছে অধিকাংশ যুৱকে ৷

কৃষিকৰ্ম অথবা আন আন উৎপাদনমুখী কালৈ পিঠি দি সহজলভ্য ধনৰ পিছত দৌৰা নৱপ্ৰজন্মৰ যুৱকসকলক নাকী লগোৱাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন। ডিক্ৰং সোৱণশিৰী পাৰৰ নিৰ্জন মথাউৰিত মুকলিকৈয়ে ড্ৰাগছৰ বেহা মেলা গাওঁ খনৰ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক বিগত সময়ছোৱাত ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিছে যদিও হ্ৰাস পোৱা নাই এই বেহা।

মঙলবাৰে পুনৰ জাপজুপ গাঁৱৰ পৰা কৌশলেৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে বিহপুৰীয়া আৰক্ষীয়ে ৷ দুই নম্বৰ দহঘৰীয়াৰ সত্যনাথ লাগাচু আৰু মহন্ত কুটুম নামৰ ধৃত সৰবৰাহকাৰী দুটাৰ পৰা চাবোনৰ কেছত ভৰাই ৰখা লক্ষাধিক টকাৰ সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। স্থানীয় গাওঁৰক্ষী বাহিনীৰ লগতে এগৰাকী প্ৰাক্তন সেনা জোৱানৰ সহযোগিতাত বিহপুৰীয়া আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী দুটা ৷ উল্লেখযোগ্য যে বিহপুৰীয়াৰ দুই নম্বৰ দহঘৰীয়াক কেন্দ্ৰ কৰি সমগ্ৰ বিহপুৰীয়াতে গঢ় লৈ উঠা মাৰাত্মক ড্ৰাগছৰ বেহা ৰোধ কৰিবৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় সচেতন ৰাইজে ৷

Also Read: ৰাজ্যসভা নিৰ্বাচনঃ অসমৰ দুই আসনৰ বাবে মিছনৰঞ্জণ দাস আৰু ৰামেশ্বৰ তেলীক দিলে প্ৰাৰ্থিত্ব...

bihpuria bihpuria police