বানত ডুবিল ঘিলামৰা- গোগামুখ ৰাজ্যিক ঘাইপথ...

বানত ডুবিল ঘিলামৰা- গোগামুখ ৰাজ্যিক ঘাইপথ...
বানত ডুবিল ঘিলামৰা- গোগামুখ ৰাজ্যিক ঘাইপথ...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত দীৰ্ঘদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহিছে গাই আৰু জীয়াধলৰ লগতে কুমতিয়া নদী। নদী কেইখনৰ বৰ্ধিত জলস্তৰৰ বাবে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কিছুসংখ্যক গাঁও আৰু অনুষ্ঠান প্ৰতিস্থান জলমগ্ন হোৱা পৰিলক্ষিত হৈছে।

সোমবাৰৰ পুৱাৰ পৰাই বৃদ্ধি পাই থকা নদীসমূহৰ জলস্তৰৰ বাবে ঢকুৱাখনা ঘিলামৰা হৈ গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ ঘিলামৰা অংশৰ চামপৰাৰ বিস্তৃত অংশ বাঢ়নী পানীয়ে ডুবাই পেলাই অশনি সংকেত নমাই আনিছে। ৰাজপথৰ ওপৰত চামপৰা পথৰ লগতে চামপৰা কজ ৱে'ৰ ওপৰত প্ৰায় ডেৰ ফুট পৰ্যন্ত পানী উঠি জনজীৱন বিপৰ্যয় কৰি তুলিছে।

তাৰোপৰি উক্ত ব্যস্ত পথৰ চামপৰা দলংৰ এটা এপ্ৰ'চৰ কিছু অংশ বৰষুণে খহাই  নিয়াৰ ফলত বিপদাপন্ন অৱস্থাৰ সূত্ৰপাত ঘটিছে। লোকনির্মাণ বিভাগে পথৰ উক্ত খহনীয়াগ্ৰস্ত অংশত সঙ্কেত চিহ্ন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে। ইপিনে বাঢ়নী পানীয়ে মেলেকি, দক্ষিণ গাঁও, বাংকেলেং, কেছেৰুগুৰি আদি গ্ৰামাঞ্চলৰ ঘৰ-বাৰি, খেতি পথাৰ আদি বিস্তৰ এলেকা জলমগ্ন কৰি জনজীৱন সন্ত্ৰস্ত কৰি তুলিছে।

বানত ডুবিল ঘিলামৰা- গোগামুখ ৰাজ্যিক ঘাইপথ...
ধেমাজি আৰক্ষীয়ে আত্মসাৎ কৰিলে নেকি নকল সোণ ব্যৱসায়ীৰ পৰা জব্দ কৰা ধন !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in