ঢকুৱাখনাত পাতিৰ অপৃন কৌবাংৰ ৪০ কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা...

ঢকুৱাখনাত পাতিৰ অপৃন কৌবাংৰ ৪০ কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা...
ঢকুৱাখনাত পাতিৰ অপৃন কৌবাংৰ ৪০ কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সমাজৰ অন্যতম শক্তিশালী বংশধৰ পাতিৰসকলৰ অভিভাৱক সংগঠন সদৌ পাতিৰ অপৃন কৌবাং। শিক্ষা সাহিত্য, ভাষা লোক কৃষ্টি সকলো ক্ষেত্ৰত অগ্ৰণী এই পাতিৰ বংশধৰসকলৰ মেধাবী শিক্ষাৰ্থীসকলক বৃহস্পতিবাৰে ঢকুৱাখনাত সম্বৰ্ধনা জনোৱা হয়।

সদৌ পাতিৰ অপৃন কৌবাংৰ উদ্যোগত ঢকুৱাখনাত এই সন্দৰ্ভত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত মহকুমাটোৰ ৪০ গৰাকী মেধাবী শিক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ঢকুৱাখনা মহকুমাৰ বকুলগুৰিৰ খেৰকটা পঞ্চায়ত কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে কৌবাংৰ বিষয়ববীয়া অজয় পাতিৰে।

বিশিষ্ট নাগৰিক দেৱজিৎ পাতিৰৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বৃহত্তৰ অঞ্চলটোৰ ডেৰ শতাধিক অভিভাৱক, নাগৰিক, শিক্ষক উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। জনাকীৰ্ণ সভাত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি সাৰুৱা বক্তব্যৰে শিক্ষাৰ্থীসকলক উপকৃত কৰে বিশিষ্ট শিক্ষাৱৰ্তী নিত্যা পাতিৰ আৰু অধিবক্তা নিকুঞ্জ পাতিৰে ।

সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি সাম্প্ৰতিক অবক্ষয়ী সমাজ ব্যৱস্থাত নৱ প্ৰজন্মক উৎকৃষ্ট মানৱ সম্পদ হিচাবে গঢ় দিয়াত সমাজ আৰু অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই জ্যেষ্ঠ অধিবক্তা,পাতিৰ অপৃন কৌবাংৰ মুখ্য উপদেষ্টা সোনাধৰ পাতিৰে । বৰ্তমান তীব্ৰ প্ৰতিযোগিতামূলক বিদ্যায়তনিক ক্ষেত্ৰখনত যুৱ প্ৰজন্মৰ শিক্ষাৰ্থীসকলে সময়ৰ সদ ব্যৱহাৰ কৰি বস্তুনিষ্ঠ অধ্যয়নেৰে নিজকে উৎকৃষ্ট সম্পদ হিচাবে গঢ়ি দেশ আৰু জাতিৰ গৰিমা বৃদ্ধিত অৰিহণা যোগোৱাৰ বাবে মনোনিবেশ কৰাৰ আহ্বান জনায়।

মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিন কৌবাংৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদক পাতিৰে এই ক্ষেত্ৰত সুস্থ সামাজিক পৰিবেশ আৰু শিক্ষাৰ্থীসকলৰ একাগ্ৰতা ,নিৰন্তৰ প্ৰচেষ্টাৰ লগতে সুস্থিৰ লক্ষ্য প্ৰধান উপজীৱ্য বুলি মন্তব্য কৰে পাতিৰে । সভাতেই মহকুমাটোৰ পাতিৰ বংশধৰসকলৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪০ গৰাকী মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ ২৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা ১৩ গৰাকী শিক্ষাৰ্থীক স্বজনগোষ্ঠীয় গলবস্ত্ৰ আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই ভৱিষ্যতৰ শৈক্ষিক জীৱনৰ সফলতা কামনা কৰা হয়।

ঢকুৱাখনাত পাতিৰ অপৃন কৌবাংৰ ৪০ কৃতিমান শিক্ষাৰ্থীক সম্বৰ্ধনা...
ভূটানে এৰিব কুৰিশ্বু বান্ধৰ পানীঃ নামনি অসমত জলপ্ৰলয়ৰ আশংকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in