অৱশেষত ঘিলামৰা আৰক্ষীৰ জিম্মাত "লেডী ডন"

এগৰাকী গুৰু গোঁসাই নমনা যুৱতী । পিতৃ-মাতৃ, আত্মীয় স্বজন, গাঁৱৰ গঞা কাকো নামানে যুৱতীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
অৱশেষত ঘিলামৰা আৰক্ষীৰ জিম্মাত "লেডী ডন"

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এগৰাকী গুৰু গোঁসাই নমনা যুৱতী । পিতৃ-মাতৃ, আত্মীয় স্বজন, গাঁৱৰ গঞা কাকো নামানে যুৱতীগৰাকীয়ে। দিন-ৰাতি একাকাৰ কৰি হাতত এখন চোকা অস্ত্ৰ লৈ ৰুদ্ৰমূৰ্তি ধৰি অহেতুক সন্ত্ৰাস চলোৱা যুৱতীকক "লেডী ডন" বুলিয়েই সকলোৱে জানে। উদণ্ড যুৱতীগৰাকীৰ ত্ৰাসত ডেকা-বুঢ়া, বৃদ্ধ-বৃদ্ধা  সকলো ত্ৰস্তমান।

কেতিয়া কাক আক্ৰমণৰ লক্ষ্য কৰি লয় সেয়া কোনেও নাজানে। কাৰোবাক যদি চোকা অস্ত্ৰ লৈ মাৰিবলৈ খেদি গৈছে কাৰোবাক আকৌ মৰিয়াই হাত-মূৰ ভাঙি দিছে। এই স্বয়ম্ভূ "লেডী ডন"গৰাকীৰ নাম লিলি চুতীয়া। ঘৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মৰনৈ পঞ্চায়তৰ কৌপাটনি গাঁৱত। গাঁওখনৰ  টংকেশ্বৰ চুতীয়া আৰু হিমেশ্বৰী চুতীয়াৰ প্ৰায় ৩৫ বছৰীয়া এইগৰাকী কন্যাই সুদীৰ্ঘকাল ধৰি বৃদ্ধ ৰোগীয়া পিতৃ-মাতৃৰ লগতে সমগ্ৰ এলেকাত মানসিক আৰু শাৰীৰিক সন্ত্ৰাস চলাই আহিছিল।

বিগত দিনবোৰৰ লগতে বৃহস্পতিবাৰেও বিনা কাৰণত এই গৰাকী উন্নাসিক যুৱতীয়ে ঘৰত তাণ্ডৱ চলাই বৃদ্ধ পিতৃ-মাতৃক নিৰ্মমভাবে প্ৰহাৰ কৰে। কোনো কাৰণ নথকাকৈ যুৱতীগৰাকীয়ে মাতৃৰ হাত, মূৰ, পিঠি আৰু ভৰিত মৰিয়াই গুৰুতৰ ভাবে জখম কৰে। যুৱতীগৰাকীৰ এনে ধাৰাবাহিক উদণ্ড আচৰণত অতিষ্ঠ গঞাই বহুবাৰ ঘিলামৰা আৰক্ষীক অৱগত কৰি অহাৰ পাছতো আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰা নাছিল। শেহতীয়া ভাবে বৃহস্পতিবাৰে এনে তাণ্ডৱৰ পুনৰাবৃত্তি ঘটোৱাত গাঁওখনৰ মহিলা সমাজ অৱগত হোৱাত ঐক্যবদ্ধ হৈ ঘিলামৰা থানাত উপস্থিত হৈ অভিযোগ দিয়ে।

ভুক্তভোগী মাতৃ
ভুক্তভোগী মাতৃ

ঘিলামৰা আৰক্ষীয়ে শুকুৰবাৰে গাঁওখনত উপস্থিত হৈ উন্মত্ত যুৱতীগৰাকীক আটক কৰি থানালৈ নিয়ে। যুৱতীগৰাকীয়ে থানাৰ ভিতৰতো অভব্য আচৰণ, চিঞৰ-বাখৰ কৰি উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে। থানাত দুৰ্ভগীয়া বৃদ্ধ পিতৃ-মাতৃ আৰু গঞা মহিলা সমাজ উপস্থিত হৈ নিৰন্তৰভাবে বিনা কাৰণত এনে আতংকৰ সৃষ্টি কৰি শান্তি শৃংখলা আৰু শৈক্ষিক স্বাভাৱিক পৰিৱেশ বিনষ্টকাৰী যুৱতীগৰাকীক আজীৱন কাৰাগাৰত ৰখা অথবা ফাঁচী দিয়াৰ দাবী জনাই আৰক্ষীক।

দুৰ্ভগীয়া বৃদ্ধ পিতৃ-মাতৃয়ে নিজ ঘৰতে একেলগে বাস কৰা কন্যাৰ হাতত দুয়োৰে ভৱিষ্যত সুৰক্ষিত নহয় বুলি আৰক্ষীক জানিবলৈ দি প্ৰাণৰ নিৰাপত্তাহীনতাত ভোগা বুলি কৈ কঠোৰতম শাস্তি বিহাৰ দাবী জনায়। এই সন্দৰ্ভত ঘিলামৰা আৰক্ষীয়ে গোচৰ ৰুজু কৰি উদণ্ড যুৱতীগৰাকীক নিজৰ জিম্মাত ৰাখিছে। অৱশ্যে যুৱতীগৰাকীৰ এনে উন্নাসিক আৰু উদণ্ড আচৰণৰ প্ৰকৃত কাৰণ পিতৃ-মাতৃ আৰু গাঁওবাসীৰ অজ্ঞাত । আৰক্ষীৰ সোধা-পোচৰ পাছতহে এই কথা পোহৰলৈ আহিব। সেয়া যি কি নহওঁক আৰক্ষীৰ জিম্মাত থকা দিন কেইটা দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে যে স্বস্তিৰে শান্তিৰে কটাব পাৰিব সেয়া নিশ্চিত।

Also Read: কৰিমগঞ্জৰ পেটেল নগৰত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে মৃত্যু এজনৰ

Assam police