ডিজিটেল সংবাদ,লখিমপুৰ : কলকাতাৰ পৰা অহা ই ডিৰ ৭জনীয়া দল এটাই শনিবাৰে সন্ধিয়া লখিমপুৰস্থিত হোটেল মালিনীত অভিযান চলায়। জানিব পৰামতে, ৰ'জভেলীৰ বিত্তীয় অনিয়ম সন্দৰ্ভত ই ডিৰ দলটোৱে অভিযান চলায়।
দলটোতৰ সৈতে আছে ৰ'জভেলী গ্ৰুপ অফ কম্পেনীৰ বিষয়া কলকাতাৰ অৰূপ ভট্টাচাৰ্য আৰু কলকাতা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা সুভাষি চক্ৰৱৰ্তী। ৰ'জভেলীৰ হোটেল আৰু এণ্টাৰটেইনমেন্ট লিমিটেডৰ ভগ্নী প্ৰতিষ্ঠান অৰ্বিত গ্রুপৰ হোটেলসমূহৰ আয়ৰ ওপৰত এই অভিযান চলোৱা বুলি ৰ'জভেলীৰ বিষয়া অৰূপ ভট্ৰাচাৰ্যই জানিবলৈ দিয়ে ৷
আনহাতে কলকতা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শুভাশীষ চক্ৰৱৰ্তীৰ মতে এয়া নিয়ম মাফিক অভিযান। ৰ’জভেলীৰ অৰ্বিট হোটেলসমূহ প্ৰথম শ্ৰেণীৰ হোটেল । ইয়াৰ উপাৰ্জন ই ডিত জমা হয় ৷
অৰ্বিট গ্ৰুপৰ লখিমপুৰৰ মালিনী হোটেলৰ উপাৰ্জন ৰ’জভেলীৰ আন হোটেল সমূহতকৈ তুলনামূলকভাৱে মিল নাই । সেয়ে ই ডিৰ লগতে অধিবক্তাৰ দলে ক্ষেত্ৰভিত্তিক এই তথ্য পৰ্যালোচনা কৰে । ইফালে অৰূপ ভট্টাচাৰ্য্যৰ মতে অচিৰেই ৰ’জভেলীৰ বিনিয়োগকাৰীসকলে তেঁওলোকৰ ধন অন লাইন পৰ্টেলত আবেদন কৰি লাভ কৰিব । অচিৰেই এই ধন প্ৰাপ্তিৰবাবে ই ডিয়ে পৰ্টেল মুকলি কৰিব বুলি উল্লেখ কৰে ৷
Also Read: হেড কনিষ্টবল কুশৰাম শইকীয়াক নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা