ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ (পথ) বিভাগৰ ঘিলামৰাস্থিত সংমণ্ডল কাৰ্য্যালয়টো ঢকুৱাখনা সদৰলৈ স্থানান্তৰিত কৰাত বিধি পথালি দিছে এগৰাকী কাৰ্যবাহী অভিযন্তাই। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এক নিৰ্দেশনাযোগে ঘিলামৰাত অৱস্থিত ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ পথ সংমণ্ডল কাৰ্য্যালয়টো ঢকুৱাখনালৈ স্থানান্তৰিতকৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে।
সংগৃহীত তথ্যমতে লোক নিৰ্মাণ বিভাগৰ ই চি এফ ৩৬৯৭৭৫/৩ নম্বৰৰ নিৰ্দেশনাৰ জৰিয়তে ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ পথ বিভাগৰ সংমণ্ডল কাৰ্যালয়টো ঢকুৱাখনা সদৰলৈ স্থানান্তৰ কৰি ঘিলামৰাত বিভাগীয় উপ সংমণ্ডল ১ৰ কাৰ্যালয়তো পৰিচালনাৰ ব্যৱস্থাপনা গ্ৰহণ কৰিছে । ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত যোৱা ১২ ছেপ্টেম্বৰত জাৰি হোৱা এই নিৰ্দেশনাৰ ভিত্তিত ঢকুৱাখনালৈ লোক নিৰ্মাণ বিভাগৰ সংমণ্ডল কাৰ্য্যালয়তো স্থানান্তৰিত কৰা হৈছে।
উল্লেখযোগ্য যে প্ৰায় ৩ মাহ অতিক্রমৰ পাছতো চৰকাৰী নিৰ্দেশনা মানি বিভাগীয় সংমণ্ডল কাৰ্য্যালয়টো স্থানান্তৰ কৰা পৰিলক্ষিত হোৱা নাই। এইক্ষেত্ৰত নৱ নিযুক্ত কাৰ্যবাহী অভিযন্তা দণ্ডীধৰ মিলিৰ অহেতুক বিলম্ব আৰু দায়িত্বহীন ভূমিকাকলৈ সৰৱ চর্চা চলিছে।
লোক নিৰ্মাণ বিভাগৰ নিৰ্দেশনা মানি সংমণ্ডল কাৰ্য্যালয়টো স্থানান্তৰ কৰাৰ বাবে কোনো প্ৰাৰম্ভিক প্ৰক্ৰিয়া অথবা আন্তঃগাঁঠনি উপলব্ধকৰণৰ দিশটো এলাগী কৰি অভিযন্তা মিলিয়ে প্ৰকাশ্যে চৰকাৰী নিৰ্দেশনালৈ বুঢ়া আঙুলি প্ৰদৰ্শন কৰি গৈছে বুলি অভিযোগ উঠিছে। স্মৰ্তব্য যে, ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত ঢকুৱাখনা নগৰৰ সদৰত নৱনিৰ্মিত অতিৰিক্ত আবৰ্ত ভৱনৰ সংলগ্ন কোঁৱৰ ঘাহি মেপৰ ১২৩৪ নম্বৰ দাগত ৩ বিঘা ১কঠা ১৭ লেছা আৰু ১২৫৮ নং দাগত ১ বিঘা ১১লেছা সহ মুঠ ৪ বিঘা ২কঠা মাটি আৰু আমোলাপট্টি অঞ্চলত মুঠ ১,বিঘা মাটি বিভাগৰ নামত আবন্তিত হৈ আছে ।
তাৰোপৰি অতিৰিক্ত আবৰ্ত ভৱনৰ সমীপত পুৰণা লোকনিৰ্মান বিভাগৰ ডাক বাংলো গৃহ এটা অদ্যপি সক্ৰিয় হৈ থিয় দি আছে । কিছুদিন পূৰ্বলৈকে ঢকুৱাখনা পৌৰসভাৰ কাৰ্য্যালয় হিচাপে ব্যৱহৃত এই লোক নিৰ্মাণ বিভাগৰ গৃহটো সামান্য মেৰামতি কৰিলেই সজীৱ আৰু সক্ৰিয় হৈ পৰিব ।
এটা চৰকাৰী বিভাগৰ পৰিচালনাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি আৰু সা সুবিধা উপলব্ধ হোৱাৰ পাছতো এইজন অভিযন্তা মিলিয়ে তাৰ প্ৰতি কোনো গুৰুত্ব আৰোপ কৰা নাই কিয় সেয়াহে চিন্তনীয় বিষয় হিচাপে ধৰা দিছে । বিভাগৰ সংমণ্ডল কাৰ্য্যালয়তো প্ৰতিষ্ঠা কৰিবলৈ নিজা ভূমিত পূৰ্বে নিৰ্মিত এটা বৃহৎ ঘৰ ,এটা সুৰক্ষিত চৌহদ উপলব্ধ হোৱাৰ স্বত্তেও বিভাগটো চৰকাৰী নিৰ্দেশনা মানি স্থানান্তৰ কৰাত গুৰুত্ব নিদি দৰাচলতে চৰকাৰী নীতি নিৰ্দেশনালৈ ভ্ৰূকুটি দেখুৱাই আহিছে অভিযন্তা মিলিয়ে।
তাৰোপৰি ঢকুৱাখনা সদৰত অৱস্থিত নিজা চৰকাৰী ভূমিত এটা স্থায়ী কাৰ্য্যালয় ভৱন নিৰ্মাণৰ বাবেও কোনো প্ৰাককলন প্ৰস্তুত কৰি উৰ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাত মনোনিবেশ কৰা নাই দাম্ভিক বিষয়াগৰাকীয়ে । বিভাগটোৰ সহকৰ্মী,অনুজ বিষয়া কৰ্মচাৰীক দুৰ্ব্যৱহাৰ,কৰ্কশ আচৰণ কৰি দাম্ভিকতাৰ পৰিচয় দি অহা বিষয়া মিলিৰ এই চৰকাৰী নীতি নিৰ্দেশনা কাৰ্যকৰীকৰণৰ প্ৰতি অনীহাত সচেতন মহল ক্ষুব্ধ-অতিষ্ঠ।
এটা চৰকাৰী বিভাগ স্থানান্তৰ কৰাৰ নিৰ্দেশনালৈ কৰ্ণপাত নকৰা গুৰুত্বপূৰ্ণ দিশটো সন্দৰ্ভত নৱনিযুক্ত জিলা আয়ুক্ত গায়ত্ৰী দেৱীদাস হ্যায়ালিংগেৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে ঢকুৱাখনাবাসীয়ে ।
Also Read: ৰাসৰ মঞ্চত শিক্ষয়িত্ৰী মধুস্মিতা বৰাৰ ৰাধা নৃত্যত মন্ত্ৰমুগ্ধ দৰ্শক