ডিজিটেল সংবাদ ,ঢকুৱাখনা: শিক্ষা বিভাগে ৰাজ্যখনৰ বিদ্যালয়সমূহক শিক্ষা সেতুকে ধৰি অত্যাধুনিক পদ্ধতিৰে সম্পৃক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কিন্তু ঢাকোৱা মহকুমাৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয় আছে যত এই পদ্ধতি পৰিচালনা কৰিবলৈ এগৰাকী দায়িত্বশীল প্ৰধান শিক্ষক নাই। বিদ্যালয়খনৰ গুণগত শিক্ষা দানৰ লগতে মধ্যাহ্ন ভোজনৰ দিশটো পৰিচালিত কৰিবলৈ এগৰাকী মুৰব্বী শিক্ষক নাই।
ঢকুৱাখনা মহকুমাৰ প্ৰাথমিক শিক্ষা বিভাগটোৰ এনে লাওঁলোৱা অৱস্থা বিৰাজ কৰা বিদ্যালয়খন হ'ল বেথাৰাম পেগু মেমৰীয়েল মধ্য ইংৰাজী বিদ্যালয় । ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত পূব ঢকুৱাখনা মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ এইখন বিদ্যালয় বিগত ধৰি প্ৰধান শিক্ষক অবিহনে পৰিচালিত হৈ আহিছে । ১৯৮২ চনতে পূব ঢকুৱাখনাবাসীৰ প্ৰচেষ্টাত স্থাপিত এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলাল গগৈৰ যোৱা ১৪ অক্টোবৰত মৃত্যু ঘটিছিল। পৰৱৰ্তী সময়ৰ পৰাই এগৰাকী স্থায়ী প্ৰধান শিক্ষকক নিযুক্তি দিয়াৰ ক্ষেত্ৰত ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুৎ গগৈয়ে গুৰুত্ব আৰোপ নকৰাত এক বিশৃংখল অৱস্থাৰ সূত্ৰপাত ঘটিছে।
প্ৰয়াত প্ৰধান শিক্ষক দুলাল গগৈৰ অবৰ্তমানত ৰাইজ, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে যুটীয়া ৰাজহুৱা সভা অনুষ্ঠিত কৰি বিদ্যালয়খনৰ শৈক্ষিক মানদণ্ডৰ লগতে সুস্থ পৰিচালনা অব্যাহত ৰখাৰ স্বাৰ্থতে বিদ্যালয়খনৰ সহকাৰী শিক্ষক গজেন চমুৱাক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণৰ বাবে শিক্ষা বিষয়া গৰাকীক দাবী জনাই ৰাজহুৱা প্ৰস্তাৱ দাখিল কৰিছিল। তাৰোপৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিৰেন মিলি, নেতৃস্থানীয় জ্যেষ্ঠ নাগৰিক পৰীক্ষিত মিলি, ঘন কুলি, দধীৰাম টাৱ, খগেন মিলি, শৰৎ মিলি আদি বিভিন্ন ব্যক্তিয়ে মুৰব্বীবিহীন হৈ পৰা বিদ্যালয়খনত সহকাৰী শিক্ষক চমুৱাক ভাৰপ্ৰাপ্ত প্ৰধানৰ দায়িত্ব দি সুচাৰুভাৱে পৰিচালনাৰ আহ্বান জনাই ৰাজহুৱা সভাৰ প্ৰস্তাৱ দাখিল কৰি আহিছিল শিক্ষা বিষয়াক।
কিন্তু চৰকাৰী খণ্ডৰ এইখন বিদ্যালয়ৰ এই জটিল আৰু গুৰুত্বপূৰ্ণ অভাৱ পূৰণৰ প্ৰতি ৰহস্যজনক কাৰণত গুৰুত্ব আৰোপ কৰা নাই প্ৰাথমিক শিক্ষা বিষয়াই। পৰিণতিত ব্যাপক অচলাৱস্থাই বিৰাজ কৰিছে বিদ্যালয়খনত। যোৱা ১৪আগষ্টৰ পৰা উদ্ভৱ হোৱা এনে শিক্ষা বিষয়া সৃষ্ট জটিল সমস্যাৰ আঁৰত বিশেষ স্বাৰ্থ নিৰ্হিত থকা বুলি অভিভাৱক আৰু ৰাইজে অভিযোগ তুলিছে। ৰাইজৰ আশংকা পূব ঢকুৱাখনা মণ্ডল সমল কেন্দ্ৰৰ চি আৰ চি চি ঋতু দাসক প্ৰধান শিক্ষক হিচাবে নিযুক্তিৰ স্বাৰ্থত এনেদৰে বিদ্যালয়খনক সুদীৰ্ঘ দিন ধৰি প্ৰধান শিক্ষকবিহীনভাবে ৰাখি আহিছে শিক্ষা বিষয়া, মুখ্য সহায়ক আৰু এটা স্বাৰ্থপৰ চক্ৰই। যিটো ৰাইজ, অভিভাৱক আৰু বিদ্যালয় পৰিয়ালে নিবিচাৰে।
ৰাইজ অভিভাৱক আৰু মাতৃসকলে সংবাদ মাধ্যমৰ আগত জনোৱা মতে বিদ্যালয়খনতে শিক্ষকতা কৰা এইগৰাকী চি আৰ চি চি দাসে নিয়মীয়া পাঠদান নকৰাৰ লগতে বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত কৰি আহিছে। তেনে এগৰাকী শিক্ষকক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰিলে বিদ্যালয়খনৰ লগতে শিক্ষাৰ্থী সকলৰ ভীষণ ক্ষতি হ'ব। সেয়ে এগৰাকী ৰাইজৰ বিশ্বাসযোগ্য সহকাৰী শিক্ষকক এই গুৰু দায়িত্ব অৰ্পণ কৰাতো ৰাইজৰ কাম্য। কিন্তু তাকে নকৰি সমগ্ৰ বিষয়তোলৈ শিক্ষা বিভাগে পিঠি দি এক অনিশ্চয়তাৰ গ্ৰাসত নিমৰ্জিত কৰি তুলিছে।
উল্লেখ্য যে পূৰ্বে মধ্যাহ্ন ভোজনৰ দায়িত্ব প্ৰাপ্ত সহকাৰী শিক্ষক চমুৱাৰ পৰা এই দায়িত্ব কৰ্তন কৰি শিক্ষা বিষয়াই মাতব্বৰী শাসন চলোৱাৰ বাবে বিগত ২১ দিন ধৰি এই ব্যৱস্থা বন্ধ হৈ আছে । বিদ্যালয়খনৰ শতাধিক শিক্ষাৰ্থী মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আছে। কেৱল ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে এখন বিদ্যালয় আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতক পনবন্দী কৰা এনে কাণ্ডজ্ঞানহীন ভূমিকাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ, সংগঠন, অভিভাৱক, মাতৃ সমাজ ক্ষুব্ধ। ৰাইজ সংগঠনে তৎকালে এনে জটিলতা দূৰ কৰিবলৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া সকলোকে দাবী জনাইছে ।
Also Read: হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...