ডিজিটেল সংবাদ, ঢকুৱাখনা : এটা ৰাজপথৰ অস্তিত্ব লোপ পাই এতিয়া পতিত হৈছে বিপদ গহ্বৰলৈ। ঘিলামৰা লোকনিৰ্মাণ বিভাগৰ বেপৰোৱা চৰিত্ৰ আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদাসীন ভূমিকাই গুৰুত্বপূৰ্ণ পথটোক মৃত্যু গহ্বৰলৈ পৰ্যবসিত কৰিছে বুলি ব্যাপক চৰ্চা চলিছে ঘিলামৰাৰ হাটে-বাটে। ঘিলামৰা-গোগামুখ ৰাজ্যিক ঘাইপথৰ পৰা ঘিলামৰা চামপৰা লেফ্ট বেংকহৈ দক্ষিণ ঘিলামৰা সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটো আজিৰ দিনত মৰণফান্দ হিচাবে পৰিচিত হৈ আহিছে।
প্ৰায় ৩.৭২ কিলোমিটাৰ দৈৰ্ঘৰ পথটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল । ঠিকাদাৰ সুশীল আগৰৱালাৰ সীমাহীন ক্ৰুটিপূৰ্ণ নিৰ্মাণ পদ্ধতিৰ বাবে দুৰ্বল ৰূপ লোৱা এই পথটোত এতিয়া চামপৰা নদীৰ তাণ্ডৱ চলি সমগ্ৰ পথছোৱা অস্তিত্বহীন হৈ পৰিছে। প্ৰায় ১কোটি ৩৮ লাখ টকা ব্যয় সাপেক্ষ কেন্দ্ৰীয় আঁচনিৰ পকীপথৰ অৱশিষ্ট হিচাবে সামান্য অংশহে বাকী ৰোৱাত বৃহত্তৰ দক্ষিণ ঘিলামৰাবাসীয়ে মৰণত শৰণ দি যাতায়ত কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। স্থানীয় ভুক্তভোগী ৰাইজে অভিযোগ কৰা মতে ২০১৮ চনত ঠিকাদাৰ সুশীল আগৰৱালাই অতি নিম্ন মানৰ কামেৰে নিৰ্মাণ কৰা দুৰ্বল পথটোৰ বিশাল অংশত সমীপৰে প্ৰবাহিত চামপৰা নদীখনে প্ৰতিনিয়ত আক্ৰমণ চলাই বিস্তৰ ক্ষতিসাধন কৰাই নহয় যিকোনো মুহূৰ্তত পথচোৱা ছিঙি বিচ্ছিন্ন কৰাৰ উপক্ৰম ঘটিছে।
পথছোৱাৰ প্ৰায় আধা অংশ খহাই নি ভয়ানক বিপদৰ আগজাননী দি অহাৰ পাছতো এই ভয়ংকৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে জিলা প্ৰশাসন অথবা ঘিলামৰা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগে কোনো কৰ্ম আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। পৰিণতিত ঘিলামৰাৰ পৰা ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান সংযোগী সদাব্যস্ত বিপদ গহ্বৰ সদৃশ পথেৰে কেচেৰুগুৰি, বাংকেলেং, দক্ষিণ ঘিলামৰা, কোঁৱৰ বাৰী, কঁঠালগুৰী, বালিপুখুৰী, শিয়ালমাৰী, গা ডাঙৰচুক, বিলমুখ আদি গাঁৱৰ নাগৰিকে চুলিৰ আগত জীউ লৈ বছৰ বছৰ ধৰি যাতায়ত অব্যাহত ৰাখিছে। বিগত দুটা বছৰৰ আগৰ পৰাই চামপৰা নদীখনে এই পথটোৰ ওপৰত তীব্ৰ পানীৰ হেঁচা দি বিস্তৰ অংশ খহাই নি অশনি সংকেত দি আহিছিল । পৰৱৰ্তী বছৰটো ভয়াৱহ হাৰত খহনীয়া চলাই নদীখনে পথটোৰ বিশাল অংশ উটুৱাই নিয়াৰ পাছত লোকনিৰ্মাণ বিভাগে নিজৰ ব্যৰ্থতা ঢাকিবলৈ বাঁহৰ স্পাৰ মাৰি, বালি ভৰ্তি বস্তা, জেং-জাৱৰ পেলাই দায়িত্ব সামৰিলে।
ৰাইজৰ অভিযোগ, প্ৰতি বছৰ বাৰিষাৰ বানৰ ঢলে পথটোৰ ওপৰত সন্ত্ৰাস সৃষ্টি কৰাৰ পাছতো খৰালি স্থায়ী খহনীয়া প্ৰতিৰোধ আঁচনি গ্ৰহণ নকৰি বান বাৰিষা অস্থায়ী আঁচনি ৰূপায়ন কৰিবলৈ ৰহস্যজনকভাবে খাপ পিতি থাকে ঘিলামৰা লোকনিৰ্মাণ বিভাগৰ অভিযন্তা গৰাকীয়ে। যাৰ বাবে পথটোৰ বিস্তৰ অংশ নদীৰ গৰ্ভত লীন যোৱাৰ সমান্তৰালভাবে দুৰ্বিসহ আৰু ভয়ংকৰ যাতায়ত অব্যাহত ৰাখিব লগাত পৰিছে নাগৰিকসকলে। ভুক্তভোগী ৰাইজে জনোৱা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে বিপদ সংকুল পথৰ সুৰক্ষাজনিত দিশৰ সাৰ্বজনীন নিৰ্দেশৰ পাছতে জিলা উপায়ুক্ত শোণিত সত্বাৱনে এই মৃত্যু গহ্বৰ অংশৰ অৱস্থা পৰিদর্শন কৰিবলৈ পথত উপস্থিত হৈছিল। ঘিলামৰা ক্ষেত্ৰীয় লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা কনক বড়োৱেও উপস্থিত হৈ স্বচক্ষে ভৱিষ্যতৰ নিৰ্মম ভয়াৱহতা প্ৰত্যক্ষ কৰিছিল । কিন্তু উপায়ুক্তৰ আগমনৰ পূৰ্বে সম্পূৰ্ণ এফাল পথ উচন যোৱা অংশত বাঁহৰ স্পাৰ মাৰি, বালি ভৰ্তি বস্তা পেলাইয়ে নাকত তেল দি পুনৰ নিদ্ৰাত মগ্ন হ'ল বিভাগীয় বিষয়া ।
উপায়ুক্ত গৰাকীয়েও চালে আৰু পাহৰিলে অঞ্চলবাসীৰ দৈনিক জীয়া যন্ত্ৰণাৰ ছবিখন। জিলা উপায়ুক্ত গৰাকীৰ লগতে লোকনিৰ্মাণ বিভাগৰ নিষ্কর্মা কাৰ্যবাহী অভিযন্তাই স্বচক্ষে ভয়াৱহতা দেখি যোৱাৰ পাছতো আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নেদেখিলে ভুক্তভোগী ৰাইজে। বৃহত্তৰ অঞ্চলবাসী নাগৰিকৰ স্পর্শকাতৰ সমস্যাটোৰ স্থায়ী নিষ্পত্তিৰ বাবে এনেবোৰ দায়িত্বশীল পক্ষই গ্ৰহণ কৰা উদাসীন মনোভাৱত অতিষ্ঠ নাগৰিক। উপায়ন্তৰ ভুক্তভোগীয়ে টঙালি বান্ধিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ বিচাৰি ৰাজহুৱা অভিযোগ সম্বলিত পত্ৰ প্ৰেৰণৰ বাবে।
বছৰ বছৰ ধৰি এই স্পৰ্শকাতৰ সমস্যাটোক লৈ নিৰ্লজ হেতালি খেলি অহা অদক্ষ কাৰ্যবাহী অভিযন্তা বড়োৰ অকমন্যতাক প্ৰধান জগৰীয়া কৰি ভুক্তভোগী ৰাইজে বৃহত্তৰ অঞ্চলবাসী প্ৰত্যক্ষ যোগাযোগ বিচ্ছিন্ন হোৱাৰ পূৰ্বে এক ফলপ্ৰসূ কৰ্ম আঁচনি গ্ৰহণ কৰি খহনীয়া প্ৰতিৰোধৰ লগতে পথতো যাতায়তৰ সুচল কৰি দিয়াৰ বাবে ৰাইজে মুখ্যমন্ত্ৰীৰ জৰুৰী হস্তক্ষেপ দাবী জনাই অচিৰেই সমজুৱা অভিযোগ প্ৰেৰণ কৰিব বুলি "অসমীয়া প্ৰতিদিন ডিজিটেল"ক জানিবলৈ দিয়ে।
ইপিনে ঢকুৱাখনা সমষ্টিৰ তথাকথিত সফল বিধায়ক নৱ কুমাৰ দলেৰো কুম্ভকৰ্ণ নিদ্ৰা ভগা নাই এই জটিল সমস্যাটোকলৈ। সমষ্টিটোৰ এই বৃহত্তৰ অঞ্চলবাসীক এনে অবৰ্ণনীয় দুৰ্ভোগৰ মাজত ককবকাই থাকিবলৈ দি ৰং চোৱা বিধায়ক নৱ দলেৰ এনে বেপৰোৱা নীতিক ভুক্তভোগী নাগৰিকে একেমুখে ককৰ্থনা কৰি আহিবলগীয়া সময়ত যথোচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিছে।
Also Read: নলবাৰীত পুনৰ যৌন নিৰ্যাতনৰ ঘটনা...