সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন...

সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন...
সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: আঞ্চলিক ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখন ঢকুৱাখনাত অনুষ্ঠিত হ'ব। ঢকুৱাখনা ব্লক সমিতিৰ আতিথ্যত, ঘিলামৰা আৰু বগীনদী ব্লক সমিতিৰ যৌথ সহযোগত অহা ১০,১১ আৰু ১২ মাৰ্চত ঢকুৱাখনা নগৰৰ টাউন তিনিআলিৰ পীতাম্বৰ গগৈ ক্ষেত্ৰত অনুস্থিতব্য এই তিনিদিনীয়া অধিবেশনৰ বাবে দেওবাৰে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

এই সন্দৰ্ভত ঢকুৱাখনা নগৰৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰাংগণত দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি সুনীল কুমাৰ পেগুৱে।

দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিৰণ্য দত্ত, সাধাৰণ সম্পাদক ৰাজু খনিকৰ ,  সদস্য কনক কোঁৱৰ, ঢকুৱাখনা ব্লক সভাপতি লক্ষ্য নাথ দলে, সম্পাদক মুকুন্দ বৰুৱা, ঘিলামৰা ব্লক সমিতিৰ সভাপতি তুলাৰাম কুম্বাং ,সম্পাদক চিত্ৰ সেনাপতি, বগীনদী ব্লক সমিতিৰ সভাপতি সম্পাদক কানু হাজৰিকা সহ গৰিষ্ঠ সংখ্যক দলীয় বিষয় ববীয়া , মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য অনিল পায়েং (বগীনদী) , বিউটি পেগু(ঢকুৱাখনা) ৰ উপৰিও বহু কেইগৰাকী দলীয় কৰ্মকর্তা উপস্থিত থাকি কেন্দ্ৰীয় অধিবেশনখন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন দিশ পৰ্যালোচনা কৰে ।

সভাতেই লক্ষী কোঁৱৰক সভাপতি, ডিম্বেশ্বৰ দাসক কাৰ্যকৰী সভাপতি, যতীন পেগুক সাধাৰণ সদস্য হিচাবে সৰ্বসন্মত ভাবে নিৰ্বাচিত কৰি এখন ১০০ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয়। সম অধিকাৰ ,সম মৰ্যদা আৰু সম উন্নয়নৰ অগ্ৰগামী ৰাজনৈতিক যাত্ৰা অবিৰত আৰু অপ্ৰতিৰোধ্য কৰাৰ লক্ষ্য উদ্দেশ্যৰে গঠিত গনশক্তি দলৰ কেন্দ্ৰীয় অধিবেশনখন ঢকুৱাখনাত সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ বাবে অভ্যৰ্থনা সমিতিয়ে সৰ্বশ্ৰেণী ৰাইজৰ আন্তৰিকতাপূৰ্ণ সহায় সহযোগিতা  কামনা কৰিছে।

সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতি গঠন...
কোকৰাঝাৰৰ পেট্ৰ'ল পাম্পত চাঞ্চল্যকৰ ডকাইতি কাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in