ডিজিটেল সংবাদ, ঢকুৱাখনা: এটা পৰ্যাপ্ত সা সুবিধা আৰু আন্তঃগাঁঠনি বিশিষ্ট অত্যাধুনিক চিকিৎসালয় গৃহৰ অভাৱত যুগ যুগ ধৰি দুৰ্ভোগ ভুগী আহিছিল বৃহত্তৰ ঢকুৱাখনাবাসীয়ে । প্ৰায় তিনি লক্ষাধিক নাগৰিকৰ স্বাস্থ্য সুৰক্ষাৰ একমাত্ৰ নিৰ্ভৰশীল চৰকাৰী খণ্ডৰ চিকিৎসালয় ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ সুদীর্ঘ দিনীয়া এই জটিল সমস্যাই সোমবাৰে স্থায়ী সমাধানৰ মুখ দেখাৰ দিশে আগবাঢ়িছে ।
১৮৫৭ চনৰ ঢকুৱাখনা সদৰত প্ৰতিষ্ঠা হোৱা চিকিৎসালয়খনে পৰৱৰ্তী সময়ত ১৯৭৮ চনত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ১৯৯৬ চনত সামূহিক স্বাস্থ্য কেন্দ্ৰ, ২০০৫ চনত "ফাৰ্ষ্ট ৰেফাৰেল ইউনিত" আৰু ২০০৮ চনত মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত হৈছিল। পাছত স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন সমস্যা দূৰীকৰণৰ লক্ষ্যৰে সোমবাৰে এই চিকিৎসালয়খনৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই । বৰ্তমানৰ চিকিৎসালয়খনৰ সন্মুখত চিকিৎসালয়খনৰ নিজা ভূমিত আধাৰশিলা স্থাপনৰ পাছত এক সভা অনুষ্ঠিত কৰা হয়।
লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুনীন গগৈয়ে উদ্বোধনী ভাষণ দিয়া সভাৰ আঁত ধৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লখিমপুৰ জিলাৰ আঁচনি প্ৰবন্ধক দেবাঙ্গ বিকাশ গগৈয়ে । এই আধাৰশিলা স্থাপন অনুষ্ঠানৰ সতে সংগতি ৰাখি অনুষ্ঠিত জনাকীৰ্ণ সভাতেই ঢকুৱাখনা বিধান সভা সমষ্টিত "প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা"ৰ অধীনৰ "আয়ুষ্মান ভাৰত কাৰ্ড" বিতৰণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয় ।
ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতা, মহকুমা চিকিৎসাও স্বাস্থ্য বিষয়া ডাঃ মনেশ্বৰ সোণোৱাল, ডাঃ অতুল খাউণ্ড, খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহু , লখিমপুৰ জিলা পৰিষদৰ সভাপতি মঞ্জু বৰগোঁহাইকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক ৰাইজ, জ্যেষ্ঠ নাগৰিক, ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ সমূহ চিকিৎসক, স্বাস্থ্য কৰ্মীসকল উপস্থিত থকা সভাত বিধায়ক দলে, সাংসদ বৰুৱা, মহকুমাধিপতি কলিতা আদিয়ে নিজৰ বক্তব্য ৰাখে ।
লগতে "আয়ুষ্মান ভাৰত কাৰ্ড" গ্ৰহণ কৰিবলৈ প্ৰতিগৰাকী ৰেচন কাৰ্ড থকা ব্যক্তি পৰিয়াললৈ আহ্বান জনায় । তদুপৰি চৰকাৰে আগবঢ়োৱা বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনিৰ দ্বাৰা ৰাইজে উপকৃত হ'ব পাৰিব বুলিও মন্তব্য প্ৰদান কৰে ।
লখিমপুৰ জিলাখনত বৰ্তমান পৰ্যন্ত মুঠ ৬ লাখ ৮৩ হাজাৰ ৯৪৯ গৰাকী এই আঁচনিৰ হিতাধিকাৰী আছে । ইয়াৰে মুঠ ৫ লাখ ৫০ হাজাৰৰো অধিক ব্যক্তিৰ "ই-কে ৱাই চি" সম্পন্ন কৰা হৈছে । বাকী থকা ৰাইজক অতি শীঘ্ৰেই "ই-কে ৱাই চি" আঁচনিৰে উপকৃত হৈ ৫ লাখ টকা পৰ্যন্ত এই স্বাস্থ্য বীমা যোজনাৰ সুবিধা লবলৈ আহ্বান জনায়। সভাৰ পূৰ্বে চিকিৎসালয় চৌহদত পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা হয় ।
স্মৰ্তব্য যে মহকুমা সদৰত অৱস্থিত এইখন চৰকাৰী খণ্ডৰ চিকিৎসালয়ত দেখা দিয়া আন্তঃগাঁঠনি, পৰ্যাপ্ত গৃহৰ অভাৱত ৰোগীয়ে ভুগি অহা জীয়া যন্ত্ৰণাৰ সন্দৰ্ভত এক তথ্য সমৃদ্ধ বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ ৪ মে'ৰ সংখ্যাত প্ৰকাশ হৈছিল । প্ৰকাশিত এই বাতৰি ড০ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ কৰাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী গৰাকীৰ বিশেষ তৎপৰতাৰ অন্তত সোমবাৰে চাৰি মহলীয়া গৃহ নিৰ্মাণ আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভ কৰা হয় ।
Also Read: তেজৰ চেকুৰাৰে লিপিবদ্ধ ইতিহাস বুকুত লৈ বালাছোৰত পুনৰ আৰম্ভ হ'ল ৰে'ল সেৱা...