বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনতকৈ হেনো বহু কাম কৰিছে ৰাজ্য চৰকাৰেঃ প্ৰকাশ কৰিব শ্বেটপত্ৰ...

লখিমপুৰত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণ, জনজাতিকৰণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ
বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনতকৈ হেনো বহু কাম কৰিছে ৰাজ্য চৰকাৰেঃ প্ৰকাশ কৰিব শ্বেটপত্ৰ...
Published on
Updated on

ডিজিটেল সংবাদ লখিমপুৰঃ কংগ্ৰেছৰ বাবেই হেনো অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পৰা নাই। জনজাতিকৰণক লৈ ৰাজ্যজুৰি পুনৰ আন্দোলনৰ পৰিবেশ গঢ়লৈ উঠাৰ সময়তে তাৎপৰ্যপূৰ্ণভাৱে আন্দোলন বৰ্জিত অসমৰ কথা কোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক'লে জনজাতিকৰণৰ আন্দোলন তেৱোঁ বিচাৰে।

আজি লখিমপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ ছয় নং দফাৰ কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ড০ শৰ্মাই জনজাতিকৰণৰ দাবীৰে ৰাজ্যত পুনৰ আৰম্ভ হোৱা আন্দোলনৰ সন্দৰ্ভত কয়, ''জনজাতিকৰণৰ আন্দোলন ময়ো বিচাৰো ৷ আন্দোলন হ’ব লাগে। কংগ্ৰেছ দলৰ বাবেই আমি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা নাই। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত এক সিদ্ধান্ত লৈছিল ৷ এই সিদ্ধান্ত আছিল আন জনজাতিৰ ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে ৷ কিন্তু এই কথা কিছুমানে মানি লোৱা নাই ৷ চুতীয়া আৰু মটকসকল সৈমান হৈছে যদিও বাকী সকলৰ লগত আলোচনা সফল হোৱা নাই৷ যদি তেওঁলোকে আলোচনাৰ মাধ্যমেৰে এই কথা মানি নলয় তেন্তে আমি বিধানসভাত এই বিষয়টো উত্থাপন কৰি পুনৰ সিদ্ধান্ত ল’ব লাগিব৷''

আনহাতে অসম চুক্তি ৰূপায়ণ আৰু ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠন কৰা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ''আমি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনতকৈ অধিক কাম কৰিছো৷ বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা কৈছিল৷ সেয়া আমি কৰিছো৷ প্ৰতিবেদনখনৰ প্ৰায়বোৰ কামেই আমি কৰিছো,কেইটামানহে বাকী আছে। অহা বিধানসভা অধিবেশনত আমি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত কৰা কামৰ শ্বেতপত্ৰ প্ৰকাশ কৰিম ৷ অসমৰ ৰাইজে প্ৰতিবেদনখন পঢ়া নাই ৷ তাত কি আছে সেয়া পঢ়ি চাব লাগে।”

লক্ষণীয় বিষয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাৰ মজিয়াত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰিব বুলি কৈছিল যদিও এই আয়োগে প্ৰতিবেদন প্ৰস্তুত কৰাৰ পিছত সেই প্ৰতিবেদন কাৰ্যকৰী কৰা দূৰৰে কথা প্ৰতিবেদনখন গ্ৰহণেই নকৰিলে।

দিল্লীলৈ প্ৰতিবেদনখন প্ৰেৰণ কৰাৰ বিপৰীতে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেহে আয়োগৰ পৰা প্ৰতিবেদনখন গ্ৰহণ কৰে। ইয়াৰ পিছত ২০২১ ত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাত তেওঁ প্ৰতিবেদনখন পৰ্যালোচনাৰ বাবে আন এক উপ-সমিতি গঠন কৰে।

মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, পীযুষ হাজৰীকাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক লৈ গঠন কৰা এই উপ-সমিতিয়ে প্ৰতিবেদনখন পৰ্যালোচনা কৰি ৩ মাহৰ ভিতৰতে আন এক প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও এই পৰ্যন্ত সেয়া হৈ নুঠিল।

তাৰ বিপৰীতে কেন্দ্ৰয়ো অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বিষয়টো অসম চৰকাৰৰহে বুলি দায়সৰা মন্তব্য কৰি বিষয়টোৰ পৰা ফালৰি কাটিলে। অথচ ৬ নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰিব পৰাকৈ কোনো ক্ষমতা নাই। এনে পৰিস্থিতিত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ নকাৰাকৈ কেনেকৈ ৰাজ্য চৰকাৰে ইয়াৰ পৰামৰ্শ কাৰ্যকৰী কৰিছে সেয়া এক নুবুজা সাঁথৰ।

ইফালে ৰাজ্যত শেহতীয়াকৈ ট্ৰেডিঙক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক অন লাইন ট্ৰেডিঙত ভুল নাযাবালৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, কোনেও ২০, ৩০ শতাংশ অতাৰিক্তভাৱে লাভ দিব নোৱাৰে। এইবোৰ কথাত পতিয়ন গ'লে ৰাইজৰ বিপদ হ’ব ৷ আমি ৩৮ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছোঁ আৰু কেইজনমানক গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ লখিমপুৰত উপস্থিত হৈ পুৱাবেলা কেইবাটাও অভিলাষী প্ৰকল্প আৰু আঁচনিৰ উদ্বোধন,পৰিদৰ্শন কৰাৰ লগতে আৰু আধাৰশিলাও স্থাপন কৰে ৷

বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনতকৈ হেনো বহু কাম কৰিছে ৰাজ্য চৰকাৰেঃ প্ৰকাশ কৰিব শ্বেটপত্ৰ...
মধ্যপ্ৰদেশ হাই ক'ৰ্টৰ বিৰুদ্ধে বম্বে হাই ক'ৰ্টৰ কাষ চাপি মুখ থেকেচা খালে কংগনাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in